হিমন্ত বিশ্ব শৰ্মাই অগপত যোগদান কৰিব নেকি ! কিয় ক'লে জীতেন্দ্ৰ সিঙে ? - Lok Sabha Election 2024
Congress Assam in-charge Jitendra Singh: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অগপত যোগদান কৰাৰ ইংগিত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ ৷ শৰ্মাৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগৰ বাবে বিজেপিয়ে মুখ্যমন্ত্ৰী সলনি কৰাৰ পৰিকল্পনা কৰাৰ বাবেই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অগপত যোগদান কৰি পৰৱৰ্তী সময়ত দলটোৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে বুলি মন্তব্য জীতেন্দ্ৰ সিঙৰ ৷

Published : April 8, 2024 at 8:16 PM IST
গুৱাহাটী, ৮ এপ্ৰিল: বিভিন্ন সময়ত বিভিন্ন দুৰ্নীতিৰ অভিযোগ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি দিব নেকি ? হিমন্ত বিশ্ব শৰ্মাই অগপত যোগদান কৰিব নেকি ? এনে কেতবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে । গুৱাহাটীৰ হোটেল লিলিত সিঙে সোমবাৰে এক সংবাদমেল সম্বোধন কৰি শৰ্মাই অগপত যোগদান কৰাৰ ইংগিত দি কয়- "মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত শেহতীয়াকৈ ১৬ হাজাৰজনে অগপ দলৰ সদস্য পদ গ্ৰহণ কৰিছে । এয়া আচলতে কিহৰ ইংগিত । কাৰণ শৰ্মাৰ বিৰুদ্ধে বহুতো দুৰ্নীতিৰ অভিযোগ আছে । যাৰ বাবে বিজেপিয়ে শৰ্মাক বেলেগ পথ দেখুৱাব পাৰে । মুখ্যমন্ত্ৰী সলনি কৰিব পাৰে । গতিকে মুখ্যমন্ত্ৰীয়ে অগপত যোগদান কৰি পৰৱৰ্তী সময়ত অগপ দলৰ পৰা পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে নেকি ?"
ইপিনে মুখ্যমন্ত্ৰী শৰ্মাই শেহতীয়াকৈ ৰাজীৱ ভৱন বিজেপিৰ শাখা হ’ব বুলি কৰা মন্তব্য সন্দৰ্ভত সিঙে কয়- " শৰ্মাই মানসিক ভাৰসাম্য হেৰুৱাইছে । তেওঁ মুখ্যমন্ত্ৰীৰ দৰে ভাল পদত আছে । পদৰ গৰিমা ৰাখিব লাগে । আচলতে শৰ্মাৰ মানসিকতা বেয়া হৈছে । যাৰ বাবে তেওঁ এনেধৰণৰ তৰল মন্তব্য কৰি আছে । "
আনহাতে কংগ্ৰেছৰ ন্যায় পত্ৰক নৰেন্দ্ৰ মোদীয়ে সমালোচনা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া দি সিঙে কয়- "মোদীয়ে যি প্ৰতিক্ৰিয়া দিছে সেয়া তেওঁৰ তৰল চিন্তাক প্ৰতিফলিত কৰিছে । তেওঁ ধৰ্মক লৈ ৰাজনীতি কৰে । তেওঁৰ চিন্তা অতি ঠেক । মানুহক মৌলিক বিষয়ৰ পৰা আতঁৰাই ৰখাৰ বাবে মোদীয়ে অতি তৰল কথা কয় ।"
সংবাদমেলত সিঙে কংগ্ৰেছৰ ন্যায় পত্ৰৰ বিষয়ে উল্লেখ কৰি কয় যে সকলো বিষয়তে এইখন চৰকাৰ ব্যৰ্থ হৈছে । দেশত ৪০ শতাংশ নিৱনুৱা সমস্যা আছে । বিমুদ্ৰাকৰণৰ ফলত দেশৰ যথেষ্ট ক্ষতি হৈছে । তেওঁ কয় যে বিজেপি কৃষকবিৰোধী চৰকাৰ । জি এছ টিয়ে ক্ষুদ্ৰ ব্যৱসায়ীক ক্ষতিগ্ৰস্ত কৰিছে ।
তেওঁ কয় যে ২০১৪ চনৰ পৰা ২০২২ চনলৈ এন চি আৰ বিৰ তথ্য মতে দেশত মহিলাৰ বিৰুদ্ধে ৩১ শতাংশ অপৰাধজনিত ঘটনা বৃদ্ধি হৈছে । অনুসুচিত জাতিৰ বাবে থকা বহুত খালী পদ আজিলৈকে পূৰণ কৰা নহ'ল । দেশৰ স্বাধীন সংস্থাবোৰৰ অধিকাৰ হৰণ কৰা হৈছে । বিজেপি চৰকাৰৰ শাসনত ৯৫ শতাংশ গোচৰ অকল বিৰোধীৰ পক্ষ হৈ আছে ।
সংবাদমেলত তেওঁ কয় যে কা ৰ বিৰুদ্ধে কংগ্ৰেছৰ স্থিতি আগৰ দৰে আছে । কংগ্ৰেছ শাসনলৈ আহিলে কা কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব । উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাত বনুৱাৰ মজুৰি বৃদ্ধি কৰা হ'ব । উত্তৰ-পূৰ্বক বিশেষ অধিকাৰ পুনৰ আৰম্ভ কৰা হ'ব ।
লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ কাষতে থকা মন্ত্ৰীৰ পদ দিয়া হ’ব গৌৰৱ গগৈক: জীতেন্দ্ৰ সিং - Lok Sabha Election 2024

