ETV Bharat / politics

অপেক্ষা কাইলৈৰ বাবে; প্ৰধানমন্ত্ৰী মোদীয়ে বিজয়ৰ নতুন অভিলেখ গঢ়িব পাৰিবনে ? - Lok Sabha Election Result 2024

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 9:22 AM IST

Lok Sabha Election 2024 : অপেক্ষা আৰু কিছু ক্ষণৰ ৷ কাইলৈ ঘোষণা হ’ব​ লোকসভা নিৰ্বাচনৰ ফলাফল । দেশৰ হট চিট বুলি বিবেচিত বাৰাণসত এতিয়া চকু সকলোৰে । এইবাৰ বিজেপিয়ে ইয়াৰ পৰাই ১০ লাখ ভোটত প্ৰধানমন্ত্ৰী মোদীক জয়ী কৰাৰ শ্ল’গান দিছিল যদিও এইবাৰ নতুন অভিলেখ সৃষ্টি কৰাটো কঠিন যেন লাগিছে ! বাৰাণস আসনৰ A to Z এই প্ৰতিবেদনত...

Lok Sabha Election 2024
অপেক্ষা আৰু কিছু ক্ষণৰ (Etv Bharat)

নেশ্যনেল ডেস্ক, ৩ জুন : ‘‘না মোক কোনোবাই পঠিয়াইছে, না মই নিজে ইয়ালৈ আহিছো, মোক মা গংগাই মাতিছে ।’’ এই বাক্যকেইশাৰী চাগে আপোনাৰ নিশ্চয় মনত আছে ! হয় আপুনি ঠিকেই অনুমান কৰিছে ৷ এয়া ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া বক্তব্য ৷ এতিয়াও কাশীবাসীৰ মনত আছে ।

এক কথাত ক’ব পাৰি যে যিখন চহৰে একেৰাহে দুবাৰ অভিলেখ ভোটৰ ব্যৱধানত প্ৰধানমন্ত্ৰী মোদীক সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল, তেতিয়া সেই ৰাইজে নিশ্চয় প্ৰাৰ্থীজনৰ মাজত বেলেগ কিবা এটা দেখা পাইছিল । এই ভিত্তিতে ২০২৪ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ১০ লাখৰ ব্যৱধানত জয়ী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল বিজেপিয়ে । সেয়ে ইয়াৰ পাচতেই তেওঁ প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে ।

Lok Sabha Election 2024
অপেক্ষা আৰু কিছু ক্ষণৰ (ETV Bharat)

বাৰাণসীৰ আসনখন হৈছে দেশৰ এখন অন্যতম আসন বুলি গণ্য কৰা হয় । বেছিভাগ বিৰোধীয়েই এই ঠাইখনৰ ওপৰত প্ৰতিটো ক্ষণতে নিজৰ দৃষ্টি নিক্ষেপ কৰি থাকে ৷ কাৰণ ইয়াৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সাংসদ হৈছে । সেয়াও একেৰাহে দুবাৰকৈ ।

Lok Sabha Election 2024
কাইলৈ ঘোষণা হ’ব​ লোকসভা নিৰ্বাচনৰ ফলাফল (ETV Bharat)

২০১৪ চনৰ নিৰ্বাচনত তেওঁ দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল - গুজৰাটৰ বডোদৰা আৰু উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা । দুয়োখন আসনৰ পৰাই তেওঁ জয়ী হৈছিল । পিছত বদোদৰাৰ আসন এৰি কাশী আসন বাছি লৈছিল । ইয়াৰ পিছত কি হৈছিল সকলোৱে দেখিছিল । কাশীয়ে তেওঁক পুনৰ সাংসদ হিচাবে বিপুল ভোটেৰে জয়লাভ কৰে । কাশীত এই জয়ৰ লগে লগে বিজেপি অধিক আত্মবিশ্বাসী হৈ পৰিল ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰত লোকসভাৰ ৪০ খনতকৈও অধিক আসন লাভ কৰিম : আত্মবিশ্বাসী মুখ্যমন্ত্ৰী একনাথ সিন্দে - Maharashtra CM Eknath Shinde

বাৰাণসৰ জাতীয় সমীকৰণ কি : অন্ত পৰিল ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । ১ জুনত বাৰাণস আসনতো ভোটগ্ৰহণ কৰা হৈছে । ইয়াৰ ফলাফল আহিব ৪ জুনত । বাৰাণস আসনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অজয় ​​ৰায়ৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব বুলি অনুমান কৰা হৈছে ।

Lok Sabha Election 2024
প্ৰধানমন্ত্ৰী মোদীয়ে ১০ লাখ ভোটত জয়ী হ’ব পাৰিবনে ? (ETV Bharat)

আমাৰ হাতত পৰা কিছু তথ্য অনুসৰি জানিবলৈ চেষ্টা কৰিছো যে প্ৰধানমন্ত্ৰী মোদীয়ে ১০ লাখ ভোটত জয়ী হ’ব পাৰিবনে ? ভোটৰ সমীকৰণৰ কথা ক’বলৈ গ’লে বাৰাণসত ৮২% হিন্দু ভোটাৰ আছে । মুছলমানৰ সংখ্যা ১৬ শতাংশ । ইয়াৰ উপৰিও হিন্দুসকলৰ মাজতো ১২ শতাংশ ভোটাৰ অনুসূচিত জাতিৰ আৰু এটা বৃহৎ অংশ পিছপৰা জাতি ।

১৯ লাখৰো অধিক ভোটাৰে নিজৰ সাংসদ নিৰ্বাচন কৰে : বাৰাণস আসনত মুঠ ভোটাৰৰ সংখ্যাৰ ১৯,৬২,৮২১ জন । ইয়াৰে ৮,৯৭,৩৪৩ গৰাকী মহিলা ভোটাৰ আৰু ১০,৬৫,৩৪৩ গৰাকী পুৰুষ ভোটাৰ । আনহাতে অন্য ভোটাৰ আছে ১৩৫ জন । এই আসনৰ ৬৫ শতাংশ জনসংখ্যা চহৰ অঞ্চলত আৰু ৩৫ শতাংশ জনসংখ্যা গ্ৰামাঞ্চলত বাস কৰে । মুঠ জনসংখ্যাৰ ১০.০১ শতাংশ জনজাতীয় আৰু ০.৭ শতাংশ দলিত শ্ৰেণীৰ ।

Lok Sabha Election 2024
অপেক্ষা কাইলৈৰ বাবে (ETV Bharat)

২০১৪ চনৰ পৰিসংখ্যাৰ ওপৰত এভূমুকি : ২০১৪ চনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে মুঠ ৫,৮১,০২২ টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত অৰবিন্দ কেজৰিৱালে লাভ কৰিছিল ২,০৯,২৩৮ টা ভোট । তৃতীয় স্থানত কংগ্ৰেছ প্ৰাৰ্থী অজয় ​​ৰায়ে ৭৫,৬১৪ টা ভোট লাভ কৰে ।

২০১৪ চনত মুঠ ৫৮.৩৫ শতাংশ ভোটদান হৈছিল । ইয়াত প্ৰধানমন্ত্ৰী মোদীয়ে ৩.৩৭ লাখ ভোটত জয়লাভ কৰে ৷

লগতে পঢ়ক : কিয় নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে জনতাই ? - Lok Sabha Election 2024

২০১৯ বৰ্ষৰ নিৰ্বাচনী পৰিসংখ্যা : ২০১৯ বৰ্ষৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬,৭৪,৬৬৪ টা ভোট লাভ কৰাৰ বিপৰীতে সমাজবাদী পাৰ্টীৰ শালিনী যাদৱে ১,৯৫,১৫৯ টা ভোট লাভ কৰে । পুনৰবাৰ ১,৫২,৫৪৮টা ভোট লাভ কৰি তৃতীয় স্থানত থাকে অজয় ​​ৰায় ।

চাৰি লাখৰো অধিক ব্যৱধানত জয়লাভ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে । দ্বিতীয়বাৰৰ বাবে এই আসনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাংসদ হিচাপে নিৰ্বাচিত কৰা কাশীবাসীয়ে সৰ্বাধিক ৬৩.৫৯ শতাংশ ভোট দিয়ে ।

২০১৪ চনৰ পৰিসংখ্যাই কি কয় ? : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এইবাৰ মুঠ ৭ জন প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত নামিছে ৷ অৰ্থাৎ যোৱা দুটা নিৰ্বাচনতকৈ বহু কম প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে ৷ আনহাতে ২০১৪ চনৰ নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে ৪১ জন প্ৰাৰ্থীয়ে যুঁজত নামিছিল, আনহাতে ২০১৯ চনৰ নিৰ্বাচনত ২৬ জন প্ৰাৰ্থীয়ে খেলপথাৰত নামিছিল ।

এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে যুঁজত নমা প্ৰধান প্ৰাৰ্থী হৈছে কংগ্ৰেছৰ অজয় ​​ৰায় আৰু বিএছপিৰ অথৰ জামাল লাৰী । যদি আমি ভোটদানৰ শতাংশৰ হিচাবে কওঁ, তেন্তে ১ জুনৰ সন্ধিয়া ৬ বজালৈকে বাৰাণসীত মুঠ ৫৬.৩৫ শতাংশ ভোটদানৰ তথ্য পোৱা গৈছে ।

দুবছৰৰ তথ্য আৰু ভোটৰ শতাংশ তুলনা কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ জয়ৰ হ’ব বুলি ভৱিষ্যদ্বাণী কৰিব পৰা যায় ।

লগতে পঢ়ক : অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন; ৮ ৰাজ্যৰ ভোটাৰে মুকলিকৈ অংশ লৈছে গণতান্ত্ৰিক উৎসৱত - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.