আজি ইভিএমত বন্দী হ’ব 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ! কোন কোন সেইসকল ৰথী-মহাৰথী - lok sabha election 2024
Lok Sabha Election 2024: অসমত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিত ভোটগ্ৰহণ ৷ প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিত অৱতীৰ্ণ হৈছে 35 গৰাকী প্ৰাৰ্থী ৷ স্বতঃস্ফুৰ্ত অংশগ্ৰহণ পৰিলক্ষিত হৈছে পাঁচোটা সমষ্টিতে ৷

Published : April 19, 2024 at 10:19 AM IST
গুৱাহাটী, 19 এপ্ৰিল: ৰাজ্যত পাঁচটা লোকসভা সমষ্টিত শুকুৰবাৰৰ পুৱা 7 বজাৰ পৰা অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ইতিমধ্যে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে স্বতঃস্ফুৰ্তভাবে ওলাই আহিছে ভোটাৰ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ 35 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ 38 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও দুজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছিল ।
আনহাতে এজনে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিল । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা 35 গৰাকী প্ৰাৰ্থীৰ আজি ভাগ্য নিৰ্ণয় হ'ব ।
কোন সমষ্টিত কোন প্ৰাৰ্থী :
কাজিৰঙা লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 11 গৰাকী প্ৰাৰ্থীয়ে
বিজেপিৰ কামাখ্যা প্রসাদ তাছা
কংগ্ৰেছৰ ৰ'জলীনা তির্কী
ভোটাৰ্ছ পার্টি ইন্টাৰনেশ্যনেলৰ অনিমা ডেকা গুপ্তা
অসম জন মৰ্চাৰ চেলিম আহমেদ
ৰিপাব্লিকান পার্টি অৱ ইণ্ডিয়াৰ (আঠাৱালে) ছালেহ আহমেদ মজুমদাৰ
ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ
নিৰ্দলীয় আব্দুল হ’ক
নির্দলীয় জ্যোতিষ্ক ৰঞ্জন গোস্বামী
নির্দলীয় নিদীৱ জ্যোতি ভূঞা
নির্দলীয় দিলোৱাৰ বেগম চৌধুৰী
নিৰ্দলীয় বিনোদ গগৈ
শোণিতপুৰ লোকসভা সমষ্টিত অৱতীৰ্ণ 8 গৰাকী প্ৰাৰ্থী :
কংগ্ৰেছৰ প্ৰেমলাল গঞ্জু
বিজেপিৰ ৰঞ্জিত দত্ত
আম আদমী পাৰ্টিৰ ঋষিৰাজ কৌণ্ডিন্য
বি পি এফৰ ৰাজু দেউৰী
বহুজন মহা পাৰ্টিৰ আলম আলী
ভোটাৰ্ছ পার্টি ইন্টাৰনেশ্যনেলৰ ৰামেশ্বৰ স্বৰ্গীয়াৰী
গণ সুৰক্ষা পাৰ্টিৰ ৰিংকু ৰয়
নিৰ্দলীয়ৰ প্ৰদীপ ভাণ্ডাৰী
লখিমপুৰ লোকসভা সমষ্টিত অৱতীৰ্ণ 9 গৰাকী প্ৰাৰ্থী :
কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকা
বিজেপিৰ প্ৰদান বৰুৱা
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ ঘন কান্ত চুতীয়া
কমিউনিষ্ট পার্টি অৱ ইণ্ডিয়াৰ ধীৰেণ কছাৰী
ছ'চিয়েলিষ্ট ইউনিটি চেন্টাৰ অৱ ইণ্ডিয়াৰ (কমিউনিষ্ট) পল্লৱ পেগু
ভোটাৰ্ছ পার্টি ইন্টাৰনেশ্যনেলৰ বীৰেণ বাইলুং
নিৰ্দলীয় গোবিন বিশ্বকর্মা
নির্দলীয় দেৱ নাথ পাইট
নিৰ্দলীয় বিক্ৰম ৰামচিয়াৰী
ডিব্ৰুগড় লোকসভা সমষ্টিত ৩ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্রতিদ্বন্দ্বিতা:
বিজেপিৰ সৰ্বানন্দ সোণোৱাল
অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈ
আম আদমী পার্টিৰ মনোজ ধানোৱাৰ
যোৰহাট লোকসভা সমষ্টিত অৱতীৰ্ণ ৪ গৰাকী প্ৰাৰ্থী :
কংগ্ৰেছৰ গৌৰৱ গগৈ
বিজেপিৰ তপন কুমাৰ গগৈ
একম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈ
নিৰ্দলীয় ৰাজ কুমাৰ দুৱৰা
লগতে পঢ়ক: আজি অসমৰ ৫ সমষ্টিত ভোটগ্ৰহণ, ৩৫ প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় কৰিব প্ৰায় ৮৭ লাখ ভোটাৰে

