ETV Bharat / politics

ৰাহুল গান্ধীৰ মতে বিজেপিয়ে সমগ্ৰ দেশত লাভ কৰিব ১৫০ তকৈ কম আসন - Lok Sabha Election 2024

author img

By ANI

Published : Apr 20, 2024, 3:07 PM IST

Lok Sabha polls: বিজেপি দলক ১৫০ খনৰ অধিক আসন দিব খোজা নাই ৰাহুল গান্ধীয়ে । সমগ্ৰ দেশত গেৰুৱা দলটোৱে মাত্ৰ ১৫০ খনহে আসন পাব বুলি কংগ্ৰেছ নেতাগৰাকীয়ে ভাগলপুৰত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কয় ।

Lok Sabha polls
Lok Sabha Election 2024

নিউজ ডেস্ক, ২০ এপ্ৰিল: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শনিবাৰে দাবী কৰে যে বিজেপিয়ে ১৫০ খনতকৈ অধিক আসন লাভ নকৰে । "বিজেপিৰ লোকসকলে কৈয়েই আছে যে তেওঁলোকে ইমানখন আসন নিশ্চিত কৰিম, মই স্পষ্টকৈ কওঁ, তেওঁলোকে (বিজেপি) ১৫০ খনতকৈ অধিক আসন নাপাব । আনকি এখনো আসন ১৫০ তকৈ বেছি নাপাব ।" ভাগলপুৰত ৰাজহুৱা সভাত ভাষণ দি ৰাহুলে কয় ।

ভাৰতক দুবিধ শ্বহীদৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে অগ্নিবীৰ আঁচনিৰ অন্ত পেলোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । "INDI মিত্ৰজোঁটৰ চৰকাৰ অহাৰ লগে লগে আমি অগ্নিবীৰ আঁচনিৰ অন্ত পেলাম । ভাৰতত দুবিধ শ্বহীদৰ প্ৰয়োজন নাই । সকলোৱে পেঞ্চন পাব লাগে ।" ৰাহুলে কয় ।

ক্ষমতালৈ অহাৰ পাচত ন্যূনতম কৰ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে ৰাহুলে । তেওঁ লগতে কয়, "আমি জি এছ টি সলনি কৰিম । এটা কৰ থাকিব, ন্যূনতম কৰ । আশা আৰু অংগনৱাড়ী শ্ৰমিকৰ দৰমহা দুগুণ কৰিম ।"

লগতে তেওঁ কৃষকৰ ঋণ ৰেহাই দিয়াৰ লগতে ইণ্ডি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে কৃষকজনক নিশ্চিত ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।

"আমি কৃষকক দুটা নিশ্চয়তা দিছোঁ । কংগ্ৰেছ দলে কৃষকৰ ঋণ মাফ কৰিবলৈ ওলাইছে আৰু দ্বিতীয়তে ভাৰতৰ কৃষকক আমি নিশ্চিত ন্যূনতম সমৰ্থন মূল্য প্ৰদান কৰিবলৈ ওলাইছো ।"

লগতে তেওঁৰ চৰকাৰে ভাৰতৰ সকলো স্নাতক আৰু ডিপ্লমাধাৰীক এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰ প্ৰদান কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে । তেওঁ লগতে কয় যে এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰৰ অধীনত প্ৰতিজন ব্যক্তিয়ে এবছৰৰ বাবে ৰাজহুৱা, ব্যক্তিগত আৰু চৰকাৰী খণ্ডত দৰমহাৰ সৈতে এপ্ৰেণ্টিছশ্বিপ লাভ কৰিব আৰু যদি তেওঁলোকে ভাল প্ৰদৰ্শন কৰে তেন্তে তেওঁলোকে স্থায়ী চাকৰি নিশ্চিত কৰিব ।

"ভাৰতৰ সকলো স্নাতক আৰু ডিপ্লমাধাৰীক আমি এটা অধিকাৰ, এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰ দিম । এপ্ৰেণ্টিছশ্বিপৰ অধিকাৰৰ অৰ্থ হ'ল আমাৰ পৰৱৰ্তী চৰকাৰে ভাৰতৰ প্ৰতিজন যুৱক-যুৱতীক প্ৰথমে চাকৰিৰ অধিকাৰ প্ৰদান কৰিবলৈ ওলাইছো । সকলোৱে এবছৰৰ বাবে এপ্ৰেণ্টিছশ্বিপ পাব দৰমহাৰ সৈতে । তেওঁলোকে প্ৰশিক্ষণ লাভ কৰিব আৰু প্ৰথম বছৰত ভাল প্ৰদৰ্শন কৰিলে স্থায়ী চাকৰি পাব । এই এপ্ৰেণ্টিছশ্বিপৰ চাকৰিসমূহ ৰাজহুৱা ইউনিটত, ব্যক্তিগত খণ্ডত, চৰকাৰী খণ্ডত উপলব্ধ হ’ব ।" ৰাহুলে কয় ।

শুকুৰবাৰে ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তৃত ১০২ টা সংসদীয় সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ২০২৪ৰ ভোটগ্ৰহণৰ সামৰণি পৰে । দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ২৬ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু বাকী পৰ্যায়সমূহ সেই অনুসৰি ৭ মে’, ১৩ মে’, ২০ মে’, ২৫ মে’ আৰু ১ জুনত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক: গান্ধীনগৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল গৃহমন্ত্ৰী অমিত শ্বাহৰ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.