ETV Bharat / politics

গান্ধীনগৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল গৃহমন্ত্ৰী অমিত শ্বাহৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 10:50 PM IST

AMIT SHAH FILES NOMINATION
গান্ধীনগৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল গৃহমন্ত্ৰী অমিত শ্বাহৰ

শুকুৰবাৰে মনোনয়ন দাখিল কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে নেতাগৰাকীয়ে ৷

গান্ধীনগৰ, 19 এপ্ৰিল: শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গান্ধীনগৰ লোকসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে । গৃহমন্ত্ৰীগৰাকীয়ে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ প্ৰাৰ্থী সোনল পেটেলে ৷ দ্বিতীয়বাৰৰ বাবে সোনল পেটেলে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ৷ উল্লেখ্য যে 2019 ৰ লোকসভা নিৰ্বাচনত, অমিত শ্বাহে 5.55 লাখ ভোটৰ ব্যৱধানত চিজে চাৱদাক পৰাস্ত কৰি অভিলেখ সৃষ্টি কৰিছিল । চাৱদাই ২০১৯ ৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল যদিও পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল ।

মনোনয়ন দাখিল কৰাৰ পিচত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে গান্ধীনগৰ লোকসভা আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় ৷ ইয়াৰ কাৰণ হিচাপে তেওঁ কয় যে পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ মহান নেতাসকলে সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল ।

শ্বাহে কয়, ‘‘আজি মই গান্ধীনগৰ সমষ্টিৰ বাবে মোৰ মনোনয়ন দাখিল কৰিছো । এইটো মোৰ বাবে গৌৰৱৰ বিষয় যে এই সমষ্টিটোক এল কে আদৱানী, অটলজীয়ে প্ৰতিনিধিত্ব কৰিছিল ৷ যিটো সমষ্টিত নৰেন্দ্ৰ মোদী নিজেই ভোটাৰ । মই 30 বছৰ ধৰি এই সমষ্টিৰ পৰা এজন বিধায়ক আৰু সাংসদ হৈ আছো । এই অঞ্চলৰ মানুহে মোক অপৰিসীম মৰম দিছে । এসময়ত মই ইয়াৰ বুথ কৰ্মী আছিলো আৰু মই এই সমষ্টিটোৰ পৰাই সংসদলৈ গৈছিলো । গান্ধীনগৰত যোৱা পাঁচ বছৰত ২২,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প সম্পন্ন হৈছে ।’’

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ নিশ্চিত যে এন ডি এয়ে ৪০০ আসনৰ সীমা অতিক্ৰম কৰিব আৰু বিকশিত ভাৰতৰ ভেটি স্থাপন কৰিব ।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসা; মুখ্যমন্ত্ৰী-ৰাজ্যপালে সাব্যস্ত কৰিলে ভোটাধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.