ৰঙাপৰাত পৰিত্যক্ত অৱস্থাত হৰ ঘৰ নল, হৰ ঘৰ জল আঁচনি - Jal Jeevan Mission Assam
Failure of Jal Jeevan Mission : ৰঙাপৰাত একপ্ৰকাৰ ভেঁকোভাওনাত পৰিণত জল জীৱন মিছন আঁচনি ৷ হাবি-জংঘলৰে আগুৰি ধৰিছে নৱনিৰ্মিত পানী যোগান আঁচনি । পঢ়ক সবিশেষ খবৰ...

Published : June 18, 2024 at 1:04 PM IST
ৰঙাপৰা, 18 জুন: দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এখন কল্য়াণকামী আঁচনিৰ ফোঁপোলা স্বৰূপ উন্মোচিত হৈছে ৰঙাপৰাবাসীৰ আগত ৷ যিখন আঁচনিক জনা যায় জল জীৱন মিছন আঁচনি হিচাপে ৷ এই আঁচনিৰ লক্ষ্য হৈছে প্ৰতিঘৰ মানুহক বিশুদ্ধ খোৱাপানী যোগান ধৰা ৷
পিছে প্ৰকৃতাৰ্থত কিমান সফল হৈছে এই আঁচনি ? প্ৰয়োজন অনুপাতে প্ৰতিঘৰ মানুহক যোগান ধৰিব পাৰিছেনে এটোপাল বিশুদ্ধ খোৱাপানী ? তেনে বহু প্ৰশ্নৰে উত্তৰ বিচাৰিছে ৰঙাপৰাবাসীয়ে ৷
লগতে পঢ়ক: জল জীৱন মিছন আঁচনিত দুৰ্নীতি, বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ হাহাকাৰ - Jal Jeevan Mission Assam
অসমতো বহু অভিলাসী জল জীৱন মিছন আঁচনিৰ নামত ৰাজ্য চৰকাৰৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগটোৱেও ব্যয় কৰি আহিছে লক্ষাধিক টকা ৷ পিছে আন বহু প্ৰান্তৰ দৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰো নাহৰণি ৰিজাৰ্ভ গ্রাণ্ট গাঁও পানী যোগান আঁচনিখনৰ পৰা স্থানীয় ৰাইজে বিশুদ্ধ খোৱাপানী লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
জানিব পৰা অনুসৰি, প্ৰায় দুবছৰ পূৰ্বে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ এক নং সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত ঠিকাদাৰে আঁচনিখনৰ কাম আৰম্ভ কৰিছিল ৷ 2021-22 বৰ্ষত উক্ত পানী যোগান আঁচনিখন ডি কুমাৰ এণ্ড কোম্পানীয়ে 1,30,46,095 টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ দায়িত্ব লৈছিল ৷ এই আঁচনিৰ অধীনত প্ৰায় 280 টা পৰিয়ালে খোৱাপানী লাভ কৰাৰ কথা আছিল ৷ কিন্তু আজিকোপতি প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আধৰুৱা হৈ ৰোৱাত সম্প্ৰতি ইয়াক হাবি-জংঘলে আগুৰি ধৰিছে ।
লগতে পঢ়ক: খোৱাঙত জল জীৱন মিছন আঁচনিৰ আৰম্ভণিতেই লাগিল কেনা - Jal Jeevan Mission Assam
2019 চনত দেশৰ 73 সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা অনুসৰি, 2024 চনৰ ভিতৰত দেশৰ বিশেষকৈ গ্ৰামাঞ্চলৰ প্ৰতি ঘৰ পৰিয়ালক নল সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা হ’ব ৷ পিছে প্ৰধানমন্ত্ৰীৰ এই ঘোষণা ঘোষণাই হৈ ৰ’ল ৷
দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকালত অধিষ্ঠিত হোৱাৰ পিছতো কিন্তু ৰঙাপৰাৰ নাহৰণি ৰিজাৰ্ভ গ্রাণ্ট গাঁওবাসীয়ে এটোপাল বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
ইফালে বিভাগীয় কৰ্তৃপক্ষই আঁচনিখনৰ জৰিয়তে অঞ্চলবাসী উপকৃত হোৱা বুলি ঢাক-ঢোল বজাইছে যদিও স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি তেওঁলোকে এতিয়ালৈকে এগিলাছো পানী তাৰ পৰা লাভ কৰা নাই ৷ ইয়াৰ মূলতে হৈছে কোম্পানীটোৱে আঁচনিৰ অধীনত অঞ্চলটোত পাইপসমূহ বহুৱালে সঁচা, কিন্তু ইয়াত সংযোগ নকৰিলে কোনোধৰণৰ নল ৷
সেয়ে স্থানীয় ৰাইজে ৰাজ্য চৰকাৰৰ বিয়াগোম বিভাগটোক অভিলাসী আঁচনিখন এনেদৰে জহি-খহি যাবলৈ নিদি তাত তেওঁলোকৰ হস্তক্ষেপ দাবী কৰিছে ৷ লগতে নিৰ্মাণৰত কোম্পানীটোৰ পাল মৰা কামৰ বাবে ব্লেকলিষ্ট কৰাৰো দাবী উত্থাপন কৰে ৷

