ETV Bharat / state

চৰাঞ্চলত কংগ্ৰেছে বহুৱাইছিল অবৈধ মানুহ: বদৰুদ্দিন আজমল

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 1:05 PM IST

Lok Sabha Election 2024: নগাঁও লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ এই আই ইউ ডি এফ । দিনে নিশাই ধিং, ৰূপহীহাটত AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ । নিশা ধিঙত জনসভা সম্বোধন কৰি সাংসদ বদৰুদ্দিন আজমলে সংবাদ মাধ্যমত কৰে বহুকেইটা বিস্ফোৰক মন্তব্য ।

Badruddin Ajmal slams Congress in Nagaon
বদৰুদ্দিন আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

বদৰুদ্দিন আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

নগাঁও,৭ মাৰ্চ: নগাঁও লোকসভা সমষ্টি দখলৰ বাবে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলে । লোকসভা সমষ্টিটোৰ ধিং, ৰূপহীহাটত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে । বুধবাৰে নিশা পৰ্যন্ত ধিং সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলালে বদৰুদ্দিন আজমলে । নিশা ধিঙত এখন জনসভাও সম্বোধন কৰে বদৰুদ্দিন আজমলে । জনসভা সম্বোধন কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াই আজমলে । বিশেষকৈ কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ বিস্ফোৰক অভিযোগ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ । বুধবাৰে নিশা নগাঁৱৰ ধিং সমষ্টিত উপস্থিত হৈ সাংসদ বদৰুদ্দিন অজমলে কৰে কেবাটাও মন্তব্য । চৰাঞ্চলত হোৱা উচ্ছেদ সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্য,

"চৰাঞ্চলত কংগ্ৰেছে বহুৱাইছিল অবৈধ মানুহ । এতিয়া বিজেপি চৰকাৰে উচ্ছেদ কৰিছে ।" কিন্তু লোকসভাত উচ্ছেদৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰে সাংসদ বদৰুদ্দিন আজমলে । কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত চৰাঞ্চলৰ লোকসকলক ভূমি পট্টা দিয়া হলে আজি বিজেপি চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলেহেতেন। ইপিনে আগন্তক লোকসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে সাংসদ বদৰুদ্দিন অজমলে। আগন্তক লোকসভা নিৰ্বাচনত অসমৰ তিনিখন আসনত প্ৰাৰ্থীত্ব দিয়াটো নিশ্চিত বুলিও উল্লেখ কৰি বদৰুদ্দিন আজমলৰ মন্তব্য। অসমৰ তিনিখন আসনতেই এ আই ইউ ডি এফ দলে জয়লাভ কৰিব।

বাকী এঘাৰটা সমষ্টি কংগ্ৰেছৰ বাবে এৰি দিয়া বুলি উল্লেখ কৰে আজমলে। নগাঁও লোকসভা সমষ্টিৰ পৰা আমিনুল ইছলাম জয়ী হলে সংসদত মিঞা ভাষা ক’ব বুলিও উল্লেখ কৰে সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰে বদৰুদ্দিন আজমলে। ইপিনে ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইন কংগ্ৰেছৰ প্ৰাৰ্থী হলে প্ৰথমবাৰৰ বাবে ৰকিবুল হুছেইন পৰাজিত হ’ব বুলিও মন্তব্য কৰে আজমলে। ধুবুৰীত ৰকিবুল হুছেইনৰ প্ৰাৰ্থীত্ব চূড়ান্ত হোৱা বুলি চর্চা আৰম্ভ হোৱাৰ পিছৰ পৰাই ধুবুৰীৰ বহু কংগ্ৰেছীয়েও তেওঁৰ সৈতে যোগাযোগ অব্যাহত ৰখা বুলি মন্তব্য কৰে আজমলে। আনকি ধুবুৰীত ৰকিবুল হুছেইনৰ থকা খোৱাৰ ব্যৱস্থাও তেৱেই কৰি দিব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ৯ মাৰ্চত বিৰোধীৰ অৱস্থান ধৰ্মঘটৰে CAAৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.