যোৰহাটত তিনিদিন ধৰি নিৰুদ্দেশ পঞ্চম শ্ৰেণীৰ ছাত্ৰ

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 11:50 AM IST

thumbnail

যোৰহাট, 24 ফেব্ৰুৱাৰী : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । যোৰহাটতো এটাৰ পাচত আন এটা কিশোৰ-কিশোৰী তথা যুৱক-যুৱতী নিৰুদ্দেশৰ ঘটনা সংঘটিত হোৱা কথাই চিন্তিত কৰি তুলিছে সচেতন মহলক । শেহতীয়াকৈ যোৰহাটত পুনৰ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ হোৱাৰ ঘটনা পোহৰলৈ আহিছে ।

মঙলবাৰৰ পৰা ছাত্ৰজন নিৰুদ্দেশ হৈ আছে । যোৰহাট নগৰৰ চলিহা লেণ্ডৰ পৰা যোৱা 20 ফেব্ৰুৱাৰীত ছাত্ৰজন নিৰুদ্দেশ হয় । ছাত্ৰজনৰ মাতৃয়ে কোনো লোকে ছাত্ৰজনক অপহৰণ কৰাৰ সন্দেহত যোৰহাট সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে । ছাত্ৰজনৰ মাতৃৰ ভাষ্য অনুসৰি, মঙলবাৰে টিউচনৰ পৰা উভতি আহি ঘৰৰ পৰাই ৰহস্যজনকভাৱে 11 বছৰীয়া কিশোৰটি নিৰুদ্দেশ হৈছে । পুত্ৰৰ সন্ধান বিচাৰি এতিয়া অসহায় মাতৃয়ে হাহাকাৰ কৰি ফুৰিছে । ৰাজ্যত সঘনাই এটাৰ পিচত আনটো নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ আছে । নিৰুদ্দেশ হোৱা ঘটনাৰ আঁৰত কি ৰহস্য লুকাই আছে সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ।

লগতে পঢ়ক : ২৫ দিনে সন্ধান নাই এগৰাকী মহিলাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.