বিৰোধী ঐক্য মঞ্চৰ সৈতে একেলগে কাম কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী গণমঞ্চৰ - INDI Alliance in assam
INDI Alliance in Assam : কংগ্ৰেছ নেতৃত্বৰ দ্বাৰা গঠিত বিৰোধী ঐক্য মঞ্চত দেওবাৰে যোগ দিলে সোণোৱাল কছাৰী গণমঞ্চই । উজনি অসমৰ 5 টা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ চাৰিগৰাকী প্ৰাৰ্থী ক্ৰমে গৌৰৱ গগৈ, ৰ'জলীনা তিৰ্কী, উদয়শংকৰ হাজৰিকা আৰু প্ৰেমলাল গঞ্জুক সমৰ্থন জনাব সোণোৱাল কছাৰী গণমঞ্চই । বিৰোধী ঐক্য মঞ্চৰ হৈ একেলগে কাম কৰাৰ সিদ্ধান্ত গণমঞ্চৰ ।

Published : April 7, 2024 at 2:16 PM IST
গুৱাহাটী, 7 এপ্ৰিল: বেয়াৰ মাজতে বিৰোধী শিবিৰৰ বাবে বিশেষকৈ কংগ্ৰেছৰ বাবে ভাল খবৰ । বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যৰে কংগ্ৰেছৰ নেতৃত্বত 16 টাকৈ বিৰোধী ৰাজনৈতিক দলে গঠন কৰা বিৰোধী ঐক্য মঞ্চত যোগ দিলে সোণোৱাল কছাৰী গণমঞ্চই । দেওবাৰে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ হয় সোণোৱাল কছাৰী গণমঞ্চ ।
বিগত সময়ত সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা আঞ্চলিক দলটোৰ ৰাজ্যিক সমিতিয়ে দেওবাৰে গোপাল সোণোৱালৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভূপেন বৰাৰ সৈতে এক আলোচনাত মিলিত হয় । এই আলোচনাৰ অন্তত দলটোৱে উজনি অসমৰ 5 টা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ 4 গৰাকী প্ৰাৰ্থী ক্ৰমে গৌৰৱ গগৈ, ৰ'জলীনা তিৰ্কী, উদয়শংকৰ হাজৰিকা আৰু প্ৰেমলাল গঞ্জুক সমৰ্থন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে, আজিৰে পৰা দলটোৱে আনুষ্ঠানিকভাৱে বিৰোধী ঐক্য মঞ্চৰ অংশীদাৰ হৈ একেলগে কাম কৰাৰ সিদ্ধান্ত লয় । নিঃসন্দেহে বিৰোধী ঐক্য মঞ্চৰ বাবে এয়া ভাল খবৰ । উজনিৰ বহু কেইটা বিধানসভা সমষ্টিত সোণোৱাল কছাৰী গণমঞ্চৰ শক্তিশালী ভেঁটি আছে । অৱশ্যে লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চই কিমান দূৰ ইয়াৰ সুফল লাভ কৰিব সেয়া সময়েহে ক'ব ।
লক্ষণীয় বিষয় যে, সংখ্যাৰ হিচাপত বিৰোধী ঐক্য মঞ্চত 16 টা ৰাজনৈতিক দল আছে যদিও কাৰ্যক্ষেত্রত ইয়াৰ প্ৰতিফলন পৰিলক্ষিত হোৱা নাই । কাৰণ বিৰোধী ঐক্য মঞ্চত থাকিও কেইবাটাও দলে নিজাববীয়াকৈ প্ৰাৰ্থী দিছে । কথা আছিল প্ৰতিটো সমষ্টিত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী দিয়া । কিন্তু বাস্তৱত সেয়া নহ'ল ।
কংগ্ৰেছ দলে 13 টা সমষ্টিত নিজা প্ৰাৰ্থী দি এটা সমষ্টি ডিব্ৰুগড়, মিত্রদল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক এৰি দিয়াত বিৰোধী ঐক্য মঞ্চত অসন্তুষ্টিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । ফলত বৰ্তমান সময়ত নামতহে আছে বিৰোধী ঐক্য মঞ্চ । ইয়াৰ লগতে, আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ, চি পি আই এম, চি পি আই দলেও সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ।
কেইবাটাও সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ কেইবাগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে । যিটো প্ৰকৃততে বিৰোধী ঐক্য মঞ্চৰ সিদ্ধান্ত নাছিল । একমাত্র ডিব্ৰুগড় সমষ্টিতহে লুৰীণজ্যোতি গগৈৰ প্ৰাৰ্থিত্বক বিৰোধী ঐক্য মঞ্চৰ সকলো দলে সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে । বাকী সমষ্টিসমূহত মনোমালিন্য পৰিলক্ষিত হৈছে ।
ইফালে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্রতো বিৰোধী ঐক্য মঞ্চৰ একতা পৰিলক্ষিত হোৱা নাই । কেৱল ৰাইজৰ দলহে বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী বিশেষকৈ লুৰীণজ্যোতি গগৈ আৰু কংগ্ৰেছ আন প্ৰাৰ্থীসকলৰ সমৰ্থনত ওলাই অহা দেখা গৈছে। বিশেষকৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ব্যাপক প্ৰচাৰ অভিযানত অৱতীৰ্ণ হৈছে । বৰ্তমান সময়ত বিৰোধী শিবিৰত নামতেহে 16 টা দল আছে ।
অৱশ্যে তাৰে মাজতে কংগ্ৰেছৰ বাবে ভাল খবৰ যে বিৰোধী শিবিৰক সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে আগবাঢ়ি আহিছে সোণোৱাল কছাৰী গণমঞ্চ ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ এটাই চিন্তা ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব : ভূপেন বৰা - Lok sabha Election 2024

