ETV Bharat / state

Bodo Kachari Kalyan Autonomous Council: বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ হেতুকে কাৰ্যনিৰ্বাহক সভা

author img

By

Published : May 14, 2023, 9:56 PM IST

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ হেতুকে সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅ’ৰ গুৰুত্বপূৰ্ণ কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় (Executive meeting for redrawing of constituency)৷

Bodo Kachari Kalyan Autonomous Council
বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ হেতুকে কাৰ্যনিৰ্বাহক সভা

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ হেতুকে কাৰ্যনিৰ্বাহক সভা

জোনাই, ১৪ মে': দেওবাৰে আহোম গাঁৱৰ বাথৌপুৰীৰ বড়ো সাহিত্য সভা ভৱনত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ হেতুকে সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅ’ৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিবাহক সভা অনুষ্ঠিত হয় ৷ ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে সভাপতিত্ব কৰা এই সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ইউবিপিঅ’ৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই ( Bodo Kachari Kalyan Autonomous Council)। ইয়াৰ পাচতে ইউবিপিঅ’ৰ শোণিতপুৰ জিলা সমিতিৰ কোষাধ্যক্ষ, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক দেবেন নাৰ্জাৰী, বিকেডব্লিউএচিৰ কাৰ্য্যবাহী সদস্য অমিয় কুমাৰ বসুমতাৰীৰ সহধৰ্মিনী অধ্যাপিকা ড৹ চম্পাৱতী খাকলাৰীৰ অকাল বিয়োগত আৰু বড়ো জাতিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ আত্মাৰ সদগতি কামনাৰে এক মিনিটৰ মৌন প্ৰাৰ্থনা জনায় (Executive meeting for redrawing of constituency)।

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে, ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে এনডিএফবিৰ চাৰিটা গোট, নিখিল বড়ো ছাত্ৰ সন্থা আৰু সংযুক্ত বড়ো গণ মঞ্চৰ মাজত সম্পাদিত হোৱা তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত বিটিএডিৰ বাহিৰৰ বাইশখন জিলাক সামৰি গঠন হোৱা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম ইতিমধ্যে চৰকাৰে আৰম্ভ কৰিছে ৷ অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ তথা পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰ্তৃপক্ষই এই সংক্ৰান্তত জাননী জাৰি কৰিছে ৷ বিভাগীয় কৰ্তৃপক্ষই বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকা প্ৰকাশ কৰিছে ৷ এই বিষয়ত ৰাইজৰ ওজৰ আপত্তি থাকিলে দাখিল কৰাৰ লগতে এই আপত্তিসমূহ মীমাংসা কৰাৰ সময় সীমা প্ৰয়োজন হ’লে বৃদ্ধি কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

সভাত উপস্থিত থাকি ইউবিপিঅৰ উপদেষ্টা শুক্ৰেশ্বৰ গয়াৰীয়ে কয় যে, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বড়ো গাঁও আৰু বড়ো পৰিয়ালৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ভাৰত চৰকাৰৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি তৈয়াৰ কৰিবলৈ লোৱা হৈছে ৷ উক্ত সময়ত চৰকাৰী স্বীকৃতি নথকা বড়ো গাঁৱসমূহ আৰু বড়ো পৰিয়ালসমূহ স্বীকৃতি থকা আন গাঁৱৰ ভিতৰত বৰ্তমান সোমাই থাকিলে সেইখন গাঁৱৰ নামতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চিনাক্তকৰণ কৰা হ'ব ৷ ইয়াত কেৱল বড়ো গাঁও আৰু বড়ো পৰিয়ালসমূহকে অন্তৰ্ভুক্ত কৰা হ'ব ৷ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ ৩৬ টা সমষ্টি গঠন কৰা হ’ব ৷

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অনিল বসুমতাৰীয়ে কয় যে, বড়ো জনগণৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফলত লাভ কৰা বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন পাতি এখন শক্তিশালী স্বায়ত্ব পৰিষদ হিচাবে গঠন কৰিবলৈ চৰকাৰক আহ্বান জনায়।

ইফালে ইউবিপিঅ’ৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই কয় যে, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদত কিছুমান অবড়ো গাঁও অন্তৰ্ভুক্ত হোৱা বুলি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে ৷ প্ৰকৃততে সেয়া হোৱা নাই ৷

লগতে পঢ়ক: Manipur crisis : মণিপুৰৰ পৰা উদ্ধাৰ ৪৫ গৰাকী দৃষ্টিহীন শিক্ষাৰ্থীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.