নলবাৰীত গৃহৰক্ষী বাহিনীত নিয়োগৰ নামত বৃহৎ অনিয়ম - Home guards recruitment corruption
🎬 Watch Now: Feature Video

Published : February 20, 2024 at 8:14 AM IST
|Updated : February 20, 2024 at 8:27 AM IST
নলবাৰী, ২০ ফেব্ৰুৱাৰী: নলবাৰীত গৃহৰক্ষী বাহিনীত নিয়োগ কৰাৰ নামত বিভাগটোৰ একাংশ বিষয়াই দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে । সোমবাৰে এই অভিযোগ উত্থাপন কৰি নলবাৰী গৃহৰক্ষী বাহিনীৰ বঞ্চিত একাংশ জোৱানে বিভাগটোৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ উল্লেখযোগ্য যে নলবাৰী গৃহৰক্ষী বাহিনীৰ জোৱানৰ নিয়োগ কৰাৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থা কৰা হয় । এই অনলাইন ব্যৱস্থা প্ৰযোজ্য হৈ থকা সময়ত যোৱা ৩১ জানুৱাৰীত গৃহৰক্ষী বাহিনীৰ জোৱানৰ ৩৯ জনীয়া এখন অব্যাহতিৰ তালিকা প্ৰকাশ কৰা হয় ৷ কিন্ত পূৰ্বৰ অব্যাহতিৰ তালিকা প্ৰকাশ হোৱাৰ পিছতো আজিও তালিকাত নাম থকা সকলক অব্যাহতি নিদিয়াত জাঙুৰ খাই উঠিছে আন গৃহৰক্ষী জোৱান সকল ৷
ইতিমধ্যে নলবাৰীৰ আন গৃহৰক্ষী জোৱান সকলক নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিভাগীয় কৰ্তৃপক্ষই অব্যাহতিৰ তালিকাত নাম সন্নিৱিষ্ট গৃহৰক্ষী বাহিনীৰ জোৱান সকলক এছেনচিয়েল দেখুৱাই এইসকল গৃহৰক্ষী জোৱান কৰ্তব্যত নিয়োজিত হৈ থাকিব বুলি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে উল্লেখ কৰা বুলি অভিযোগ কৰে ৷
ইপিনে, নলবাৰী জিলাত গৃহৰক্ষী জোৱান আছে ৭১৪ জন ৷ কিন্ত নলবাৰী গৃহৰক্ষী বাহিনীৰ জোৱানৰ পদ আছে ৩১৬ টা ৷ পিছে পদতকৈ নলবাৰী গৃহৰক্ষী বাহিনীৰ জোৱান অধিক ৷ তাৰপিছতো ১৭২ জন গৃহৰক্ষী বাহিনীৰ জোৱানক এছেনছিয়েল দেখুৱাই বছৰৰ পিছত বছৰ ধৰি কৰ্তব্যত নিয়োজিত কৰাত জাঙুৰ খাই উঠিছে এইসকল জোৱান ৷
লগতে পঢ়ক:চেলা পাছৰ সুৰংগৰ ভিতৰত অংকিত অৰুণাচল প্ৰদেশৰ সংস্কৃতিৰ চিহ্ন, সন্মুখত বুদ্ধৰ প্ৰতিমূৰ্তি