বন্ধ কোঠাত নষ্ট বেহা ! নগাঁৱৰ এটা ঘৰৰ পৰা আটক কেইবাগৰাকীও যুৱক-যুৱতীক

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 8:17 PM IST

thumbnail

নগাঁও, 18 জানুৱাৰী: ক্ৰমাৎ বেয়াৰ দিশলৈ গতি কৰিছে নেকি নগাঁৱৰ সামাজিক পৰিৱেশ ? প্ৰতিবেদনটো পঢ়ি বহুতেই হয়তো ভাবিব পাৰে যে, এনে প্ৰশ্নৰ অৱতাৰণাৰ থল কি ? শিক্ষা, সংস্কৃতি, সাহিত্য আদি সকলো দিশতে অগ্ৰণী জিলাখনৰ সামাজিক পৰিবেশৰ ক্ষেত্ৰত এনে প্ৰশ্নৰ অৱতাৰণা কৰাতো সমীচিন নে ? 

হয়তো নহ’লহেতেন যদিহে কেন্সাৰৰ দৰে এফালৰ পৰা নগাঁৱক বৰবিহ ৰূপী ড্ৰাগছে গ্ৰাস নকৰিলেহেতেন ৷ যদিহে চুৰি-ডকাইতি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বাবে নগাঁৱৰ নাম প্ৰায়েই বাতৰিৰ শিৰোনামলৈ নাহিলহেতেন ৷ ড্ৰাগছ, নিষিদ্ধ সামগ্ৰী, অবৈধ মাৰণাস্ত্ৰ, জালনোট, নকল সোণ আদি বিভিন্ন বে-আইনী কাৰ্যকলাপৰ ঘাটিলৈ ক্ৰমাৎ পৰিণত হৈছে নগাঁও ৷ বিগত সময়চোৱাত ইয়াৰ উদাহৰণ ৰাইজে পাই আহিছে ৷

এইবাৰ নগাঁৱত আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত আটক কৰিছে কেইগৰাকীমান যুৱক-যুৱতীক ৷ ৰাইজে সন্দেহ কৰা মতে নগাঁও চহৰৰ লক্ষীনগৰৰ যিটো ঘৰৰ পৰা তেওঁলোকক উদ্ধাৰ কৰা হৈছে, সেই ঘৰটোত চলে দেহ ব্যৱসায় ৷ প্ৰায়েই সেই ঘৰটোলৈ আহে যুৱক-যুৱতী ৷ 

বৃহস্পতিবাৰেও স্থানীয় লোকসকলে কেইগৰাকীমান যুৱক-যুৱতীয়ে ঘৰটোত প্ৰৱেশ কৰা দেখি হয়বৰগাঁও আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ৰাইজৰ সহযোগত ঘৰটোত তালাচী চলাই আটক কৰে তিনিজন যুৱকৰ লগতে যুৱতীক ৷ তাৰোপৰি কেতবোৰ আপত্তিজনক সামগ্ৰীৰ লগতে নগদ ধন, ম’বাইল আদিও জব্দ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ 

লগতে পঢ়ক: সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া সুকন্যা আৰু তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ CM ভিজিলেন্সৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.