২৫ দিনে সন্ধান নাই এগৰাকী মহিলাৰ

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:19 PM IST

thumbnail

ডিব্ৰুগড়,২০ ফেব্ৰুৱাৰী: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে মহিলা-কিশোৰী নিৰুদ্দেশৰ ঘটনা । ডিব্ৰুগড়ৰ খোৱাঙত ২৫ টা দিনে সন্ধান নাই এগৰাকী মহিলাৰ । খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰী কিনাৰ মধুচুক গাঁ‌ৱৰ ডিম্বেশ্বৰ বৰাৰ বিবাহিত কন্যা যোৱা ২৪ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে । বেংকলৈ অৰুণোদয় আঁ‌চনিৰ ধন উলিয়াবলৈ যোৱা দুই কন্যা সন্তানৰ মাতৃগৰাকীৰ আজিও নাই কোনো শুংসূত্ৰ । মহিলাগৰাকী বিবাহিত যদিও স্বামীৰ গৃহত পাৰিবাৰিক কন্দলৰ বাবে তেওঁ বিগত কেইবছৰমানৰ পৰা পিতৃ গৃহতে আছিল । ৮ বছৰীয়া আৰু ৫ বছৰীয়া দুই কন্যা সন্তানক এৰি মহিলাগৰাকী হঠাৎ নিৰুদ্দেশ হোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।  

ৰহস্যজনক কথাটো হ'ল যে, মহিলাগৰাকীৰ ম'বাইলৰ পৰা পৰিয়ালৰ লোকলৈ পুনৰ বিবাহপাশত আৱদ্ধ হোৱা বুলি এক মেচেজ প্ৰেৰণ কৰা হৈছে । যিটো মেচেজ মহিলাগৰাকীয়ে নিজে লিখি দিয়া নাই বুলি পৰিয়ালৰ লোকে দাবী কৰে । মহিলাগৰাকীৰ মোবাইল বৰ্তমান ছুইচ অফ । পিতৃয়ে ইতিমধ্যে খোৱাং থানাত মহিলাগৰাকী নিৰুদ্দেশৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে । পান কাৰ্ড, ভোটাৰ কাৰ্ড আদি লগত লৈ যোৱা মহিলা গৰাকী মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । কোনো লোকে মহিলাগৰাকীৰ সন্ধান পালে 7099463295 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায় ।

লগতে পঢ়ক: 36 ঘণ্টাৰ পাচত অৰুণাচলত অপহৃত 3 শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.