ETV Bharat / bharat

Manipur Violence update: ক্ৰমাৎ নিয়ন্ত্ৰণলৈ মণিপুৰৰ পৰিস্থিতি; শান্তি শৃংখলা বৰ্তাই ৰখাৰ আহ্বান সেনাৰ

author img

By

Published : May 6, 2023, 1:54 PM IST

নিয়ন্ত্ৰণলৈ আহিছে মণিপুৰৰ পৰিস্থিতি ৷ সকলো সম্প্ৰদায়ক হিংসাৰ পথ এৰাই চলিবলৈ আহ্বান জনোৱাৰ লগতে সেনাই শান্তিৰ বাবে আবেদন জনাইছে (Army calls for avoiding violence in Manipur) ৷

Violence in Manipur
নিয়ন্ত্ৰণলৈ মণিপুৰৰ পৰিস্থিতি

তেজপুৰ, 6 মে': অৱশেষত কিছু শাম কাটিছে মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ ৷ শুকুৰবাৰে প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে এক বিবৃতিযোগে অসামৰিক প্ৰশাসনৰ লগতে সেনা, অসম ৰাইফলছ আৰু বায়ুসেনাই মণিপুৰত আইন-শৃংখলা পৰিস্থিতিৰ পুনৰুদ্ধাৰ আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে বিগত প্ৰায় 48 ঘণ্টা ধৰি নিৰৱচ্ছিন্নভাৱে কাম কৰিছে বুলি উল্লেখ কৰে । নিৰাপত্তা বাহিনীৰ তৎপৰতাৰ বাবেই হিংসাত্মক পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলবোৰৰ বিভিন্ন সংখ্যালঘু সম্প্ৰদায়ৰ সকলো নাগৰিকক উদ্ধাৰ কৰা সম্ভৱপৰ হৈছে বুলি বিবৃতিটোত কোৱা হৈছে (Army calls for avoiding violence in Manipur) ।

মণিপুৰৰ কেইখনমান জিলাত সংঘটিত হোৱা আন্তঃসম্প্ৰদায়ৰ সংঘৰ্ষৰ বাবে যোৱা 3 আৰু 4 মে’ত উত্তপ্ত হৈ পৰিছিল মণিপুৰৰ পৰিস্থিতি । ৰাজ্য চৰকাৰ তথা সেনা-আৰক্ষীৰ তৎপৰতাৰ বাবেই চুৰাচান্দপুৰ, কেপিআই, মৰেহ আৰু কাকচিং এতিয়া নিয়ন্ত্ৰণত আছে বুলি বিবৃতিটোত উল্লেখ কৰাৰ লগতে 5 মে’ৰ নিশাৰ পৰা কোনো বৃহৎ হিংসাৰ বাতৰি পোৱা নাই বুলি কোৱা হৈছে (Violence in Manipur )।

Violence in Manipur
অগ্নিগৰ্ভা মণিপুৰ

বিগত 12 ঘণ্টাত ইম্ফল পূব আৰু পশ্চিম জিলাসমূহৰ বিভিন্ন স্থানত অগ্নিসংযোগ কৰি বিক্ষিপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ শত্ৰুপক্ষই চেষ্টা চলায় থকা বুলিও বিবৃতিটোত উল্লেখ কৰা হয় ৷ ৰাজ্যখনৰ অগ্নিগৰ্ভা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা-আৰক্ষীয়ে ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে নিয়মীয়া তহলদাৰী কৰাৰ সমান্তৰালভাৱে স্থানীয় লোক, প্ৰভাৱশালী লোকসকলক তেওঁলোকৰ ব্যক্তিগত সুৰক্ষা সন্দৰ্ভত আশ্বস্ত কৰিবলৈকো বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হৈছিল আৰু বৰ্তমানেও তেনে কাৰ্যপন্থাৰ জৰিয়তেই পৰিস্থিতি নিয়ন্ত্ৰণাধীন কৰিবলৈ চেষ্টা অব্যাহত আছে বুলি উল্লেখ কৰে বিবৃতিটোত (Violence hit Manipur) ।

বিবৃতিটোৰ জৰিয়তে প্ৰায় 13 হাজাৰ সাধাৰণ নাগৰিকক উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমান তেওঁলোকক কোম্পানী অপাৰেটিং বেছ আৰু মিলিটাৰী গেৰিছনৰ বাবে নিৰ্মাণ কৰা এড-হক বৰ্ডিং সুবিধাৰ মাজত ৰখা হৈছে । আজি পৰ্যন্ত ১০০ টাতকৈও অধিক সেনাৰ গোট মণিপুৰত আইন-শৃংখলা পুনৰুদ্ধাৰৰ দিশত অক্লান্তভাৱে কাম কৰি আছে বুলি জানিবলৈ পৰা গৈছে । ইয়াৰোপৰি, বিবৃতিটোৰ জৰিয়তে ভাৰতীয় সেনাই আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু শান্তিৰ আবেদন জনাইছে বুলি উল্লেখ কৰাৰ লগতে সকলো সম্প্ৰদায়ক হিংসাৰ পথ পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে বুলি উল্লেখ কৰে ৷ ৰাজ্যখনৰ হিংসাজৰ্জৰ পৰিস্থিতিৰ সময়ত স্থানীয় লোকক নিৰাপত্তা প্ৰদানত ব্ৰতী ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ প্ৰতি কৃতজ্ঞতা জনাইছে ক্ষতিগ্ৰস্ত ৰাইজে (Official statement over manipur situation) ।

Violence in Manipur
মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ মোতায়েন কৰা হৈছে সেনা

উল্লেখযোগ্য বিষয় যে, ভাৰতীয় সেনাই শ্বেয়াৰ কৰা শেহতীয়া এটা ভিডিঅ’ত ৰাজ্যখনৰ অগ্নিগৰ্ভা পৰিস্থিতৰ পৰা উদ্ধাৰ হোৱা পৰিয়ালবোৰক সেনা আৰু অসম ৰাইফলছৰ নিৰাপত্তা বেষ্টনীত ৰখা দেখা গৈছে । সেনাবাহিনীৰ মতে প্ৰায় 13 হাজাৰ লোকক তেওঁলোকৰ কেম্পাছৰ ভিতৰত থকাৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰকাশ কৰা এক বিবৃতিত সেনাই কয় যে সকলো অংশীদাৰৰ সমন্বিত কাৰ্যৰ জৰিয়তে মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে (Army deployed in violence hit Manipur) ।

ৰাজ্যখনলৈ বায়ুসেনাৰ বিমানযোগে অতিৰিক্ত সুৰক্ষা বাহিনী বিশেষকৈ ভাৰতীয় সেনাৰ অতিৰিক্ত দল ইতিমধ্যে তেজপুৰ আৰু গুৱাহাটীৰ পৰা প্ৰেৰণ কৰা হৈছে । আই এ এফে চি 17 গ্ল'বমাষ্টাৰ আৰু এ এন 32 বিমান দুখনে নিয়মীয়াভাৱে অসমৰ পৰা মণিপুৰলৈ উৰা মাৰিছে ।

লগতে পঢ়ক : Manipur Violence: মণিপুৰৰ প্ৰায় 20 হাজাৰ গৃহহীন লোকক নিৰাপদ স্থানত আশ্ৰয় প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.