ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ৯ মাৰ্চত বিৰোধীৰ অৱস্থান ধৰ্মঘটৰে CAAৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 10:10 AM IST

Updated : Mar 7, 2024, 11:09 AM IST

Stage sit in against CAA : বৰ্তমানেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ পৰা কোনো সুদুত্তৰ পোৱা নাই বিৰোধী ঐক্য মঞ্চই ৷ যদিহে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপায়, তেন্তে ৯ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কলিয়াবৰত প্ৰতিবাদত বহাৰ পৰিকল্পনা কৰিছে বিৰোধী ঐক্য মঞ্চই ৷ এই কথা স্পষ্ট কৰিছে সভাপতি ভূপেন বৰাই ।

প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ৯ মাৰ্চত বিৰোধীৰ অৱস্থান ধৰ্মঘটৰে CAAৰ প্ৰতিবাদ
প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ৯ মাৰ্চত বিৰোধীৰ অৱস্থান ধৰ্মঘটৰে CAAৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ৯ মাৰ্চত বিৰোধীৰ অৱস্থান ধৰ্মঘটৰে CAAৰ প্ৰতিবাদ

গুৱাহাটী, ৭ মাৰ্চ : দুদিনীয়া অসম ভ্ৰমণৰ সময়ত কা বলৱৎ সম্পৰ্কে বিৰোধীৰ ওজৰ আপত্তিসমূহ শুনিবলৈ সময় নহ’লে প্ৰতিবাদৰ সন্মুখীন হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ বিৰোধী ঐক্য মঞ্চই ইতিপূৰ্বে কা বলৱৎ সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি তেওঁৰ সাক্ষাতৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছিল যোৱা ৩ মাৰ্চ তাৰিখে ৷ কিন্তু এই পৰ্যন্ত প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাতৰ অনুমতি লাভ কৰা নাই বিৰোধী ঐক্য মঞ্চই ৷ গতিকে এইবাৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কালছোৱাত অৱস্থান ধৰ্মঘটত বহাৰ সিদ্ধান্ত বিৰোধীৰ ৷

সকলোৰে জ্ঞাত যে, অহা ৮ মাৰ্চত অসমলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কালছোৱাতে ৯ মাৰ্চৰ দিনা নগাঁও জিলাৰ কলিয়াবৰত অসমৰ কংগ্ৰেছ নেতৃত্বাধীন ১৬ টা বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ আৰু CAA কাৰ্যকৰীকৰণৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘটত বহিব ৷ সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷

“আমি CAA বলৱৎ হ’লে অসমত ঘটিব পৰা সংকটৰ বিষয়ে জনাবলৈ প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছিলো ৷ কিন্তু এতিয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আমি সঁহাৰি লাভ কৰা নাই ৷’’ এই মন্তব্য বিৰোধী ঐক্যমঞ্চ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

লগতে বৰাই কয়, ‘‘আমি ৯ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া কাজিৰঙাৰ ওচৰৰ কলিয়াবৰত অৱস্থান ধৰ্মঘটত বহিম ৷ শেষ মুহূৰ্ততো যদি প্ৰধানমন্ত্ৰীয়ে আমাক মাতিলে আমি তাৎক্ষণিকভাৱে যাব পাৰো ৷ যদি নামাতে আমি কলিয়াবৰত অৱস্থান ধৰ্মঘট পালন কৰি প্ৰধানমন্ত্ৰীক জনাই দিম আমি কিয় CAA বিৰোধিতা কৰো’’ ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণ, পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী

দেশত কা বলৱৎ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰাৰ পিচতে এই বিষয় লৈ আলোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎ বিচাৰি প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল কংগ্ৰেছ নেতৃত্বাধীন অসমৰ বিৰোধী ঐক্যমঞ্চই ৷ বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ‌য়ে সমাগত লোকসভা নিৰ্বাচন ২০২৪-ৰ পূৰ্বে অসমত নাগৰিকত্ব সংশোধনী আইন ২০১৯ প্ৰৱৰ্তনৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিচত শেহতীয়াকৈ উদ্ভৱ হোৱা অসমৰ পৰিস্থিতিৰ মূল্যায়ন কৰিবলৈ মঞ্চৰ প্ৰতিনিধিৰ লগত প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিছিল ।

পত্ৰখনৰ জৰিয়তে বিৰোধী ঐক্যমঞ্চই উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ সুবিধা অনুযায়ী অহা ৮ নাইবা‌ ৯ মাৰ্চত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ‌ সময়ত প্ৰধানমন্ত্ৰীক সাক্ষাৎ বিচাৰে । কিন্তু বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই বিৰোধী ঐক্যমঞ্চই । সেয়ে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ নাপালে ৯ মাৰ্চৰ দিনা CAA ৰ বিৰোধিতাৰে কাজিৰঙাৰ সমীপৰ কলিয়াবৰত অৱস্থান ধৰ্মঘটত বহিব বিৰোধী ৷ বুধবাৰে এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণকালত অসমত বিৰোধীক আলোচনালৈ মাতে নে নাই সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?

Last Updated : Mar 7, 2024, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.