ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ফাদিল প্ৰশ্নকাকত!

author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 11:45 AM IST

Updated : Feb 16, 2024, 12:51 PM IST

SEBA hslc 2024
ফাদিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত

SEBA HSLC 2024: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ ৷ পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ ভিতৰতে ফাদিল হৈ পৰিল প্ৰশ্নকাকত ৷ আজি আছিল ইংৰাজীৰ পৰীক্ষা ৷

কাছাৰ, 16 ফেব্ৰুৱাৰী: কাছাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ ৷ পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘন্টাৰ ভিতৰতে ফাদিল হ’ল প্ৰশ্নকাকত ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ৷ কাছাৰৰ বাশকান্দি নেনা মিয়া পৰীক্ষা কেন্দ্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ ৷

কঠোৰ নিৰাপত্তাৰ মাজত ৰাজ্যৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত আৰম্ভ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ ভিতৰতে প্ৰশ্নকাকত ফাদিল হৈ পৰিল ৷ উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ বিতৰ্কহীনভাবে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছিল ৰাজ্য চৰকাৰ ৷ শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ অনাৰ লক্ষ্যৰে ৰাজ্যৰ ছেবা বোৰ্ডে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল ৷ পিছে প্ৰশ্নকাকত ফাদিলৰ ঘটনাই পুনৰ বিতৰ্কৰ মাজলৈ টানি আনিছে মাধ্যমিক শিক্ষা ব’ৰ্ডক ৷

প্ৰথমদিনাৰ ইংৰাজী পৰীক্ষাত 913 টা পৰীক্ষা কেন্দ্ৰত 4 লাখ 25 হাজাৰতকৈ অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰ লগতে প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱস্থা কৰা হৈছে । গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত থাকে এই OMR শ্বীট । OMR শ্বীটত সন্নিৱিষ্ট থাকিব 50% প্ৰশ্ন । OMR শ্বীটত 1 নম্বৰৰ 45 টা প্ৰশ্ন থাকিব । পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব 45 নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ । অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্নকাকত ।

পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল যদিও বাৰাম্বাৰ সফলভাৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিফল হোৱা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক: ৰাজ্যৰ 913 টা পৰীক্ষা কেন্দ্ৰত আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

Last Updated :Feb 16, 2024, 12:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.