ETV Bharat / state

অগপ-বিজেপি-ইউপিপিএলে একেলগে চলাব প্ৰচাৰ: বাজপেয়ী ভৱনত হ’ল সিদ্ধান্ত

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 5:58 PM IST

Assam Lok Sabha polls 2024: আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিজেপি মিত্ৰজোঁটৰ প্ৰস্তুতি তুংগত ৷ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত অগপ-বিজেপিৰ শীৰ্ষ নেতৃত্ব এক বৈঠকত মিলিত হয় । এই বৈঠকত আগন্তুক নিৰ্বাচনক লৈ অগপ,‌ বিজেপি আৰু ইউপিপিএলৰ ৰোডমেপ প্ৰস্তুত কৰা হয় ৷

Assam Lok Sabha polls 2024
অগপ-বিজেপি-ইউপিপিএলে একেলগে চলাব প্ৰচাৰ

অগপ-বিজেপি-ইউপিপিএলে একেলগে চলাব প্ৰচাৰ

গুৱাহাটী, ১৮ মাৰ্চ: লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটীৰ বাজপেয়ী ভৱনত সোমবাৰে বিজেপি-অগপৰ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । অগপৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হয় বিজেপি নেতৃত্ব । নিৰ্বাচনক লৈ উমৈহতীয়া ৰণ কৌশল সন্দৰ্ভত এই বৈঠকত আলোচনা হয় । বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি‌ ভৱেশ কলিতা, পবিত্ৰ মাৰ্ঘেৰিটা, অগপৰ সভাপতি অতুল‌ বৰা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদি নেতৃবৰ্গ উপস্থিত আছিল ।

বৈঠকৰ অন্তত বিজেপিৰ সভাপতি ভৱেশ কলিতাই এক সংবাদমেল সম্বোধন কৰি মিত্ৰজোঁটৰ ১৪জন প্ৰাৰ্থীৰ হৈ একেলগে প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে ৷ তেওঁ লগতে অসমৰ ৰাইজে মিত্ৰগোষ্ঠীক আশীৰ্বাদ কৰিব বুলি আশা ব্যক্ত কৰি বিকাশৰ বাৰ্তা লৈ আমি ৰাইজৰ ওচৰত ভোট বিচাৰি যোৱাৰ কথা উল্লেখ কৰে ।

তেওঁ আজি বৈঠকত বিজেপি, অগপ আৰু ইউপিপিএলৰ মাজত মাজত নিৰ্বাচনক লৈ ৰোডমেপ তৈয়াৰ কৰাৰ কথাও জানিবলৈ দিয়ে ৷ এই ৰোডমেপ মতে সকলোৱে পৰিকল্পনা কৰি নিৰ্বাচনত জয়ী হোৱাৰ বাবে আগবাঢ়ি যাব বুলি তেওঁ মন্তব্য কৰে । ইফালে এই বৈঠকৰ পাচত অগপৰ সভাপতি অতুল‌ বৰাই 'X' ত পোষ্ট কৰি এই বৈঠকৰ বিষয়ে উল্লেখ কৰা ৷

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপি আৰু অগপৰ যৌথ প্ৰচাৰৰ বাবে ফলপ্ৰসূ কৌশল প্ৰণয়ন কৰাই এই বৈঠকৰ মূল লক্ষ্য আছিল বুলি বৰাই তেওঁৰ পোষ্টটোত উল্লেখ কৰে ৷ তেওঁ লগতে কয়, "এন ডি এ মিত্ৰজোঁটৰ অবিচ্ছেদ্য অংগ হিচাপে অগপই এন ডি এৰ প্ৰাৰ্থীসকলক সমৰ্থন পুনৰ দৃঢ় কৰাৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰচাৰৰ পদক্ষেপত সক্ৰিয়ভাৱে জড়িত হোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । এই বৈঠকত বিজেপি আৰু অগপ উভয়ৰে জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ অংশগ্ৰহণৰ সাক্ষী হৈ উঠে, যিয়ে উন্নয়নৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ লগতে অসমবাসীক অধ্যৱসায়ীভাবে সেৱা আগবঢ়োৱাৰ বাবে আমাৰ সামূহিক নিষ্ঠাৰ ইংগিত দিয়ে ।"

লগতে পঢ়ক: চৰকাৰে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ কংগ্ৰেছ অৰু তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.