ETV Bharat / state

দেৰগাঁৱত ২৪ টাতকৈও অধিক চোৰাং কুকুৰ উদ্ধাৰ - Dogs Rescued From Smugglers

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 5:48 PM IST

Dog rescued from smugglers: এইবাৰ গৰু অথবা ম'হ নহয়, এইবাৰ সৰবৰাহ হৈছে চোৰাং কুকুৰ । গোলাঘাট জিলাক মুখ্য কৰিডৰ হিচাপে ব্যৱহাৰ কৰি দৈনিক অব্যাহত আছে বিভিন্ন চোৰাং সামগ্ৰী । ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়েও অব্যাহত ৰাখিছে নিজৰ অভিযান ৷

DOGS RESCUED FROM SMUGGLERS
দেৰগাঁৱত ২৪ টাতকৈও অধিক চোৰাং কুকুৰ উদ্ধাৰ (ETV BHARAT ASSAM)

গোলাঘাট, ১ জুন: দেৰগাঁও আৰক্ষীয়ে শুকুৰবাৰে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰঙাগড়া চেলেক গাঁৱৰ পৰা ২৪ টাতকৈ অধিক চোৰাং কুকুৰ বস্তাত ভৰাই বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অভিযানৰ সময়ত এই চুৰিকাণ্ডৰ লগত জড়িত NL 07 EA 7341 নম্বৰৰ এখন আপাচি বাইকসহ নাগালেণ্ডৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । জব্দ কৰা কুকুৰকেইটা চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ নিয়াৰ পৰিকল্পনা কৰিছিল যদিও দেৰগাঁও আৰক্ষীৰ তৎপৰতাত সেয়া সক্ষম নহ'ল ।

সম্প্ৰতি কুকুৰকেইটা দেৰগাঁও থানাৰ চৌহদতে ৰখা হৈছে ৷ যদি কোনো কুকুৰৰ গৃহস্থ ওলাই তেন্তে তেওঁলোকক চমজাই দিয়া হ'ব, অন্যথা বেচৰকাৰী সংস্থা গোলাঘাটৰ প্ৰাপ্তি ফাউণ্ডেশ্যনক কুকুৰকেইটা হস্তান্তৰ কৰা হ'ব বুলি দেৰগাঁও আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে কুকুৰ সৰবৰাহকাৰী চক্ৰক বিচাৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ইয়াৰ পূৰ্বে বুধবাৰে গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা আৰক্ষীয়ে কেইবাটাও কুকুৰসহ দুটা সৰবৰাহকাৰীক আটক কৰিছিল ৷ সৰবৰাহকাৰীকেইটাই এখন বলেৰ' বাহনত কুকুৰকেইটা দেৰগাঁৱৰ পৰা ডিমাপুৰলৈ চোৰাংকৈ সৰবৰাহৰ চেষ্টা কৰা সময়তে আৰক্ষীয়ে তেওঁলোকক আটক কৰে ৷

উল্লেখ্য যে, ক্ৰমান্বয়ে অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে গোলাঘাট জিলা । একাংশ অসাধু লোকে বিভিন্ন কৌশল অৱলম্বন কৰি গোলাঘাট জিলাৰ মাজেৰে অবৈধ চোৰাং সামগ্ৰীৰ সহবৰাহৰ কাৰ্য অব্যাহত ৰাখিছে । জিলাখনৰ বিভিন্ন প্ৰান্তৰ সীমান্ত অঞ্চলৰে সৰবৰাহ কৰা হয় নিচাযুক্ত সামগ্ৰীৰ লগতে বিভিন্ন অবৈধ সা-সামগ্ৰী । আৰক্ষীয়ে এনে চোৰাং কাৰবাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও সৰবৰাহকাৰীয়ে পুনৰ ন ন কৌশল অৱলম্বন কৰি চোৰাংকৈ সৰবৰাহ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: গৰু নহয়, কুকুৰৰ চোৰাং সৰবৰাহ : আটক দুই সৰবৰাহকাৰী - Dogs Rescued

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.