ETV Bharat / bharat

Manipur Violence Update : কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পোষকতা লৌহ মানৱী ইৰম শৰ্মিলাৰ

author img

By

Published : May 6, 2023, 7:41 PM IST

Updated : May 7, 2023, 8:29 AM IST

শনিবাৰে ইটিভি ভাৰতৰ জেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত মণিপুৰত সেনাৰ বৃদ্ধিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতকৈ কেন্দ্ৰীয় চৰকাৰৰ আলোচনাৰ পোষকতা কৰে লৌহ মানৱী ইৰম শৰ্মিলাই (Irom Chanu Sharmila on Manipur violence) ৷

Manipur Violence Update
Manipur Violence Update

কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ পোষকতা লৌহ মানৱী ইৰম শৰ্মিলাৰ

তেজপুৰ, 6 মে': মণিপুৰত সেনাৰ বৃদ্ধিৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাতকৈ কেন্দ্ৰীয় চৰকাৰৰ আলোচনাৰ প্ৰয়োজন অনুভৱ কৰিছে মণিপুৰৰ লৌহ মানৱী ইৰম শৰ্মিলাই ৷ শনিবাৰে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰত এই মন্তব্য কৰে লৌহ মানৱীগৰাকীয়ে (Telephonic interview with Irom Chanu Sharmila) ৷

মণিপুৰৰ পৰিস্থিতিৰ বাবে কিছুদিন পূৰ্বে বক্সিং চেম্পিয়ন মেৰী কমৰ লগতে শৰ্মিলাইও মণিপুৰৰ জনসাধাৰণৰ মাজত শান্তি শৃংখলা অটুট ৰাখিবলৈ আহ্বান জনাইছে । লৌহ মানৱীগৰাকীয়ে দেশৰ মুখ্য ন্যায়াধীশ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণিপুৰলৈ আহি অগ্নিগৰ্ভা পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিব লাগে বুলি বাবে আহ্বান জনাইছে । তেওঁ কয় যে 1947 চনৰ মণিপুৰৰ ভূমি সংস্কাৰ নীতি এই ঘটনাৰ বাবে কিছু পৰিমাণে দায়ী । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ভাৰতৰ গৌৰৱ আৰু সেইবাবেই কেন্দ্ৰীয় চৰকাৰে বিষয়সমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে বুলি লৌহ মানৱীগৰাকীয়ে মন্তব্য কৰে (Irom Chanu Sharmila on Manipur violence) ।

অশান্ত জৰ্জৰ মণিপুৰৰ সকলো ধৰ্মৰ লোককে শান্তিপূৰ্ণ বসবাস কৰিবলৈ আৰু শান্তি শৃংখলা বজাই ৰাখিবলৈ তেওঁ আহ্বান জনাই কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ববাহী বিষয়াসকলে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ বাবে আহ্বান জনায় । প্ৰথম বাৰৰ বাবে সাংবাদ মাধ্যমৰ যোগেদি মণিপুৰৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি শৰ্মিলাই কয় যে , "আমি এখন গণতান্ত্ৰিক দেশৰ লোক আৰু সকলো বিষয় উত্থাপন কৰাৰ আমাৰ অধিকাৰ আছে যদিও সেয়া হিংসাত্মক কাৰ্য কলাপৰে নহয় গণতান্ত্ৰিকভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে ।"

শেহতীয়া পৰিস্থিতি সন্দৰ্ভত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰে কিবা আলোচনা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই বিষয়ে আলোচনা কৰাৰ কোনো প্ৰয়োজনীয়তা আছে বুলি তেওঁ নাভাবে । তেওঁ জম্মু-কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কেন্দ্ৰই কম গুৰুত্ব আৰোপ কৰে বুলি অভিযোগ তোলে । ৰাজ্যখনৰ দুটা জনগোষ্ঠীৰ মাজত হোৱা এই সংঘৰ্ষৰ বাবে চুবুৰীয়া দেশ ম্যানমাৰৰ হাত আছে নেকি বুলি জানিব বিচৰাত এইটো এটা গভীৰ বিষয় বুলি উল্লেখ কৰি এই সন্দৰ্ভত কোনো মন্তব্য আগবঢ়াব নিবিচাৰে বুলি উল্লেখ কৰে (Violence hit Manipur)।

ৰাজ্যখনৰ পৰিস্থিতিৰ শাম কাটিবলৈ সেনাৰ পৰিমাণ বৃদ্ধি কৰিলে সমস্যাৰ সমাধান নহয়, আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায় লৌহ মানৱী গৰাকীয়ে ।

লগতে পঢ়ক : Manipur Violence update: ক্ৰমাৎ নিয়ন্ত্ৰণলৈ মণিপুৰৰ পৰিস্থিতি; শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান সেনাৰ

Last Updated : May 7, 2023, 8:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.