অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসা; মুখ্যমন্ত্ৰী-ৰাজ্যপালে সাব্যস্ত কৰিলে ভোটাধিকাৰ - Elections in Arunachal Pradesh

author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 1:10 PM IST

election for arunachal assembly and lS election marred by violence governor and CM CAST VOTE

Voting in Arunachal pradesh: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ৰাজ্যপাল কৈৱল্য ত্ৰিবিক্ৰম পাৰনাইক, অৰুণাচল প্ৰদেশৰ ফাৰ্ষ্ট লেডী অনাঘা পাৰনাইকে ভোটাধিকাৰ সাব্যস্ত কৰে । দুটা ৰাজনৈতিক দলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত শিলগুটি নিক্ষেপৰ দৰে বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে ৷

তেজপুৰ, 19 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা সুচাৰুৰূপে আৰম্ভ হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত । অৰুণাচল প্ৰদেশৰ পূব আৰু পশ্চিম দুটা লোকসভা সমষ্টিৰ সমান্তৰালভাবে 60 টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে ।

অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল কৈৱল্য ত্ৰিবিক্ৰম পাৰনাইক, অৰুণাচল প্ৰদেশৰ ফাৰ্ষ্ট লেডী অনাঘা পাৰনাইক, আই এ এছ, অৰুণাচল প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া পৱন কুমাৰ ছাইন আৰু তেওঁৰ সহধৰ্মিনী শ্বেতা নাগৰকোটিয়ে ইটানগৰ (এছ টি) বিধানসভা সমষ্টিত ভোটদান কৰে ।

election for arunachal assembly and lS election marred by violence governor and CM CAST VOTE
অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসা; মুখ্যমন্ত্ৰী-ৰাজ্যপালে সাৱ্যস্ত কৰিলে ভোটাধিকাৰ

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । স্থানীয় ৰাইজৰ লগত একেলগে শাৰী পাতি খাণ্ডুয়ে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে । ৰাজ্যখনত বৰ্তমানলৈকে শান্তিপূৰ্ণভাবে ভোটগ্ৰহণ চলি আছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । অৰুণাচল প্ৰদেশৰ বিধানসভা আৰু লোকসভা নিৰ্বাচনত মুঠ 8,86,848 জন ব্যক্তিয়ে ভোটদান কৰিব । ৰাজ্যখনৰ মহিলা ভোটাৰৰ সংখ্যা হৈছে 4,01,601 টা ।

অৰুণাচল প্ৰদেশত পূব লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী সাংসদ তাপীৰ গাৱ আৰু পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুয়ে ।

election for arunachal assembly and lS election marred by violence governor and CM CAST VOTE
অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসা; মুখ্যমন্ত্ৰী-ৰাজ্যপালে সাৱ্যস্ত কৰিলে ভোটাধিকাৰ

এইবাৰ নিৰ্বাচন আয়োগে প্ৰথমবাৰৰ বাবে ভোটদান কৰা ভোটাৰক বিশেষ অগ্ৰাধিকাৰ দিয়া দেখা গৈছে ৷ ৰাজ্যখনত 18/19 বছৰ বয়সৰ 46,144 জন ভোটাৰ, 80 বছৰীয়া ভোটাৰ 4257 আৰু শতবৰ্ষীয় ভোটাৰ 232 গৰাকী আছে । মুঠ 2226 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে ।

ৰাজ্যখনৰ লংডিং জিলাৰ পুমাও কেন্দ্ৰত সৰ্বাধিক ভোটাৰ 1462 ৷ আনহাতে, আঞ্জাও জিলাৰ হায়ুলিয়াং বিধানসভা সমষ্টিৰ মালেগাওঁত মাত্ৰ এগৰাকী মহিলা ভোটাৰ আছে । মন কৰিবলগীয়া যে, নিৰ্বাচন আয়োগে 204 টা নগৰীয়া ভোটকেন্দ্ৰত, আৰু 202 টা গ্ৰাম্য ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা স্থাপন কৰিছে । লগতে 750 টা ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিং হ’ব, আৰু 342 টা ভোটগ্ৰহণ কেন্দ্ৰত অফলাইন ভোটদানৰ সুবিধা থাকিব ।

election for arunachal assembly and lS election marred by violence governor and CM CAST VOTE
অৰুণাচল প্ৰদেশত নিৰ্বাচনী হিংসা; মুখ্যমন্ত্ৰী-ৰাজ্যপালে সাৱ্যস্ত কৰিলে ভোটাধিকাৰ

দূৰণিৰ ভোট কেন্দ্ৰসমূহলৈ যাবলৈ বতৰৰ পৰিস্থিতি সাপেক্ষে তালি, বিজয়নগৰ, পিপছ’ৰাং, টাক্সিং, আনিনি, টোটিং, আৰু অন্যান্য দুৰ্গম অঞ্চলৰ দৰে ঠাইৰ বাবে হেলিকপ্টাৰৰ জৰিয়তে প্ৰয়োজনীয় সামগ্ৰী আৰু ভোটগ্ৰহণকাৰী দল লৈ যোৱা হৈছে।

তুলনামূলকভাৱে, 2019 চনত 91 টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছিল আৰু এই নিৰ্বাচনত মুঠ 153 গৰাকী মহিলাই পৰিচালনা কৰিছে ভোটগ্ৰহণ কেন্দ্ৰ । ৰাজ্যিক নিৰ্বাচন আয়োগে 480 টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ হিচাবে চিনাক্ত কৰিছে ৷ এই কেন্দ্ৰসমূহত ফোন বা ইণ্টাৰনেট সংযোগৰ ব্যৱস্থা নাই ।

লগতে পঢ়ক: মেঘালয়ত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.