ETV Bharat / state

যানজঁটৰ সমস্যা: অসম চিকিৎসা মহাবিদ্যালয় চৌহদত উচ্ছেদ অভিযান প্ৰশাসনৰ - ASSAM MEDICAL COLLEGE

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 8:55 PM IST

Eviction drive in Dibrugarh : অসম চিকিৎসা মহাবিদ্যালয় চৌহদত থকা আৰু পথৰ কাষত থকা ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদ ৷ আৰক্ষীয়ে পুনৰ আটক কৰিলে মহিলা দালালক ৷

Eviction drive in Dibrugarh
Etv Bharatঅসম চিকিৎসা মহাবিদ্যালয় চৌহদত উচ্ছেদ (ETV BHARAT ASSAM)

অসম চিকিৎসা মহাবিদ্যালয় চৌহদ আৰু পথৰ কাষত উচ্ছেদ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 18 মে’ : ডিব্ৰুগড় চহৰত সৃষ্টি হোৱা যানজঁটৰ সমস্যাই দীৰ্ঘদিন ধৰি জলাকলা খুৱাইছে ডিব্ৰুগড়ৰ ৰাইজৰ লগতে চহৰখনলৈ অহা ৰাইজকো ৷ বিশেষকৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ দুয়োকাষে পদপথত গঢ়ি উঠা ব্যৱসায়িক প্ৰতিস্থানসমূহৰ বাবে প্ৰতিদিনে সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ ৷ ইয়াৰ পাচতে আজি অসম চিকিৎসা মহাবিদ্যালয়ত উচ্ছেদত নামিল ডিব্ৰুগড় জিলা প্ৰশাসন ৷ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত পথৰ দুয়োকাষে অবৈধভাৱে ৰঘুমলাৰ দৰে গঢ় লৈ উঠা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত আজি জিলা প্ৰশাসন, আৰক্ষীৰ সহযোগত পৌৰ নিগমে উচ্ছেদ অভিযান চলায় ৷ আৰক্ষীৰ সহযোগত উচ্ছেদ কৰা হয় অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ ৷ চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত থকা বহু অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানো উচ্ছেদ কৰে প্ৰশাসনে ৷

আজি এই উচ্ছেদৰ সমান্তৰালভাৱে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৰোগীক বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰাৰ নামত দালালি কৰাৰ অভিযোগত শেৱালী দাস নামৰ এগৰাকী মহিলাক আটক কৰি মহাবিদ্যালয়ৰ নিৰাপত্তাৰক্ষীয়ে ধৰি গতাই দিয়ে আৰক্ষীক ৷ এই মহিলাগৰাকীয়ে দালালি কৰা ভিডিঅ' প্ৰকাশ পাইছিল সামাজিক মাধ্যমত ৷ ইয়াৰ দুটা দিন পূৰ্বে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিৰাপত্তাৰক্ষীয়ে কৰায়ত্ত কৰিছিল 6 টা তেজৰ দালাল ৷ তেজ দিয়াৰ নামত শ শ টকা সংগ্ৰহ কৰি অহা ধৃত 6 টা তেজৰ দালালক নিৰাপত্তাৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰি গতাই দিছিল আৰক্ষীক ৷

অভিযোগ উত্থাপন হৈছে যে, অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰচ’ৰাত দালালৰ দপদপনি চলিছে ৷ কিয়নো একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে কমিছনৰ অংকত অসম চিকিৎসা মহাবিদ্যালয়ত সম্ভৱ হোৱা চিকিৎসা আৰু পৰীক্ষা এতিয়া চৌহদৰ বাহিৰৰ একাংশ ব্যক্তিগত লেবৰেটৰীত আৰম্ভ কৰিছে ৷ দৈনিক দালালৰ জৰিয়তে সাধাৰণ ৰোগীক ব্যক্তিগত লেবৰেটৰীত পৰীক্ষা কৰোৱাই আহৰণ কৰিছে লক্ষ লক্ষ টকা ৷ এনেবোৰ কথা ৰাজহুৱা হোৱাৰ পাচতে এতিয়া ৰাজ্যৰ স্বাস্থ্য বিভাগ এই ক্ষেত্ৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷

আনহাতে ৰাজ্য চৰকাৰৰ নিৰ্দেশত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত অসম চিকিৎসা মহাবিদ্যালয়ৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হৈ গৈছে ৷ চিকিৎসা মহাবিদ্যালয়লৈ অহা ৰোগীক হাৰাশাস্তি কৰা দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ জিলা আয়ুক্তই চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰভাগত তথা ইয়াৰ দাঁতিকাষৰীয়া এলেকাত আৰক্ষী তথা আৱকাৰী বিভাগক সষ্টম হৈ থকাৰ লগতে নিয়মিত অভিযান চলাবলৈ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক : তেজৰ দালাল: তাৎক্ষণিকভাৱে বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হৈছে: স্বাস্থ্যমন্ত্ৰী - Blood Broker Arrested

লগতে পঢ়ক : মিছন বসুন্ধৰা, ভূমিপট্টাৰ বাবে কৰা আবেদনৰ ৯৭ শতাংশই নহ'ল বিবেচিত - Mission Basundhara Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.