ETV Bharat / state

বিউটী পার্লাৰৰ গৰাকীৰ সৈতেও সুকন্যা বৰাৰ বিত্তীয় লেনদেন

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 9:03 PM IST

MPLAD Scam : ৮ বছৰ চাকৰি কৰিয়েই সুকন্যা বৰাই গঢ়িছে সম্পত্তিৰ পাহাৰ । অজিত ভূঞাৰ সাংসদ পুঁজি ব্যয় কেলেংকাৰীৰ গোচৰত নিলম্বন হোৱা সুকন্যাৰ সম্পত্তিৰ পাহাৰ দেখি মাত হৰিল মুখ্যমন্ত্ৰীৰ ভিজিলেন্স বিষয়াৰ ।

suspended ACS officer Sukannya Borah
চি এম ভিজিলেঞ্চৰ অভিযান

গুৱাহাটী, ২৩ ডিচেম্বৰ: সাংসদ পুঁজি ব্যয় কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ জালত বন্দী হৈছে ২০১৫ বৰ্ষৰ নিলম্বিত এ চি এছ বিষয়া সুকন্যা বৰা । অজিত ভূঞাৰ সাংসদ পুঁজি ব্যয় কেলেংকাৰীৰ গোচৰত নিলম্বন হোৱা সুকন্যা বৰাৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ ঘৰত আৰু জয়ানগৰৰ বিলাসবহুল ফ্লেটত চি এম ভিজিলেঞ্চে অভিযান চলোৱাৰ লগতে কেইবাবাৰো জেৰাৰ সন্মুখীন হৈছে । মাত্র ৮ বছৰ চাকৰি কৰিয়েই সুকন্যা বৰাই গঢ়িছে সম্পত্তিৰ পাহাৰ ।

গুৱাহাটীৰ চাৰি স্থানত ওলাইছে সুকন্যা বৰাৰ মাটি-ফ্লেট । মৰিগাঁৱত ওলাইছে বিঘাই বিঘাই মাটি । মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে অভিযান চলাই সুকন্যাৰ প্ৰায় দহ কোটি টকাৰ স্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰিছে । উল্লেখ্য় যে সুকন্যাই নিলম্বন হোৱাৰ আগলৈকে প্রায় ডেৰ বছৰ গুৱাহাটীৰ ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভত সক্ষম হৈছিল যদিও আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ তালিকা দেখি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে ৮/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে । তাৰ ভিত্তিতে ঘৰত অভিযান চলোৱাৰ লগতে জেৰাৰ সন্মুখীন হৈছে সুকন্যা বৰা ।

শুকুৰবাৰেও সুকন্যাৰ মাতৃক লগত লৈ জেৰা চলায় । ইয়াৰ পূর্বে জেৰাৰ সন্মুখীন হোৱা সুকন্যা বৰাই তদন্তকাৰী দলৰ আগত তেওঁৰ কিছু সম্পত্তি মাতৃৰ পৰা আহৰণ কৰা বুলি ভাষ্য আগবঢ়াইছিল । সেয়ে তদন্তকাৰী দলে মাতৃক লগত লৈ সুকন্যাক মুখ্যমন্ত্ৰীৰ ভিজিলেন্সত হাজিৰ হোৱাৰ জাননী জাৰি কৰিছিল । শুকুৰবাৰে মুখ্যমন্ত্রীৰ ভিজিলেন্সত উপস্থিত হোৱা সুকন্যা বৰাক মাতৃৰ সন্মুখত বহুৱাই তদন্তকাৰী দলে তেওঁৰ সম্পত্তি ক্রয় কৰা ধনৰ উৎস আৰু অন্যান্য আনুষংগিক বিষয় সন্দৰ্ভত জেৰা কৰে ।

সুকন্যা বৰাৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে শিল্পী গগৈ নামৰ এগৰাকী মহিলাকো জেৰা কৰিছে । গুৱাহাটীত বিউটী পার্লাৰ থকা এইগৰাকী শিল্পী গগৈৰ সৈতে সুকন্যা বৰাৰ বিত্তীয় লেনদেনৰ তথ্য পাইছিল তদন্তকাৰী দলে ।

লগতে পঢ়ক:‘‘গুলী খাবি নে টকা খাবি ?’’ বুলি কৈ ডিমা হাছাওত কংগ্ৰেছক ভয় খুৱাইছে এক বিশেষ দলে; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.