ঘৰত মানি নলয় সম্পৰ্ক, একেডাল ৰচীৰে চিপ লৈ কিশোৰ-কিশোৰীৰ আত্মহত্যা - lovers committed suicide

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 7:08 PM IST

thumbnail

শিলচৰ, 5 এপ্ৰিল : কাছাৰৰ দুধপাতীলত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । একেজোপা গছতে এডাল ৰচীত চিপ লৈ একেলগে আত্মহত্যা এহাল প্ৰেমিক-প্ৰেমিকাৰ । ঘৰৰ কাষত থকা এজোপা গছত একেলগে আত্মহত্যা কৰিলে প্ৰেমিকযুগলে । 

জানিব পৰা মতে, দুধপাতীলৰ এগৰাকী কিশোৰীয়ে একে গাঁৱৰে এজন কিশোৰৰ লগত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল ৷ কিন্তু তেওঁলোকৰ এই প্ৰেমৰ সম্পৰ্ক মানি লোৱা নাছিল দুয়োজনৰে পৰিয়ালৰ লোকে  ৷ ফলত শুকুৰবাৰে পুৱতি নিশা প্ৰেমিক-প্ৰেমিকাই ঘৰৰ কাষতে থকা এজোপা গছত এডাল ৰচীৰে চিপ লৈ আত্মহত্যা কৰে । 

আজি পুৱা স্থানীয় লোকসকলে গছত মৃতদেহ দুটা ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰ-কিশোৰীহালৰ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । এই ঘটনাই লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক: প্ৰচণ্ড গৰমত মৃত্যু 4 বছৰীয়া শিশুৰ - Hyderabad temperature

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.