নিৰ্বাচনলৈকে বন্ধ থাকিব আজমলৰ জৰাফুকা !

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:41 PM IST

thumbnail

মৰিগাঁও, 7 মাৰ্চ : লোকসভা নিৰ্বাচনলৈকে বৰদৰুদ্দিন আজমলৰ জৰাফুকা বন্ধ থাকিব । নিৰ্বাচনৰ পিচত পুনৰ আৰম্ভ হ’ব জৰা ফুকা । কাৰণ নিৰ্বাচনৰ আগত আজমলে জৰাফুকা কৰিলে হেনো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজমলক ভৰাই দিব জেলত । সেয়েহে আজমল জেললৈ নাযায় । জেললৈ যাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে মৰিগাঁও কলমৌবাৰীত এই মন্তব্য এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ ।

এ আই ইউ ডি এফৰ মুৰব্বী গৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ কোনে টিকট পাব নাপাব সেই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই কয়, ‘আমাৰ দলৰ কোনো প্ৰতিদ্বন্দ্বী নাই । প্ৰদ্যুৎ বৰদলৈয়েতো টিকটেই নাপায় । শুনি আছো গৌৰৱ গগৈয়ে পাব ।’

আনহাতে সাংসদ পুঁজিৰ পাঁচ কোটি টকা প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈয়ে খৰচ নকৰি নিজেই খাইছে বুলি মন্তব্য কৰে আজমলে ।

লগতে পঢ়ক : চৰাঞ্চলত কংগ্ৰেছে বহুৱাইছিল অবৈধ মানুহ: বদৰুদ্দিন আজমল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.