বিশেষ চিহ্নযুক্ত ই ৰিক্সাহে প্ৰৱেশ কৰিব পাৰিব অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত - Syndicate raj charges at AMCH
Dibrugarh SP Press meet : অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইন শৃংখলা সন্দৰ্ভত সংবাদমেল সম্বোধন জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীৰ ৷ এতিয়াৰে পৰা যানজঁটৰ ক্ষেত্ৰতো বহু নতুন নিয়ম প্ৰযোজ্য কৰা হ’ব অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত ৷ জানক সবিশেষ...

Published : May 20, 2024 at 7:25 PM IST
মৰাণ, 20 মে’ : অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ভিতৰচ’ৰাত দালালৰ দপদপনি চলিছে । এই অভিযোগ আজিৰ নহয়, দীৰ্ঘদিনৰে পৰা চলি আহিছে ৷ কিয়নো একাংশ ডাক্তৰ আৰু কৰ্মচাৰীয়ে কমিছনৰ অংকত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্ভৱপৰ সকলো চিকিৎসা আৰু পৰীক্ষা চৌহদৰ বাহিৰৰ একাংশ লেবৰেটৰীত দালালৰ জৰিয়তে কৰোৱাই আহিছে ।
দৈনিক দালালৰ জৰিয়তে সাধাৰণ ৰোগীসকলক ব্যক্তিগত লেবৰেটৰীত পৰীক্ষা কৰোৱাই বক্ৰপথেৰে অৰ্জন কৰিছে লক্ষ লক্ষ টকা । অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত একাংশ চিকিৎসকৰ বাবে চিকিৎসালয়ৰ ভিতৰচ’ৰাত দালালৰ জন্ম হোৱাৰ লগতে ইয়াৰ দপদপনিত সাধাৰণ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । সমান্তৰালকৈ হাস্পতাল চৌহদত চলি থকা অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানত বহু অপৰাধমূলক ঘটনা সংঘটিত হৈ অহাৰো অভিযোগ উত্থাপন হৈ আহিছে ।
লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত ছিণ্ডিকেটৰ অভিযোগ বিজেপি নেতাৰ - Allegation Against AMCH
বছৰৰ পাছত বছৰ ধৰি একাংশ দালালে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত দালালৰাজ চলাই অহাৰ কথা খোদ ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি জনোৱাৰ লগতে অৱগত কৰিছিল চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষক ৷ ইয়াৰ পাছতে হাস্পতাল কৰ্তৃপক্ষই এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাত তৎপৰ হৈ পৰা দেখা যায় ।
উল্লেখ্য যে, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কঠোৰ নিৰ্দেশত চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰে আৰক্ষী প্ৰশাসনে । ইতিমধ্যে আৰক্ষীয়ে কেইবাটাও তেজৰ দালাল আৰু ৰোগীৰ পৰীক্ষা ব্যক্তিগত লেবৰেটৰীত কৰোৱাই দালালী কৰা মহিলাকো আটক কৰিছে । কেৱল এয়াই নহয়, হাস্পতালখনৰ চৌহদত থকা অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানতো উচ্ছেদ চলাইছে পৌৰ নিগম আৰু জিলা প্ৰশাসনে ।
লগতে পঢ়ক: তেজৰ নামত চলিছে দালালি; অসম চিকিৎসা মহাবিদ্যালয়ত 6 দালাল আটক - Blood Broker Arrested
তাৎপৰ্যপূৰ্ণভাৱে অসম চিকিৎসা মহাবিদ্যালয়ত সৃষ্টি হোৱা এই অৰাজক পৰিৱেশক লৈ সোমবাৰে এখন সংবাদমেল সম্বোধন কৰে জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডীয়ে । অসম চিকিৎসা মহাবিদ্যালয়খনত চলি তথা দালালৰাজ বন্ধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হোৱা বুলি সংবাদমেলত প্ৰকাশ কৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ।
জিলা আয়ুক্ত আৰু হাস্পতাল কৰ্তৃপক্ষৰ লগত চিকিৎসা মহাবিদ্যালয়ত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰা বাবে কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হৈছে বুলি সদৰী কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।
লগতে পঢ়ক: যানজঁটৰ সমস্যা: অসম চিকিৎসা মহাবিদ্যালয় চৌহদত উচ্ছেদ অভিযান প্ৰশাসনৰ - ASSAM MEDICAL COLLEGE
ৰেড্ডীয়ে লগতে কয় যে, চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত চলি থকা দালালৰাজ বন্ধ কৰিবলৈ নিৰাপত্তাৰক্ষীৰ সংখ্যাও বৃদ্ধি কৰা হৈছে । লগতে এই চৌহদত সৃষ্টি হোৱা যানজঁটৰ সমস্যা সমাধান কৰিবলৈ নতুন পৰিকল্পনা গ্ৰহণ কৰা হৈছে । এতিয়াৰে পৰা কিছু নিৰ্বাচিত ই ৰিক্সাহে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত প্ৰৱেশ কৰিব পাৰিব । এই ই ৰিক্সাসমূহ এক বিশেষ চিনযুক্ত হ'ব, যাতে সকলো লোকে সহজে চিনি পোৱাত সুবিধা হয় ।

