বিৰোধীক নিঃশেষ কৰা পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে: ভূপেন বৰা
Bhupen Kr Borah Summoned by Jorhat Police : "আমাৰ ফাঁচী হ’ব পাৰে, জেইল হ’ব পাৰে, গুলী খাব লগা হ’ব পাৰে, লাঠী, ঠেলা. খুন্দাটো খাইছোৱেই, যি সন্মুখীন হ’ব লগা হয় হ’ম ৷ কিন্তু আমাৰ সংগ্ৰাম আপোনবিহীনভাৱে চলি থকিব ৷ বিৰোধীক থানালৈ মাতি অনা মানে নিৰ্বাচনৰ কামকাজত বাধা দিয়া ৷" যোৰহাট সদৰ থানাত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি বিৰোধীক কঠোৰ সমালোচনা কৰে ৷

Published : February 12, 2024 at 3:46 PM IST
যোৰহাট, 12 ফেব্ৰুৱাৰী : "আৰক্ষীয়ে মোক যিখিনি কথা সুধিছে, যিখিনিৰ বিষয়ে মই জ্ঞাত, মই সেইসমূহ প্ৰশ্নৰ উত্তৰ দিছো ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীক যি নিৰ্যাতন, বিৰোধীক যিদৰে নিঃশেষ কৰিবলৈ চেষ্টা চলাইছে, বিৰোধীক যি ভয় খুৱাবলৈ চেষ্টা কৰিছে, আমি ভয় নাখাওঁ ৷ কংগ্ৰেছ দল সংগ্ৰামৰ মাজেৰে জন্ম হোৱা এটা দল ৷ এই ধৰণৰ নিৰ্যাতন, অত্যাচাৰে আমাক কেতিয়াও বিচলিত কৰিবলৈ নোৱাৰে ৷ বাহুবল আৰু ধনৰ বলৰ ফলত হোৱা যি ৰাজনীতি, তাৰ বিৰুদ্ধে আহি থকা সময়ত আমাৰ সংগ্ৰাম আৰু শক্তিশালী হ’ব ৷ আমি ইতিমধ্যে অসম আৰক্ষীক এই কথা কৈছো, আমাৰ ফাঁচী হ’ব পাৰে, জেইল হ’ব পাৰে, গুলী খাব লগা হ’ব পাৰে, লাঠী, ঠেলা. খুন্দাটো খাইছোৱেই, যি সন্মুখীন হ’ব লগা হয় হ’ম, কিন্তু আমাৰ সংগ্ৰাম আপোনবিহীনভাৱে চলি থকিব ৷" সোমবাৰে দ্বিতীয়বাৰৰ বাবে যোৰহাট সদৰ থানাৰ তদন্তকাৰীৰ বিষয়াৰ ওচৰত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই মন্তব্য প্ৰকাশ কৰে ৷
লগতে বৰাই অসম আৰক্ষীক সমালোচনা কৰি কয়, "অসম আৰক্ষীৰ ভাৱমূৰ্তি বেয়া হৈছে ৷ মোক যিজন ল’ৰাই মাৰিলে, তেওঁক এতিয়ালৈ সোধা পোছা কৰা নাই, মোক খানাপাৰত গতিওৱা ল’ৰাজনক সোধা পোছা কৰা নাই, মই সেইটো দলৰ সভাপতি, যিটো দলে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল ৷ মোক যে এনেদৰে বাৰে বাৰে মাতিছে, এয়া যোৰহাট আৰক্ষীৰ ভাৱমূৰ্তি ম্লান হোৱাৰ লক্ষণ ৷ আমাৰ অসম আৰক্ষীৰ এক সুনাম আছে, এক স্বকীয় স্বাভিমান আছে ৷ কোনো যোৰহাটৰ নাগৰিকে আমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাছিল , আমি ৰাহুল গান্ধী আহোঁতে যোৰহাটবাসীক মাতি অনা নাছিলো, তেওঁলোকে স্বতঃস্ফুৰ্তভাৱে ওলাই আহিছিল ৷ এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সহ্য কৰিব পৰা নাই ৷"
আৰক্ষীয়ে সভাপতিগৰাকীক দুঘন্টা জেৰা কৰাৰ অন্তত থানাৰ পৰা যাবলৈ দিয়ে ৷ লগতে বৰাই কয় যে, বিৰোধীক থানালৈ মাতি অনা মানে নিৰ্বাচনৰ কাম-কাজত বাধা দিয়া আৰু নিৰ্বাচনৰ পিচত মাতিলে যোৰহাটত থাকি লৈ আৰক্ষীক তদন্তত সহায় কৰিব পৰা গ’ল হয় ৷ পুনৰ আৰক্ষীয়ে ভূপেন বৰাক কেতিয়া আৰক্ষী ওচৰত হাজিৰ হ’ব লাগিব সেই সন্দৰ্ভত নিৰ্দেশনা দিয়া নাই ৷
লক্ষণীয় যে, ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত হোৱা বিসংগতি বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ দুটাকৈ জামিনবিহীন ধাৰা লগতে অন্য কেইবাটাও গোচৰ ৰুজু কৰিছিল ।উক্ত গোচৰ ভিত্তিতে সোমবাৰে নিৰ্ধাৰিত সময়ৰ লগে লগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কম সংখ্যক সমৰ্থক লগত লৈ যোৰহাট সদৰ থানাৰ তদন্তকাৰী বিষয়া ওচৰত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰে ৷
লগতে পঢ়ক: সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’বনে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰে !

