বৰাক উপত্যকা মোৰ দ্বিতীয় ঘৰ: মুখ্যমন্ত্ৰী

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 9:03 PM IST

thumbnail

শিলচৰ, 18 মাৰ্চ : বৰাকৰ দুই আসনো বিজেপিয়ে দখল কৰিব ৷ শিলচৰত ২ লাখৰ বেছি ভোটত জিকিব বিজেপি ৷ কৰিমগঞ্জতো লক্ষাধিক ভোটত জয়লাভ কৰিব গেৰুৱা দলে ৷ বৰাকত নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰণ কৰি এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সোমবাৰে কৰিমগঞ্জৰ পাচত শিলচৰত দলীয় কাৰ্যকৰ্তাসকলৰ লগত বৈঠক কৰি নিৰ্বাচনী ৰণনীতি নিৰ্ধাৰণ কৰি পাচত ওলাই যোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷

মুখ্যমন্ত্ৰীৰ মতে বৰাকৰ দুয়োখন আসন বিজেপিৰ বাবে যথেষ্ট সুবিধাজনক ৷ শিলচৰত দুই লাখৰো বেছি ভোটত দলীয় প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যই জয়লাভ কৰিব বুলি তেওঁৰ দাবী ৷ আনহাতে কৰিমগঞ্জত লক্ষাধিক ভোটত কৃপানাথ মাল্লা জয়ী হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীৰ উপস্থিতিত 67 জন লোকে বিজেপিত যোগদান কৰে ৷ কংগ্ৰেছসহ বিভিন্ন দলৰ পৰা এই সকলে যোগদান কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ঈদৰ উপহাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.