ETV Bharat / state

ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ঈদৰ উপহাৰ

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 10:49 PM IST

Indigenous Assamese Muslim: অসমৰ ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দসকলৰ বাবে জিলা পৰ্যায়ত আৰ্থ-সামাজিক জৰীপ সমিতি গঠন । প্ৰতিখন জিলাৰ জিলা আয়ুক্তক নিযুক্তি দিয়া হৈছে অধ্যক্ষ হিচাবে ৷

Indigenous Assamese Muslim survey
খিলঞ্জীয়া মুছলমানৰ জৰীপ

গুৱাহাটী, ১৭ মাৰ্চ: ৰমজানৰ মাজতে ৰাজ্যৰ খিলঞ্জীয়া মুছলমানসকলৰ বাবে ভাল খবৰ । ঈদৰ প্ৰাকক্ষণত ৰাজ্যত বসবাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ বাবে অসম চৰকাৰে বৃহৎ ঘোষণা কৰিছে । অসমৰ ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ সকলোলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঈদৰ বিশেষ উপহাৰ আগবঢ়াইছে । অসমৰ ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দসকলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এক বিশেষ ঘোষণাই বহুতকে আনন্দিত কৰি তুলিছে । মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই ঘোষণা কৰা অনুসৰি অসমত বাস কৰা খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ-সামাজিক জৰীপৰ বাবে জিলা পৰ্যায়ত সমিতি গঠন কৰা হৈছে ।

প্ৰতিখন জিলাৰ জিলা আয়ুক্তক অধ্যক্ষ হিচাবে নিযুক্তি দি জৰীপ সমিতি গঠন কৰা হৈছে । জিলা পৰ্যায়ৰ এই আর্থ-সামাজিক জৰীপ সমিতিত বিলাসীপাৰাৰ এজন যুৱ নেতাক সদস্য হিচাবে নিয়োজিত কৰাত উৎফুল্লিত হৈ পৰিছে গৰিয়া মৰিয়া দেশী পৰিষদৰ বিলাসীপাৰা জিলা সমিতি । জিলা জৰীপ সমিতিত স্থান লাভ কৰা বিলাসীপাৰা চহৰৰ দুই নম্বৰ ৱাৰ্ডৰ বাসিন্দা তথা বিলাসীপাৰাপৌৰ সভাৰ ৱাৰ্ড আয়ুক্ত ছুৰত জামাল আলী আহমেদক আজি উষ্ম আদৰণি জনায় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে ।

জিলা জৰীপ সমিতিৰ সদস্য আহমেদক আজি বাঙালীপাৰাস্থিত পৰিষদৰ জিলা কাৰ্যালয়ত দেশী কৱজ আৰু জাপিৰে সম্বর্ধনা জ্ঞাপন কৰে পৰিষদৰ জিলা সমিতিয়ে । অচিৰেই আৰম্ভ হ'বলগীয়া খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কাৰ্য যাতে অতি নিয়াৰিকৈ সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ খিলঞ্জীয়া মুছলমানসকলে আহমেদক আহ্বান জনায় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে খিলঞ্জীয়া মুছলমানসকলে ধন্যবাদ জ্ঞাপন কৰে ।

উল্লেখ্য যে পূৰ্বতে অসম কেবিনেটে অসমৰ মুছলমান সম্প্ৰদায়ৰ পাঁচটা জনগোষ্ঠী ক্ৰমে গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিছিল । ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ৭টা উপগোট/সমিতিৰ পৰামৰ্শ অনুসৰি উক্ত পাঁচটা অসমীয়া মুছলিম উপগোটক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত কেবিনেটে অনুমোদন জনাইছিল ।

এইবাৰ চৰকাৰে অসমৰ ভূমিপুত্ৰ গৰিয়া, মৰিয়া, দেশী, জলহা আৰু চৈয়দসকলৰ বাবে জিলা পৰ্যায়ত আৰ্থ-সামাজিক জৰীপ সমিতি গঠন কৰে ।

লগতে পঢ়ক: চিএএ ৰূপায়ণৰ সৈতে আৰম্ভ হ'ব পাৰে বায়'মেট্ৰিক আনলক প্ৰক্ৰিয়া; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.