পশ্চিম যোৰহাটত ড্ৰাগছসহ সৰৱৰাহকাৰীক আটক - Drugs Seized In Jorhat

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:47 PM IST

thumbnail
ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান (ETV BHARAT ASSAM)

যোৰহাট, ৫ মে: ৰাজ্য়ত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আহিছে যদিও এই বেহা অব্য়াহত আছে । ইয়াৰ মাজতেই যোৰহাট সদৰ আৰক্ষী আৰু ভোগদৈ চকীৰ আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই পশ্চিম যোৰহাটৰ খাজুৰীগুৰীত আজি ড্ৰাগছসহ এটা সৰৱৰাহকাৰীক আটক কৰে ।

ধৃত সৰৱৰাহকাৰীটো হৈছে যোৰহাট আৰক্ষী থানাৰ অন্তৰ্গত মাছৰহাটৰ মনজিত দাস । ড্ৰাগছ সৰৱৰাহকাৰী মনজিতে দেওবাৰে সৰু সৰু টেমাত ভৰাই খাজুৰীগুৰী অঞ্চলৰ একাংশ লোকক বিক্ৰী কৰিবলৈ যোৱাৰ সময়তেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।  

যুৱ প্ৰজন্মৰ মাজত মহামাৰী ৰূপে দেখা দিয়া বৰবিহস্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও একাংশই আৰক্ষীৰ চকুত ধূলি দি নিৰ্বিঘ্নে ড্ৰাগছ সৰবৰাহ কৰি আহিছে । 

লগতে পঢ়ক:মাজুলীত ড্ৰাগছসহ ৰাইজে আটক কৰিলে দুটাকৈ সৰবৰাহকাৰী - Drugs Seized In Majuli

হালোৱাটিঙত সাত কোটি টকাৰ হেৰ'ইন জব্দ: গ্ৰেপ্তাৰ গোলাঘাটৰ চাৰি যুৱক - Drugs Seized In Sivasagar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.