ETV Bharat / state

‘‘গুলী খাবি নে টকা খাবি ?’’ বুলি কৈ ডিমা হাছাওত কংগ্ৰেছক ভয় খুৱাইছে এক বিশেষ দলে; ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 2:18 PM IST

NC Hills Autonomous Council Election : ‘‘সকলো ঘটনা নিয়ন্ত্ৰণ হৈছে বাজপেয়ী ভৱন আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা ৷ কাৰণ বিৰোধী শূণ্য কৰি পাহাৰত তেওঁলোকে লুণ্ঠন আৰু দুনীতিত জড়িত হ’ব বিচাৰিছে ৷’’ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

NC Hills Autonomous Council Election
ৰাজনীতিক অপৰাধীকৰণ কৰা হৈছে : ভূপেন বৰা
ৰাজনীতিক অপৰাধীকৰণ কৰা হৈছে : ভূপেন বৰা

যোৰহাট, 23 ডিচেম্বৰ : ‘‘আজি ৰাজনীতিক অপৰাধীকৰণ কৰা হৈছে ৷ এয়া কংগ্ৰেছ দলৰ কাৰণে চিন্তা বিষয় নহয় ৷ এয়া অসমবাসীৰ বাবে চিন্তাৰ বিষয় । বৰ্তমান এটা ৰাজনৈতিক দলে জনবলক উপেক্ষা কৰি বাহুবল আৰু ধনবলৰ আশ্ৰয় লৈছে ৷’’ শনিবাৰে যোৰহাটত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

লগতে তেওঁ কয়, ‘‘জনমতত বিশ্বাস নকৰি উক্ত ৰাজনৈতিক দলে বাহুবল আৰু ধনবল প্ৰয়োগ কৰি জনমতক কুঠাৰাঘাত কৰিছে ৷ বৰ্তমান বিশেষ ৰাজনৈতিক দলটোৱে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক ভয় ভাবুকি প্ৰদান কৰিছে ৷ প্ৰাৰ্থীক ভয় দেখুৱাই কৈছে যে গুলী খাবি নে টকা খাবি ৷ আমাৰ ব’ছ (Boss) পাঁচটাকৈ হত্যাকাণ্ডত জড়িত’’ ৷ আনহাতে দলটোৰ নাম স্পষ্ট নকৰিলেও তাৎপৰ্যপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ধ্বংস কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

সভাপতি বৰাই আৰু কয়, ‘‘এনেধৰণ ভয় ভাবুকিয়ে আমাৰ প্ৰাৰ্থীসকলক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাইছে’’ ৷ তেওঁলোকে দুজনীয়া প্ৰতিদন্দ্বিতাত কিয় ভয় খাইছে ? কাৰণ বিৰোধী শূণ্য কৰি পাহাৰত তেওঁলোকে লুণ্ঠন আৰু দুনীতিত জড়িত হ’ব বিচাৰিছে’’ ৷ আনহাতে, 28 আসনযুক্ত উক্ত নিৰ্বাচনত কংগ্ৰেছে 16 খন আসনত জয় সুনিশ্চিত আছিল বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷

ইফালে সমগ্ৰ ঘটনাৰ আঁৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আৰক্ষীৰ অধীক্ষক আৰু জিলা উপায়ুক্ত জড়িত আছে । উক্ত ঘটনাৰ ক্ৰম বাজপেয়ী ভৱন আৰু মুখ্যমন্ত্ৰী কাৰ্যালয় পৰা নিয়ন্ত্ৰণ হৈ আছে বুলিও ভয়ংকৰ বিস্ফোৰণ ঘটায় ভূপেন বৰাই । তাৎপৰ্যপূৰ্ণ যে, ৮ জানুৱাৰীত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাকক্ষণত তিনিগৰাকীকৈ কংগ্ৰেছ প্ৰাৰ্থী নিৰুদ্দেশ হোৱা ঘটনাই অসম ৰাজনীতিত ব্যাপক আলোড়ন সৃষ্টি হৈছে ৷

লগতে পঢ়ক : কংগ্ৰেছৰ তিনি প্ৰাৰ্থীক ভয় ভাবুকি দেখুৱাই নিৰুদ্দেশ কৰা হৈছে : ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.