নলবাৰীত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ, আটক এজন

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 11:51 PM IST

thumbnail

নলবাৰী, 19 জানুৱাৰী: শুকুৰবাৰে নলবাৰী জিলাৰ মুকালমুৱাৰ ঘোগাত বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে নলবাৰী আৰক্ষীয়ে । জিলাখনৰ আদাবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰণী দাসৰ নেতৃত্বত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেটখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

টেবলেটখিনি জব্দ কৰাৰ লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে গোপন সূত্ৰৰ পম খেদি নলবাৰী আৰক্ষীয়ে ঘোগাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে চলাইছিল অভিযান । আৰক্ষীৰ অভিযানত ৫৭৬ টা নিচাযুক্ত টেবলেট জব্দ কৰাৰ লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । আটকাধীন সৰবৰাহকাৰীটোৰ নাম আতাউৰ ৰহমান ।

ধৃত সৰবৰাহকাৰীটোৰ ঘৰ সূতাৰকুচিত বুলি জানিব পৰা গৈছে । জানিব পৰামতে ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছ সৰবৰাহ কৰি আছিল ।

লগতে পঢ়ক: বন্ধ কোঠাত নষ্ট বেহা ! নগাঁৱৰ এটা ঘৰৰ পৰা আটক কেইবাগৰাকীও যুৱক-যুৱতীক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.