ৰাভা ছাত্ৰ সন্থাৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - ARSU meeting in Chaygaon
🎬 Watch Now: Feature Video


Published : February 12, 2024 at 8:10 PM IST
মিৰ্জা, ১২ ফেব্ৰুৱাৰী: ছয়গাঁৱত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৪৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । ছয়গাঁৱৰ ঔগুৰিত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে কামৰূপ জিলা সমিতিৰ সহযোগত এই কাৰ্যসূচী অনুষ্ঠিত হয় । এই অনুষ্ঠানৰ আৰম্ভণিতে পুৱা নিখিল ৰাভা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দাই ৰাভাই । অনুষ্ঠানটোৰ মুকলি সভাত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা, সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, গাৰো ছাত্ৰ সন্থাৰ ফলডিন আৰ মাৰাকৰ লগতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে ।
উক্ত অনুষ্ঠানত ৰাভা জনগোষ্ঠীৰ বিভিন্ন সমস্যা আৰু চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে আলোচনা কৰা হয় । মুকলি সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাভাসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত নকৰিলে নিৰ্বাচন প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিয়ে ।