কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত - Student commits suicide

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 5:26 PM IST

thumbnail

গুৱাহাটী,১০ এপ্ৰিল: কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত । উচ্চতৰ মাধ‌্যমিকৰ প্ৰথম বৰ্ষৰ এগৰাকী ছাত্ৰীয়ে জঁপিয়ালে হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা । মহানগৰীৰ উজানবজাৰস্থিত প্ৰণালয়া পি জিত সংঘটিত হয় এই ঘটনা । গুৱাহাটী মেডিকেল কলেজত ছাত্ৰীগৰাকীক ভৰ্ত্তি কৰোৱা হয় যদিও বুধবাৰে মৃত্যু হয় ছাত্ৰীগৰাকীৰ । মঙলবাৰে পুৱা ৯:৩০ বজাত সংঘটিত হৈছিল এই ঘটনা । বিগত ৬-৭ মাহ ধৰি প্ৰণালয়া ছাত্ৰীবাসত আছিল ছাত্ৰীগৰাকী ।  

ঘটনা সংঘটিত হোৱাৰ পিচতেই তাৎক্ষণিকভাৱে হাস্পতালত ভৰ্তি কৰোৱা হয় ছাত্ৰীগৰাকীক । বিহুৰ কাৰণে পিতৃয়ে মঙলদৈৰ ঘৰলৈ বুলি নিবলৈ আহিছিল ছাত্ৰীগৰাকীক । পিতৃ আহি থকা অৱস্থাত বাটতে পি জিৰ কৰ্তৃপক্ষই ঘটনাৰ বিষয়ে অৱগত কৰে অভিভাৱকক । ঘটনাৰ বিষয়ে অভিভাৱকৰ তৰফৰ পৰা বৰ্তমানেও দাখিল কৰা নাই এজাহাৰ । ছাত্ৰীগৰাকীৰ কোঠাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ম'বাইল আৰু এখন ডায়েৰী ।

লগতে পঢ়ক: ঘৰত মানি নলয় সম্পৰ্ক, একেডাল ৰচীৰে চিপ লৈ কিশোৰ-কিশোৰীৰ আত্মহত্যা - Lovers Committed Suicide

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.