যোৰহাট আৰক্ষীয়ে মুকলি কৰিলে হোৱাটছ এপ নম্বৰ - IPL gambling in Assam

By ETV Bharat Assamese Team

Published : May 2, 2024, 10:08 PM IST

thumbnail
হোৱাটছ এপ নম্বৰ মুকলি (ইটিভি ভাৰত অসম)

যোৰহাট, 2 মে’ : আই পি এল জুৱাৰীৰ বিৰুদ্ধে কঠোৰ যোৰহাট আৰক্ষী ৷ বৰ্তমান দেশত চলি আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এল ৷ এই খেলক লৈ চৌদিশে ব্যাপক হাৰত প্ৰয়োভৰ ঘটিছে জুৱাৰ ৷ যাৰ বাবে কঠোৰ হৈ পৰিছে যোৰহাট আৰক্ষী আৰু জুৱা সম্পৰ্কীয় যিকোনো অভিযোগ দাখিলৰ বাবে মুকলি কৰিছে হোৱাটছ এপ নম্বৰ ৷

এতিয়াৰে পৰা যোৰহাট আৰক্ষীক আইপিএল-ৰ জুৱা সম্পৰ্কীয় অভিযোগ দিবলৈ 60269-00672, 60269-00673, 60269-03349 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

এই পদক্ষেপৰ পিছতে মৰিয়নীত আইপিএল জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই তিতাবৰ মহকুমা আৰক্ষীয়ে ৷ এই অভিযানত চাৰিটাকৈ জুৱাৰী ক্ৰমে দেবেৰাপাৰ আৰক্ষী চকীৰ অন্তৰ্গত নকছাৰীৰ ৰজনী বৰুৱা, দিহিঙীয়াপাৰ চাহ বাগিচাৰ ৰাজু মিৰ্ধা, অৰ্জুন কৰ্মকাৰ আৰু পোনেশ্বৰ গুৱালাক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ বিপৰীতে পলাতক অৱস্থাত আছে মেলেং মধুপুৰৰ অচিন্ত্য বৰা, দীপক বৰা আৰু সীমান্ত বৰাৰ লগতে দিহিঙাপাৰ চাহ বাগিচাৰ সুৰেণ চাহু ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.