ETV Bharat / politics

কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’লে লুৰীণজ্যোতি গগৈক মন্ত্ৰিত্ব দিয়াৰ আহ্বান - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 8:49 PM IST

JITENDRA SINGH IN MORAN
ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ সৈতে জীতেন্দ্ৰ সিঙৰ প্ৰচাৰ

Lurinjyoti Gogoi: কংগ্ৰেছৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ হ’লে লুৰীণজ্যোতি গগৈক মন্ত্ৰিত্ব দিয়াৰ আহ্বান অখিল গগৈক ৷ জীতেন্দ্ৰ সিঙক জনালে এই আহ্বান ৷ জীতেন্দ্ৰ সিঙৰ মতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে ৰিম’ৰ্টতহে সৰ্বানন্দ সোণোৱালে উঠা-বহা কৰে ৷

ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈৰ সৈতে জীতেন্দ্ৰ সিঙৰ প্ৰচাৰ

ডিব্ৰুগড়, 7 এপ্ৰিল: কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হ’লে লুৰীণজ্যোতি গগৈক মন্ত্ৰিত্ব দিয়াৰ আহ্বান ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙক এই আহ্বান অখিল গগৈৰ ৷ একেখনত মঞ্চত ভূপেন বৰা, জীতেন্দ্ৰ সিং আৰু লুৰীণজ্যোতি গগৈৰ উপস্থিতিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাগৰাকীক এই আহ্বান জনালে অখিল গগৈয়ে ৷

উল্লেখ্য যে দেওবাৰে মৰাণত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ প্ৰচাৰ চলালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে ৷ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ভাষণ প্ৰসংগত প্ৰশ্ন কৰে যে সৰ্বানন্দ সোণোৱালে অসমৰ কাৰণে কি কৰিলে? নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে ৰিম’ৰ্ট টিপিলেই সৰ্বানন্দ সোণোৱাল ঠিয় হৈ দিয়ে আৰু ৰিম’ৰ্ট টিপিলেই বহি দিয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে সভাত অংশগ্ৰহণ কৰি অখিল গগৈয়ে কয় যে সৰ্বানন্দ সোণোৱালে কেৱল ল’বহে জানে, দিব নাজানে ৷ সৰ্বানন্দ সোণোৱাল আটাইকৈ বেছি চান্দা মাষ্টৰ বুলি অভিহিত কৰি অখিল গগৈয়ে কয় যে বিদেশী খেদিম বুলি সোণোৱালে গোটেই জীৱন চান্দা তুলি খালে ৷

আনহাতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি ভূপেন বৰাই কয়, ‘‘আপোনাৰ নেতৃত্বত অসম চুক্তিৰ আত্মাক হত্যা কৰা হৈছিল ৷ অসম চুক্তিক বচাবলৈ যোৱা 5 গৰাকী অসম সন্তানক আপোনাৰ নেতৃত্বত পুলিচে গুলীয়াই ছহিদ কৰিছিল ৷’’

ইফালে মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত বিৰোধী ঐক্য মঞ্চৰ নিৰ্বাচনী সভাখন অনুষ্ঠিত কৰিবলৈ প্ৰশাসনে অনুমতি নিদিলে বুলি অভিযোগ উত্থাপিত হৈছে ৷ প্ৰখৰ ৰ'দৰ মাজতে সহস্ৰাধিক ৰাইজৰ আগত ভাষণ প্ৰদান কৰিলে প্ৰতিগৰাকী নেতাই ৷ যাৰ ফলত চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অখিল গগৈ আৰু ভূপেন বৰা ।

ভূপেন বৰাই কয়, ‘‘বিৰোধী ঐক্যলৈ বিজেপিয়ে ভয় কৰিছে ৷ সেয়ে ৰাজহুৱা প্ৰেক্ষাগৃহ এৰি নিদিলে । গাড়ী মালিকসকলক বিজেপিৰ মন্ত্ৰীয়ে ফোন কৰি মানুহ নানিবলৈ অনুৰোধ কৰিছে । আঁ‌চনি কাটি দিম বুলি কৈছে । এয়াই বিজেপিৰ নীতি ৷’’

লগতে পঢ়ক: বিৰোধী ঐক্য মঞ্চৰ সৈতে একেলগে কাম কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী গণমঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.