ETV Bharat / state

নলবাৰীত ২১ গাঁ‌ওপ্ৰধানৰ ১৯ জনেই বিজেপি কৰ্মী

author img

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 7:43 PM IST

Village head appointment : নলবাৰীত গাঁ‌ওপ্ৰধান নিযুক্তিত অনিয়ম । গাঁ‌ওপ্ৰধানৰ নিযুক্তিত গেৰুৱাকৰণৰ অভিযোগ । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অনুগত বাহিনীক দিয়া হ'ল নিযুক্তি ।

Village head appointment in Nalbari
নলবাৰীত গাঁ‌ওপ্ৰধান নিযুক্তিত অনিয়ম

নলবাৰীত গাঁ‌ওপ্ৰধান নিযুক্তিত অনিয়ম

নলবাৰী, ১২ ফেব্ৰুৱাৰী : নলবাৰী ৰাজহ চক্ৰৰ ২১ জন গাঁওপ্ৰধানৰ ১৯ জনেই বিজেপি কৰ্মী ! আজি বঞ্চিত প্ৰাৰ্থীয়ে নলবাৰীত সংবাদমেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে । স্থায়ী বাসিন্দা নোহোৱাকৈয়ো গাঁওপ্ৰধানৰ চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত গাঁওপ্ৰধানে । অভিযোগ অনুসৰি নলবাৰীত গাঁ‌ওপ্ৰধানৰ পদত নিযুক্ত হ'ল বিজেপি কৰ্মী । নীতি-নিয়ম ভৰিৰে মোহাৰি গাঁওপ্ৰধানৰ নিযুক্তি প্ৰক্ৰিয়াত ৰাজনীতিকৰণৰ অভিযোগ কৰিছে বঞ্চিত প্ৰাৰ্থীসকলে ।

গাঁওপ্ৰধানৰ পৰিয়ালৰ সদস্যৰ বিপৰীতে নিযুক্তি দিয়া হৈছে বিজেপি কৰ্মীক । মহিলা মৰ্চাৰ সম্পাদিকা বুথ সভাপতিয়ে লাভ কৰিলে গাঁওপ্ৰধানৰ চাকৰি । বিগত ২০২২ বৰ্ষত নলবাৰী জিলাত ১০১ গাঁওপ্ৰধান পদৰ বাবে প্ৰকাশ পাইছিল বিজ্ঞাপন । সেইমৰ্মে সাত শতাধিক প্ৰাৰ্থীয়ে কৰিছিল আবেদন । ইয়াৰ পিছতেই ২০২৩ বৰ্ষৰ ২০ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীত নলবাৰী জিলাৰ সাতটাকৈ ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও সমূহৰ গাঁওপ্ৰধান পদৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল মৌখিক পৰীক্ষা ।

এইসকল প্ৰাৰ্থীক নম্বৰ দিয়া হৈছিল কাঠ পেঞ্চিলেৰে । বঞ্চিত প্ৰাৰ্থীয়ে লাভ কৰা নম্বৰ মচি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে । প্ৰাৰ্থী সকলৰ সাক্ষাৎকাৰ অনুষ্ঠিত হৈ যোৱাৰ এবছৰ পিচত যোৱা ৯ ফেব্ৰুৱাৰীত ঘোষণা কৰা হ'ল ফলাফল । জিলা আয়ুক্ত কাৰ্যালয়ৰ জাননী ফলকত আঁৰি দিয়া হ'ল নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ তালিকা । প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাৰ পিচতেই নলবাৰী ৰাজহ চক্ৰৰ বঞ্চিত প্ৰাৰ্থী সকলৰ মাজত সৃষ্টি হৈছে ক্ষোভ । বঞ্চিত প্ৰাৰ্থীয়ে অভিযোগ কৰি কয় যে গাঁওপ্ৰধান পদৰ নিযুক্তিত চলিছে ৰাজনীতিকৰণ । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ প্ৰত্যক্ষ হস্তক্ষেপত গাঁওপ্ৰধানৰ পদত নিয়োগত ৰাজনীতিকৰণৰ অভিযোগ উঠিছে ।

ইপিনে,বিজ্ঞাপনত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে আবেদনকাৰী সকল হ'ব নোৱাৰিব ৰাজনৈতিক দলৰ সদস্য । গাঁওপ্ৰধানৰ পৰিয়ালৰ সদস্যক দিয়া হ'ব অগ্ৰাধিকাৰ । পিছে এই নিয়ম প্ৰযোজ্য নহ'ল নলবাৰীত । এই তালিকাত হৰমায়া বেজবৰুৱা কলিতা নামৰ বিজেপিৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকাগৰাকী গাঁওপ্ৰধান নিযুক্তি পোৱা বুলি অভিযোগ কৰিছে এইসকল বঞ্চিত প্ৰাৰ্থীয়ে ।

আনহাতে, কৰুণা দাস নামৰ নৱনিযুক্ত গাঁওপ্ৰধানজনো বিজেপি দলৰ বুথ সভাপতি । ইপিনে, হেমন্ত হালৈ নামৰ লোকজন ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ বৰঘোপা গাঁৱৰ নৱনিযুক্ত গাঁওপ্ৰধান । হেমন্তৰ পদবী বুথ সভাপতি । পিছে তেওঁৰ হেনো ভোটাৰ তালিকাত নাম নথকাৰো অভিযোগ কৰিছে এইসকল বঞ্চিত প্ৰাৰ্থীয়ে । মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কৃপাত ১৯ জনকৈ বিজেপি কৰ্মীয়ে লাভ কৰিলে গাঁওপ্ৰধানৰ চাকৰি ।

লগতে পঢ়ক:বিৰোধীক নিঃশেষ কৰা পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.