ETV Bharat / state

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিচতহে মুকলি বিজেপিৰ সংকল্প পত্ৰৰ অসমীয়া সংস্কৰণ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 20, 2024, 3:23 PM IST

Lok Sabha Election 2024: ৰাজ্যিক বিজেপিয়ে শনিবাৰে মুকলি কৰে দলৰ সংকল্প পত্ৰৰ অসমীয়া সংস্কৰণ । প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ এদিন পিচত মুকলি এই সংকল্প পত্ৰ । ভোটগ্ৰহণ হৈ যোৱা আটাইকেইটা সমষ্টি বিজেপিয়ে দখল কৰাৰ দাবী জয়ন্ত মল্লবৰুৱাৰ ।

BJP manifesto
মুকলি বিজেপিৰ সংকল্প পত্ৰৰ অসমীয়া সংস্কৰণ

মুকলি বিজেপিৰ সংকল্প পত্ৰৰ অসমীয়া সংস্কৰণ

গুৱাহাটী, ২০ এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে । কিন্তু ভোটাৰ ৰাইজে নাপালে ভাৰতীয় জনতা পাৰ্টীৰ অসমীয়া সংস্কৰণৰ সংকল্প পত্ৰ অৰ্থাৎ নিৰ্বাচনী ইস্তাহাৰ । অৱশ্যে বিজেপিতকৈ আগতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন‌ৰ পূৰ্বেই কংগ্ৰেছ দলে তেওঁলোকৰ অসমীয়া সংস্কৰণৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি ৰাইজৰ‌ মাজত বিতৰণ কৰিলে ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ এদিন পিচতহে বিজেপিৰ ৰাজ্যিক কমিটীৰ সভাপতি ভৱেশ‌ কলিতাই দলটোৰ অসমীয়া সংস্কৰণৰ সংকল্প পত্ৰখন শনিবাৰে মুকলি কৰে । ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় গুৱাহাটীস্থিত বাজপেয়ী‌ ভৱনত মুকলি কৰা হয় সংকল্প পত্ৰখন । অনুষ্ঠানত মন্ত্ৰী জয়ন্ত‌ মল্ল‌বৰুৱাও উপস্থিত থাকে । সংকল্প পত্ৰৰ অসমীয়া সংস্কৰণ মুকলিত পলম হোৱা বিষয়ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ইতিমধ্যে দলটোৱে সংকল্প পত্ৰৰ ইংৰাজী আৰু হিন্দী সংস্কৰণ ৰাইজৰ‌ মাজত বিতৰণ কৰা হৈছে । কিন্তু অসমীয়া সংস্কৰণখন মুকলি কৰিব পৰা হোৱা নাছিল ।

তেওঁ কয় যে সংকল্প পত্ৰখন ডাঙৰ কলেৱৰৰ আছিল‌ বাবে অসমীয়া ভাষালৈ অনুবাদ কৰি ছপা কৰাত পলম হ'ল । শাসনৰ গাদীত থকা বিজেপি ধনে-বলে শক্তিশালী । কিন্তু লোকসভা নিৰ্বাচনৰ বাবে দলৰ গুৰুত্বপূৰ্ণ ইস্তাহাৰখনৰ অসমীয়া সংস্কৰণ এটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পিচত মুকলি কৰা বিষয়টোক লৈ বিশেষ তাৎপৰ্য বহন কৰিছে । ইফালে সংবাদমেলত বৰুৱাই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৫ টা সমষ্টিতে বিপুল ভোটত বিজে‌পি মিত্ৰজোঁটৰ‌ প্ৰাৰ্থী জয়ী হোৱাৰো দাবী কৰে । লগতে তেওঁ অসমৰ ১৪ টা লোকসভা সমষ্টিয়ে বিজেপি তথা মিত্ৰজোঁটে দখল কৰিব বুলি দাবী কৰে ।

লগতে পঢ়ক :ৰাহুল গান্ধীৰ মতে বিজেপিয়ে সমগ্ৰ দেশত লাভ কৰিব ১৫০ তকৈ কম আসন - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.