ETV Bharat / bharat

Manipur crisis : মণিপুৰৰ পৰা উদ্ধাৰ ৪৫ গৰাকী দৃষ্টিহীন শিক্ষাৰ্থীক

author img

By

Published : May 14, 2023, 8:30 PM IST

Updated : May 14, 2023, 8:51 PM IST

Assam Rifle rescue Visually Impaired Students f
দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ

অশান্তজৰ্জৰ মণিপুৰৰ পৰা উদ্ধাৰ কৰা হ’ল কাকচিঙৰ মিছন ব্লাইণ্ড স্কুলৰ ৪৫ গৰাকী দৃষ্টিহীন শিক্ষাৰ্থীক (Assam Rifle rescue Visually Impaired Students from Manipur) ৷ মিছন ব্লাইণ্ড স্কুলৰ অধ্যক্ষ কে পাৰেনাগ কমৰ অনুৰোধ মৰ্মে লগতে উদ্ধাৰ কৰা হয় স্কুলখনৰ কেবাগৰাকীও সহযোগী কৰ্মচাৰীকো ৷

তেজপুৰ, ১৪ মে’ : এতিয়াও উমি উমি জ্বলি আছে মণিপুৰ হিংসাৰ জুইকুৰা (Violence hit Manipur) ৷ প্ৰতিদিনাই সস্তম হৈ আছে মণিপুৰ প্ৰশাসন কিম্বা আছাম ৰাইফলছ ৷ ৰাজ্যখনত জাৰি কৰা সান্ধ্য আইনকে ধৰি কটকটীয়া নিৰাপত্ত ব্যৱস্থাৰ বাবে এতিয়াও কিছু অঞ্চলত গোমা পৰিৱেশে বিৰাজ কৰি আছে ৷

শেহতীয়া খবৰ অনুসৰি, দেওবাৰে মণিপুৰৰ পৰা উদ্ধাৰ কৰা হয় ৪৫ গৰাকী দৃষ্টিহীন শিক্ষাৰ্থী (Assam Rifle rescue Visually Impaired Students from Manipur) ৷ এই শিক্ষাৰ্থীকেইগৰাকীৰ সৈতে আছাম ৰাইফলছে উদ্ধাৰ কৰে কাকচিঙৰ মিছন ব্লাইণ্ড স্কুলৰ কেইবাগৰাকী সহযোগী কৰ্মচাৰীকো ৷ তথ্য অনুসৰি, মিছন ব্লাইণ্ড স্কুলৰ অধ্যক্ষ কে পাৰেনাগ কমৰ অনুৰোধ মৰ্মে মণিপুৰত আৱদ্ধ হৈ থকা দৃষ্টিহীন শিশু আৰু সহায়ক কৰ্মচাৰীক উদ্ধাৰৰ বাবে এটা আভ্যন্তৰীণ নিৰাপত্তাৰ অভিযান (Internal Security column) মুকলি কৰা হয় ।

তাৰ পাচতে সেই আভ্যন্তৰীণ নিৰাপত্তাৰ বাহিনীৰ সহায়তে শিশুসহ কেবাটাও পৰিয়াক নিৰাপদ স্থানলৈ পঠিওৱা হয় ৷ অশান্ত জৰ্জৰ মণিপুৰত আবদ্ধ হৈ থকাৰ সময়তে আছাম ৰাইফলছে পাৰ্যমানে তেওংলোকক খাদ্য আৰু আশ্ৰয়স্থল প্ৰদান কৰিছিল ৷

Assam Rifle rescue Visually Impaired Students f
দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ

উল্লেখ্য যে, চলিত বৰ্ষৰ মে’ মাহৰ প্ৰথম সপ্তাহত মণিপুৰ ৰাজ্যত সংঘটিত হৈছিল হিংসাত্মক ঘটনা ৷ এই অশান্ত মণিপুৰত মুঠ ৭১ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ২৩১ জন লোক আহত হৈছে বুলি বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে ৷

লগতে পঢ়ক : Manipur Violence Update : কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পোষকতা লৌহ মানৱী ইৰম শৰ্মিলাৰ

আনহাতে, মণিপুৰত এতিয়াও অসমৰ বহু লোক আৱদ্ধ হৈ আছে । অৱশ্যে বহু লোক ঘূৰি আহিবলৈ সক্ষম হৈছে । কিন্তু এতিয়াও মণিপুৰৰ বিভিন্ন প্ৰান্তত অসমৰ নাগৰিক আৱদ্ধ হৈ আছে । অসম চৰকাৰেও উক্ত বিষয়টো গুৰুত্বসহকাৰে লৈ বিভিন্ন পদক্ষেপ হাতত লৈছে । ইয়াৰ মাজতে মাজুলী প্ৰশাসনে লৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ (Majuli administration released helpline number)।

মাজুলীৰ যিসকল ব্যক্তি এতিয়াও মণিপুৰত আৱদ্ধ হৈ আছে তেওঁলোকৰ সহায়ৰ বাবে প্ৰশাসনে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ (Helpline for stranded in Manipur)। নম্বৰ দুটা হৈছে ক্ৰমে ০৩৭৭৫২৭৪৪৯৯ আৰু ৭৬৩৫৯৬১৫২২ । ইফালে অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ চৰকাৰেও মণিপুৰত আৱদ্ধ হৈ থকা নাগৰিকসকলক নিজ নিজ ৰাজ্যলৈ ঘূৰাই নিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Stranded in Manipur : মণিপুৰত আৱদ্ধ লোকৰ বাবে হেল্পলাইন নম্বৰ মুকলি মাজুলী প্ৰশাসনৰ

Last Updated :May 14, 2023, 8:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.