২৫ দিনে সন্ধান নাই এগৰাকী মহিলাৰ - Women Trafficking Circle

🎬 Watch Now: Feature Video

thumbnail
২৫ দিনে সন্ধান নাই এগৰাকী মহিলাৰ (undefined)

By ETV Bharat Assamese Team

Published : February 20, 2024 at 2:19 PM IST

1 Min Read
Choose ETV Bharat

ডিব্ৰুগড়,২০ ফেব্ৰুৱাৰী: ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে মহিলা-কিশোৰী নিৰুদ্দেশৰ ঘটনা । ডিব্ৰুগড়ৰ খোৱাঙত ২৫ টা দিনে সন্ধান নাই এগৰাকী মহিলাৰ । খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত দিখাৰী কিনাৰ মধুচুক গাঁ‌ৱৰ ডিম্বেশ্বৰ বৰাৰ বিবাহিত কন্যা যোৱা ২৪ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ আছে । বেংকলৈ অৰুণোদয় আঁ‌চনিৰ ধন উলিয়াবলৈ যোৱা দুই কন্যা সন্তানৰ মাতৃগৰাকীৰ আজিও নাই কোনো শুংসূত্ৰ । মহিলাগৰাকী বিবাহিত যদিও স্বামীৰ গৃহত পাৰিবাৰিক কন্দলৰ বাবে তেওঁ বিগত কেইবছৰমানৰ পৰা পিতৃ গৃহতে আছিল । ৮ বছৰীয়া আৰু ৫ বছৰীয়া দুই কন্যা সন্তানক এৰি মহিলাগৰাকী হঠাৎ নিৰুদ্দেশ হোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।  

ৰহস্যজনক কথাটো হ'ল যে, মহিলাগৰাকীৰ ম'বাইলৰ পৰা পৰিয়ালৰ লোকলৈ পুনৰ বিবাহপাশত আৱদ্ধ হোৱা বুলি এক মেচেজ প্ৰেৰণ কৰা হৈছে । যিটো মেচেজ মহিলাগৰাকীয়ে নিজে লিখি দিয়া নাই বুলি পৰিয়ালৰ লোকে দাবী কৰে । মহিলাগৰাকীৰ মোবাইল বৰ্তমান ছুইচ অফ । পিতৃয়ে ইতিমধ্যে খোৱাং থানাত মহিলাগৰাকী নিৰুদ্দেশৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিয়ে । পান কাৰ্ড, ভোটাৰ কাৰ্ড আদি লগত লৈ যোৱা মহিলা গৰাকী মানৱ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে । কোনো লোকে মহিলাগৰাকীৰ সন্ধান পালে 7099463295 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনায় ।

লগতে পঢ়ক: 36 ঘণ্টাৰ পাচত অৰুণাচলত অপহৃত 3 শ্ৰমিকৰ অপহৰণকাৰীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details