ETV Bharat / state

বড়োলেণ্ড অতিথিগৃহত বিজেপি-অগপ-ইউপিপিএলৰ যৌথ বৈঠক - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 5:53 PM IST

Assam Lok Sabha polls 2024: সমাগত লোকসভা নিৰ্বাচনক লৈ ৰণকৌশল প্ৰস্তুত ব্যস্ত বিজেপি মিত্ৰজোঁটৰ প্ৰস্তুতি তুংগত ৷ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত শনিবাৰে গুৱাহাটীৰ বড়োলেণ্ড অতিথিগৃহত অগপ-বিজেপি-ইউপিপিএলৰ মুখপাত্ৰ, পেনেলিষ্টসকল আৰু সংবাদ বিভাগৰ কৰ্মকৰ্তাসকল এক বৈঠকত মিলিত হয় ।

Lok Sabha Election 2024
বিজেপি, অগপ আৰু ইউপিপিএলৰ যৌথ বৈঠক

বিজেপি, অগপ আৰু ইউপিপিএলৰ যৌথ বৈঠক

গুৱাহাটী, ৩০ মাৰ্চ: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আজি অৰ্থাৎ শনিবাৰে গুৱাহাটীৰ বড়োলেণ্ড অতিথিগৃহত বিজেপি, অগপ আৰু ইউপিপিএলৰ মুখপাত্ৰ, পেনেলিষ্টসকল আৰু সংবাদ বিভাগৰ কৰ্মকৰ্তাসকলৰ এখন যৌথ সভা অনুষ্ঠিত হয় । সভাত সভাপতিত্ব কৰে ইউপিপিএলৰ নেতা ৰঞ্জিত বসুমতাৰীয়ে । আভ্যন্তৰীণ সভাখনত দলৰ বিভিন্ন বিষয় আৰু লোকসভা নিৰ্বাচনৰ ৰণকৌশলসমূহে স্থান পায় । অসমৰ বাক্সা, দৰং আৰু ওদালগুৰি জিলাৰ বাহিৰে আন জিলাসমূহৰ মুখপাত্ৰ, পেনেলিষ্টসকল আৰু সংবাদ বিভাগৰ কৰ্মকৰ্তাসকল উক্ত বৈঠকত উপস্থিত থাকে ।

সভাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ মুখ্য মুখপাত্ৰ মনোজ বৰুৱাই কয়, "বিৰোধী ৰাজনৈতিক দলসমূহে কেৱল মাত্ৰ মিথ্যাচাৰৰ জৰিয়তে জনসাধাৰণৰ কাষৰ চাপিব বিচাৰিছে ৷ এটা ভিত্তিহীন, তথ্যহীন বক্তব্যৰে শাসকীয় দলৰ বিৰুদ্ধে বিভিন্ন অপ্ৰচাৰ চলায় আছে । আমি বিজেপিৰ উন্নয়নৰ ছবি ৰাইজৰ মাজলৈ লৈ যাম । ইয়াৰ বাবে মিত্ৰদলৰ সকলোৱে যৌথভাবে কাম কৰিব ।‌" জনসাধাৰণৰ কাষৰ চাপিব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁলোকে চৰকাৰৰ ৰিপৰ্ট কাৰ্ড লৈ জনসাধাৰণৰ কাষ চপাৰ কথা ব্যক্ত কৰে বৰুৱাই ।

ইপিনে অগপৰ সাধাৰণ সম্পাদক সুনীল ডেকাই কয়, মিত্ৰদলৰ সকলোৰে এটা সমষ্টি হিচাপে দল গঠন কৰা হৈছে । সকলোৱে টীম হিচাপে যৌথভাবে সকলো লোকসভা সমষ্টিতে নিৰ্বাচনী কাম কাজ চলায় নিব । আনহাতে ইউপিপিএলৰ নেতা ৰঞ্জিত বসুমতাৰীয়ে কয়, "সভাত যৌথভাবে কাম কৰাৰ বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । আমাৰ দলে সকলো সমষ্টিতে মিত্ৰদলৰ লগত থাকি টীম হিচাপে নিৰ্বাচনী কাম-কাজ চলাব ।"

লগতে পঢ়ক: অগপ-বিজেপি-ইউপিপিএলে একেলগে চলাব প্ৰচাৰ: বাজপেয়ী ভৱনত হ’ল সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.