ETV Bharat / politics

প্ৰধানমন্ত্ৰীৰ কাষতে থকা মন্ত্ৰীৰ পদ দিয়া হ’ব গৌৰৱ গগৈক: জীতেন্দ্ৰ সিং - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 10:52 PM IST

JITENDRA SINGH ON GAURAV GOGOI
গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ জীতেন্দ্ৰ সিং

Gaurav Gogoi: গৌৰৱ গগৈক প্ৰধানমন্ত্ৰীক কাষতে থকা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ স্থানত চাবলৈ বিচাৰে জীতেন্দ্ৰ সিঙে ৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ক’লে যে কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’লে গৌৰৱ গগৈক এক গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব ৷

গৌৰৱ গগৈৰ প্ৰশংসাত পঞ্চমুখ জীতেন্দ্ৰ সিং

যোৰহাট, 7 এপ্ৰিল: কংগ্ৰেছৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ হ’লে গৌৰৱ গগৈক দেখা যাব এক গুৰুত্বপূৰ্ণ পদত ৷ প্ৰধানমন্ত্ৰীৰ কাষতে থকা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ৰূপত দেখা যাব যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ৷ এই সম্ভাৱনা ব্যক্ত কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে ৷

উল্লেখ্য যে দেওবাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জীতেন্দ্ৰ সিঙে ১৪ নম্বৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা ইণ্ডি মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ যোৰহাটৰ পশ্চিম লোহাহুইলাৰ চাহ বাগিচাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে ৷

জীতেন্দ্ৰ সিঙে কয়, ‘‘গৌৰৱ গগৈ কেৱল অসমৰে নহয়, দেশৰ ৰাজনীতিৰ এক উজ্জ্বল প্ৰতিভা । যদিহে ইণ্ডি মিত্ৰজোঁটে কেন্দ্ৰত চৰকাৰ গঠন কৰে, গৌৰৱ গগৈক এক গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ পদত ৰখা হ'ব ।’’ তেওঁ কয় যে অসমৰ উন্নয়নৰ বাবে গৌৰৱ গগৈৰ দৰে নেতাক জয়ী কৰোৱাটো অতি প্ৰয়োজনীয় । গৌৰৱ গগৈক অসমৰ কণ্ঠ হিচাবে আখ্যা দি জীতেন্দ্ৰ সিঙে সংসদত গৌৰৱ গগৈৰ বলিষ্ঠ ভুমিকাক প্ৰশংসা কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

গৌৰৱ গগৈক এক উচ্চ আসনত চাব বিচৰা বুলি উল্লেখ কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ কাষতে থকা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ৰূপত গৌৰৱ গগৈক তেওঁ চাবলৈ বিচাৰে ৷

গৌৰৱ গগৈৰ কাষত কেৱল অসমৰে নহয়, সমগ্ৰ দেশৰ কংগ্ৰেছ কৰ্মী থকা বুলি মন্তব্য কৰে জীতেন্দ্ৰ সিঙে ৷ জীতেন্দ্ৰ সিঙে কয় যে অসম চৰকাৰৰ সকলো মন্ত্ৰী হেলিকপ্টাৰ লৈ যোৰহাটত বহি লৈছে ৷ যোৰহাটৰ আসনখনক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কিয় ইমান ভয় খাইছে বুলিও কংগ্ৰেছ জ্যেষ্ঠ নেতাগৰাকীয়ে প্ৰশ্ন কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’লে লুৰীণজ্যোতি গগৈক মন্ত্ৰিত্ব দিয়াৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.