মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজত তীব্ৰ মাৰপিট; গুৰুতৰভাবে আঘাতপ্ৰাপ্ত 3

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 12:43 PM IST

thumbnail

তিনিচুকীয়া, 5 মাৰ্চ: তিনিচুকীয়াত মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা । সোমবাৰে সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ঐচ্ছিক বিষয়ৰ পৰীক্ষা । পৰীক্ষা শেষ হোৱাৰ পিছত বিভিন্ন বিদ্যালয়ৰ 30 গৰাকীতকৈ অধিক ছাত্ৰই ছেণ্ট ষ্টিফেন স্কুলৰ 5 জনকৈ ছাত্ৰক গুৰুতৰভাবে প্ৰহাৰ কৰে । 

যাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ছেইণ্ট ষ্টিফেন বিদ্যালয়ৰ তিনিজনকৈ ছাত্ৰ ক্ৰমে জয় কজমাৰ শৰ্মা, নীতিন গুপ্তা, হর্ষ মহেশ্বৰী ৷ লগতে দুজন ছাত্ৰ সামান্যভাবে আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে । এই ঘটনাই পৰীক্ষাৰ্থীৰ অভিভাৱকলৰ লগতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ৷ 

সমান্তৰালভাৱে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ মাৰপিটৰ ঘটনাৰ কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: নকল যোগান ধৰাৰ অভিযোগত কাছাৰ কলেজৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক নিলম্বন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.