ETV Bharat / state

মিছন বসুন্ধৰা, ভূমিপট্টাৰ বাবে কৰা আবেদনৰ ৯৭ শতাংশই নহ'ল বিবেচিত - Mission Basundhara Assam

author img

By ETV Bharat Assamese Team

Published : May 18, 2024, 6:40 PM IST

Mission Basundhara Assam: ৰাজ্যত ভূমিৰ পট্টাৰ বাবে আবেদন কৰিছিল ২০ লাখ লোকে । যোগ্য হিচাপে বিবেচিত হয় প্ৰায় তিনি লাখ আবেদন । গুৱাহাটীত মাটিৰ পট্টাৰ বাবে আবেদন কৰা এক লাখৰ ৯৭ হাজাৰেই খাৰিজ হ'ল । ইটিভি ভাৰতৰ সাংবাদিক মাণিক কুমাৰ ৰায়ৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাৰ বিস্ফোৰণ ।

Mission Basundhara Assam
মিছন বসুন্ধৰা, ভূমিপট্টাৰ বাবে কৰা আবেদনৰ ৯৭ শতাংশই নহ'ল বিবেচিত (ETV Bharat)

মিছন বসুন্ধৰা, ভূমিপট্টাৰ বাবে কৰা আবেদনৰ ৯৭ শতাংশই নহ'ল বিবেচিত (ETV Bharat)

গুৱাহাটী,১৮ মে': খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰৱৰ্তন কৰা বসুন্ধৰা আঁচনিখন 'ধাপ্পাবাজী'ৰ বাহিৰে আন একো নহয় । এই মন্তব্য ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি তথা গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক প্রবীণজ্যোতি কলিতাৰ । শনিবাৰে ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে ব্যাপক ক্ষোভ উজাৰে ।

তেওঁ কয় যে ভূমি পট্টাৰ নামত গুৱাহাটীৰ এক লাখ পৰিয়ালৰ লগতে ৰাজ্যৰ ৪০ লাখ পৰিয়ালক প্ৰতাৰণা কৰিছে ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰৰ বসুন্ধৰা আঁচনিখনক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে বসুন্ধৰাত ৰাজ্যৰ প্ৰায় ২০ লাখ লোকে আবেদন কৰিছিল যদিও প্ৰায় ৩ লাখ আবেদন হে যোগ্য হিচাপে বিবেচিত হয় । সেইদৰে গুৱাহাটী মহানগৰীত পাহাৰ-ভৈয়ামৰ ১ লাখ লোকে আবেদন কৰিছিল যদিও ৯৭ হাজাৰ আবেদনেই খাৰিজ কৰা হয় ।

আনহাতে যোগ্য হিচাপে বিবেচিত হোৱা বহুতে লাখ লাখ টকাৰ প্ৰিমিয়াম দি মাটিৰ পট্টা কৰিব নোৱাৰে । প্ৰকৃততে চৰকাৰখনে ৰাইজক পট্টা দিয়াৰ নামত প্ৰৱঞ্চনা কৰিছে বুলি তেওঁ অভিযোগ কৰে । এনে প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছত ৰাজনৈতিকভাৱে চৰকাৰৰ বিৰুদ্ধে তীব্র আন্দোলন গঢ়ি তোলাৰ তেওঁ হুংকাৰ দিয়ে । তেওঁ কয় যে সমগ্র অসমত প্রায় ৪০ লাখ ভূমিহীন পৰিয়াল আছে । এইসকল খিলঞ্জীয়া লোকক চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে ।

আনহাতে গুৱাহাটীৰ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়া হ'ব বুলি ২০১৬ চনৰ পৰাই চৰকাৰখনে কৈ আহিছে । অতি নগণ্য সংখ্যক পৰিয়ালে পট্টা পোৱাৰ সম্ভাৱনা দেখা গৈছিল যদিও অধিকাংশই অত্যধিক মাচুলৰ বাবে পট্টাৰ পৰা বঞ্চিত হৈছে । চৰকাৰে একঠা মাটিতেই প্রিমিয়ামৰ নামত অধিক মাচুল সংগ্ৰহ কৰিবলৈ বিচাৰিছে । দুখীয়া পৰিয়ালে যদি বুজন পৰিমাণৰ প্রিমিয়াম দিবই পাৰে তেন্তে ফ্লেট কিনিলেহেঁতেন বুলিও তেওঁ উল্লেখ কৰে । টকা নাই বাবেহে চৰকাৰৰ পৰা কম মাচুলৰ বিনিময়ত মাটিৰ পট্টা বিচাৰিছে । কিন্তু চৰকাৰে এফালে মাটিৰ পট্টা দিম বুলি প্ৰচাৰ কৰি আনফালে অধিক ৰাজহ সংগ্ৰহত উঠিপৰি লাগিছে বুলি তেওঁ অভিযোগ কৰে ।

তেওঁ লগতে কয় যে গুৱাহাটীৰ ৰাইজক মাটিৰ পট্টা দিয়া হ'ব বুলি এখন নাটকহে কৰা হৈছে । গুৱাহাটীৰ ১ লাখ পৰিয়ালে চৰকাৰৰ ওচৰত মাটিৰ পট্টা বিচাৰি আবেদন কৰিছিল । ইয়াৰে মাত্ৰ ৩ হাজাৰ পৰিয়ালৰহে আবেদন গ্রহণ কৰি চৰকাৰে মাটিৰ পট্টা দিব বুলি নিশ্চিত কৰিছিল । আবেদন কৰা এক লাখ লোকৰ ৯৮ হাজাৰ বঞ্চিত হৈছে । আনহাতে তিনি হাজাৰ পৰিয়ালক মাটিৰ পট্টা দিয়া হ'ব বুলি ঠিক কৰা হৈছিল যদিও তাৰে অধিকাংশই অত্যধিক মাচুলৰ বোজাৰ বাবেই প্ৰক্ৰিয়াৰ পৰা আঁতৰিছে । এনে ব্যৱস্থাৰে ২০০ মান পৰিয়ালৰহে মাটিৰ পট্টা হ'ব পাৰে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে চৰকাৰৰ এই প্ৰতাৰণাৰ উত্তৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাজনৈতিকভাৱে দিয়া হ'ব । ইয়াৰ বাবে ৰাজ্যৰ পট্টাহীন লোকসকলক লৈ গুৱাহাটীত এখন ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰা হ'ব বুলি তেওঁ কয় । ৰাজ্যৰ পট্টাৰ পৰা বঞ্চিত পৰিয়ালসমূহ বিজেপিৰ সপক্ষে নাই বুলি সদৰি কৰি তেওঁ কয় যে আগন্তুক সময়ত ৰাজ্যৰ পট্টাহীন লোকসকলে ৰাজনৈতিকভাৱে যুঁজ দিব ।

লগতে পঢ়ক:মুছলমানৰ বৰ্ধিত জনসংখ্যাই অহা 50 বছৰৰ ভিতৰত হিন্দুৰ ভেঁটি অসুৰক্ষিত কৰিব : প্ৰবীণ তোগাড়ীয়া - Pravin Togadia Assam Visit
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.