ETV Bharat / state

সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া সুকন্যা আৰু তেওঁৰ দুই সহযোগীক গ্ৰেপ্তাৰ CM ভিজিলেন্সৰ

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 2:27 PM IST

Updated : Jan 18, 2024, 2:57 PM IST

Sukanya Borah Arrested : লোকসেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰা হৈছে ৷ লগতে তেওঁৰ দুই সহযোগীকো গ্ৰেপ্তাৰ কৰে CM ভিজিলেন্সে ৷
Sukanya Borah Arrested
লোকসেৱা আয়োগৰ কেলেংকাৰী

গুৱাহাটী, ১৮ জানুৱাৰী : অৱশেষত গ্ৰেপ্তাৰ হ’ল দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া সুকন্যা বৰা ৷ লগতে গ্ৰেপ্তাৰ কৰা হৈছে আন দুজনকো । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে সুকন্যা বৰাক ৷ আয় বহির্ভূত সম্পত্তিৰ পাহাৰ গঢ়ি ৰাজ্যত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল এইগৰাকী এচিএছ বিষয়াই ।

যোৱা প্ৰায় দুমাহে চিএম ভিজেলেন্সে কেইবাবাৰো জেৰা কৰিছিল সুকন্যাক ৷ মাত্ৰ ৮ বছৰ চাকৰি কৰি এক বিশাল সম্পত্তিৰ গৰাকী হৈছিল তেওঁ ৷ সুকন্য বৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হৈছে সুকন্যাৰ সম্পত্তিৰ পাহাৰ গঢ়া অভিযানৰ সহযোগী বুলি অভিযুক্ত আন দুজন লোককো ৷

চামেদ আলী আৰু ভাস্কৰ ডেকা নামৰ দুজনক সুকন্যাৰ লগতে চি এম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছে ৷ ইয়াৰে চামেদ আলী লোক নিৰ্মাণ বিভাগৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী আৰু ভাস্কৰ ডেকা বোলাজন লোক উপ বন সংৰক্ষক ৰূপে কৰ্মৰত ৷ সুকন্যাকে ধৰি তিনিওকে কেইবাবাৰো জেৰাৰ বাবে মাতিছিল যদিও তদন্তত সহযোগিতা নকৰাৰ বাবে অৱশেষত তিনিওকে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, প্ৰথমেই ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰীত জড়িত হৈ চৰ্চাৰ মাজলৈ আহিছিল সুকন্যা বৰা নামৰ ৰাজপত্ৰিত বিষয়াগৰাকী ৷ এই কেলেংকাৰী প্ৰসংগত চাকৰিৰ পৰা নিলম্বিত হোৱা ৰাজপত্ৰিত বিষয়া সুকন্যা বৰা ৷ তাৰ পিচতেই ধাৰাবাহিক জেৰা চলাইছিল চি এম ভিজিলেন্সে ৷

ইতিমধ্যেই নিলম্বিত হোৱা ACS বিষয়া সুকন্যা বৰাৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ ঘৰ আৰু জয়ানগৰৰ বিলাসী ফ্লেটত কেইবাবাৰো অভিযান চলাইছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷ গুৱাহাটীৰ পাঁচটা ঠাইত ওলাইছে সুকন্যাবৰাৰ মাটি-ফ্লেট ৷ কেৱল গুৱাহাটীতে নহয়, মৰিগাঁৱতো সুকন্যাৰ নামত ওলাইছে বহু বিঘা মাটি ৷

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তালাচী চলাই সুকন্যা বৰাৰ প্ৰায় দহ কোটি টকাৰ স্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰিছে ৷ যি ঠাইতেই সুকন্যা বৰাই চাকৰি কৰিছিল তাতেই সম্পত্তিৰ পাহাৰ গঢ়িছিল ৷ মৰিগাঁও, হাজো, গুৱাহাটী, উত্তৰ গুৱাহাটীত ওলাইছে বহু সম্পত্তি ।

সাংসদ পুঁজি ব্যয় কেলেংকাৰীত লিপ্ত হোৱাৰ অভিযোগত অভিযুক্ত সুকন্যা বৰাই এই গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভত সক্ষম হৈছিল ৷ কিন্তু সেই জামিনৰ পিচতেই আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ বিশাল তালিকা পোহৰলৈ আহে ৷

সুকন্যা বৰা আয় বহিৰ্ভূত সম্পত্তিৰ পাহাৰ দেখি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে এক গোচৰ ৰুজু কৰে ৷ ৮/২০২৩ নম্বৰ গোচৰৰ অধীনত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দলে সুকন্যা বৰাৰ দক্ষিণ শৰণীয়াৰ ঘৰত আৰু জয়ানগৰৰ ফ্লেটত অভিযান চলাই সম্পতিৰ পাহাৰ দেখি আচৰিত হয় ৷

সুকন্যাই এই বিশাল সম্পত্তি অকলে সংগ্ৰহ কৰা নাছিল ৷ চামেদ আলী আৰু ভাস্কৰ ডেকাকো নিজৰ সহযোগী কৰি লৈছিল সুকন্যাই ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে লিখিত ৰূপতো প্ৰশ্ন দিছিল তিনিও অভিযুক্তক ৷ কিন্তু সহযোগিতা লাভ কৰি নাছিল তিনিও অভিযুক্তৰ পৰা ৷ এতিয়া গ্ৰেপ্তাৰৰ পিচত কি দৰে তদন্ত আগবাঢ়ে সেয়া হ’ব মন কৰিবলগীয়া ৷

লগতে পঢ়ক : বিউটী পার্লাৰৰ গৰাকীৰ সৈতেও সুকন্যা বৰাৰ বিত্তীয় লেনদেন

Last Updated :Jan 18, 2024, 2:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.