কা বাতিলৰ লগতে মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদ - Protest against CAA implementation - ANTI CAA PROTEST
🎬 Watch Now: Feature Video

Published : April 7, 2024 at 10:50 PM IST
গুৱাহাটী, ৭ এপ্ৰিল: 'কা' বাতিল,গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে বিজেপিক পৰাস্ত কৰা আৰু মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ দাবীত দীঘলী পুখুৰীৰ পাৰত আজি বিক্ষোভ প্ৰদৰ্শন কৰে নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমে । দেওবাৰে নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি অসমৰ আহ্বানত শতাধিক লোকে চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে 'অসমৰ ভাষা সংস্কৃতি ধ্বংস কৰা বিজেপিক পৰাস্ত কৰক','জাতিধ্বংসী কা বাতিল কৰক','সংবিধানৰ ওপৰত আক্ৰমণ বন্ধ কৰক ','মুক্ত নিকা নিৰ্বাচন নিশ্চিত কৰক' আদি শ্লোগান দি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদত অংশগ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেণ গোঁহাইয়ে কয়," বৰ্তমান সময়ত গণতন্ত্ৰ ৰক্ষা কৰা জটিল বিষয় হৈ পৰিছে । 'কা' বিৰোধী সংগ্ৰাম গণতান্ত্ৰিক সংগ্ৰাম,গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰাম ।
অসমীয়াই জাতিৰ ঐতিহ্য ৰক্ষা কৰাৰ বাবে 'কা' বিৰোধী সংগ্ৰাম কৰিব লাগিব বুলি উল্লেখ কৰি বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে কয়," 'কা' আইন জাপি দিয়া চৰকাৰে গাদীত থাকিবলৈ যিমান পাৰে উপায় অৱলম্বন কৰি গণতান্ত্ৰিক নীতি -নিয়ম বিসৰ্জন দিছে ।" নিকা নিৰ্বাচন নিশ্চিত কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক:কা বিৰোধীৰ প্ৰতিবাদত উত্তাল ৰাজ্য