হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাণিকপুৰৰ পৰীক্ষা কেন্দ্ৰতো ব্যাপক নিৰাপত্তা বেষ্টনী

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 4:34 PM IST

thumbnail

বঙাইগাঁও, ১৬ ফেব্ৰুৱাৰী : আজিৰে পৰা ৰাজ্যজুৰি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা । ৰাজ্যৰ আন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ বৃহত্তৰ মাণিকপুৰ অঞ্চলৰ বহু কেইটা পৰীক্ষা কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হয় পৰীক্ষা । এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত প্ৰসাশনে ১৪৪ ধাৰা জাৰি কৰিছে ।  

হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪৫৭ গৰাকী, ঞ্জানচাকি হাইস্কুলত ৪৫৯ গৰাকী,গোলাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭৩৭ গৰাকী, কীৰ্ত্তনপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ৬০৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰতো ব্যপক নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হয় পৰীক্ষা । বাহিৰৰ পৰা ছাত্ৰ-ছাত্ৰীক তন্ন-তন্নকৈ তালাচী চলাই পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰবেশ কৰিবলৈ দিয়ে কৰ্তৃপক্ষই ।

লগতে পঢ়ক:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ফাদিল প্ৰশ্নকাকত!

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.