পুষ্পা ২-দ্য ৰুল স্থগিত : নতুন মুক্তিৰ তাৰিখ ঘোষণা - Pushpa 2 The Rule release date
Pushpa 2 The Rule release date: বহু প্ৰত্যাশিত পান ইণ্ডিয়া ছবি ‘পুষ্পা ২’ৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে । প্ৰথম অৱস্থাত ১৫ আগষ্টত মুক্তি পাবলগীয়া ছবিখন এতিয়া ৬ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ।

By ETV Bharat Entertainment Team
Published : June 18, 2024 at 10:28 AM IST
চিটাৰা ডেস্ক, 18 জুন : চলচ্চিত্ৰপ্ৰেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকা পান ইণ্ডিয়া ছবি ‘পুষ্পা ২’ৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে । অহা ১৫ আগষ্টত মুক্তি পাবলগীয়া ছবিখন অহা ৬ ডিচেম্বৰত মুক্তি পাব বুলি সোমবাৰে নিৰ্মাতাই ঘোষণা কৰে । এই কথা ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা হৈছে । ছিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা চিনেমাপ্ৰেমীসকলৰ মাজত খলকনি তোলে এই খবৰে ।
"সকলো ভাষাতে আমাৰ টিজাৰ আৰু গীতৰ প্ৰতি দিয়া আপ্লুত সঁহাৰিত উৎসাহিত হৈ পৰিছো, আৰু আমি প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে সঁচাকৈয়ে ভাল পোৱা এখন ছবি আগবঢ়াম । আমি বিশ্বজুৰি দৰ্শক আৰু আমাৰ অংশীদাৰসকলক তেওঁলোকৰ অটল সমৰ্থনৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো ।
লগতে পঢ়ক : 15 আগষ্টত ছবিগৃহলৈ নাহে পুষ্পা ২ : দ্য ৰুল - Pushpa 2 The Rule release date
সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ উদ্যোগেও অবিশ্বাস্যভাৱে সহায় কৰিছে । ‘‘২০২৪ চনৰ ৬ ডিচেম্বৰত এতিয়া বিশ্বজুৰি মুক্তি পাব পুষ্পা ২ দ্য ৰুল । আমি আপোনালোকক শ্ৰেষ্ঠখিনি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ, আৰু আপুনি চিনেমা হলত শ্ৰেষ্ঠখিনিহে দেখিব ।’’
আল্লু অৰ্জুনক নায়ক হিচাপে লৈ ছবিখন পৰিচালনা কৰিছে সুকুমাৰে । নায়িকাৰ ভূমিকাত আছে ৰশ্মিকা মন্দন্না । যিহেতু প্ৰথম খণ্ডটো ব্লকবাষ্টাৰ আছিল, সেয়েহে দ্বিতীয় খণ্ডক লৈ দৰ্শকৰ মাজত আৰম্ভণিৰে পৰাই আশা বেছি দেখা গৈছে । শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰচাৰমূলক ছবিয়ে এই আশা দুগুণ বঢ়াই তোলে ।
বৰ্তমান ৰামোজী ফিল্ম চিটিত ছবিখনৰ দৃশ্যগ্ৰহণ চলি আছে । কিছুমান মূল দৃশ্যৰ শ্বুটিং কৰাৰ লগতে গ্ৰাম্য দৃশ্যও দেখুওৱা হৈছে । উল্লেখ্য যে, ২০২১ চনৰ ১৭ ডিচেম্বৰত মুক্তি পোৱা প্ৰথম খণ্ডৰ তিনি বছৰৰ পিচত দ্বিতীয় খণ্ড ছবিগৃহলৈ আহিব ।
"মৈত্ৰী মুভি মেকাৰ্ছ আৰু মুত্তমছেট্টী মিডিয়াই প্ৰযোজনা কৰা এই ছবিখনত আল্লু, ৰশ্মিকা আৰু ফাহাদ ফাচিলে পুষ্পা ৰাজ, শ্ৰীভাল্লী আৰু ভনোৱাৰ সিং শ্বেকাৱতৰ চৰিত্ৰত পুনৰ অভিনয় কৰিব ।"
প্ৰথম খণ্ডত তেওঁৰ অভিনয়ৰ বাবে চিনেমাখনৰ মূল নায়ক আল্লু অৰ্জুনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ লাভ কৰে বঁটা । পুষ্পাৰ প্ৰথম খণ্ডত ৰঙা চেণ্ডাৰৰ চোৰাংচোৱাগিৰিৰ পটভূমিত ক্ষমতাৰ কাজিয়া প্ৰদৰ্শন কৰা হৈছিল ।

