ETV Bharat / politics

কামাখ্যা প্ৰসাদ তাছাক ভোট নিদিবলৈ আহ্বান আনলাৰ যুদ্ধবিৰত গোটৰ - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 5:35 PM IST

AANLA against BJP
সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী

Kaziranga Lok Sabha constituency: কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীক মুকলিকৈ সমৰ্থন সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী চমুকৈ আনলাৰ । আদিবাসী কল্যাণ পৰিষদক চৰকাৰে ফুটাকড়ি এটাও নিদিয়াৰ প্ৰতিবাদত এই সিদ্ধান্ত ।

সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী

গোলাঘাট, ১৬ এপ্ৰিল: প্ৰাপ্য়ৰ পৰা বঞ্চিত হোৱাত ক্ষোভ উজাৰি কাজিৰঙা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আলোচনাপন্থী আদিবাসী উগ্ৰপন্থী সংগঠন । এইবাৰ কামাখ্যা প্ৰসাদ তাছাৰ বিৰোধিতা কৰিছে আলোচনাপন্থী আদিবাসী উগ্ৰপন্থী সংগঠন সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী চমুকৈ আনলাই । আদিবাসীসকলক কৰা প্ৰতাৰণা আৰু আনলাৰে হোৱা চুক্তিৰ দফাসমূহ ৰূপায়ণ নকৰাৰ প্ৰতিবাদত এইবাৰৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক সমৰ্থন নকৰে আনলাৰ যুদ্ধবিৰত গোটে । তাৰ পৰিবৰ্তে কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীক মুকলিকৈ সমৰ্থন দিব আনলাই ।

সোমবাৰে মেৰাপানীৰ চাংখাটি বজাৰত সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিয়ে আনলাৰ সভাপতি জহাকিম এক্কাৰ লগতে এৰিয়া কমাণ্ডাৰ কামিল ডাঙে । আলোচনাপন্থী উগ্ৰপন্থী সংগঠনটোৰ অভিযোগ অনুসৰি ২০২২ত স্বাক্ষৰিত ঐতিহাসিক শান্তি চুক্তিৰ পাচত চৰকাৰে গঠন কৰা আদিবাসী কল্যাণ পৰিষদক আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই ফুটাকড়ি এটাও । তেওঁলোকে প্ৰাপ্য়ৰ বাবে আহ্বান জনাই থকাৰ পিচতো চৰকাৰে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই বুলি কয় ।

তদুপৰি ২০১২ চনতে অস্ত্ৰ সম্বৰণ কৰা প্ৰায় ১৫০০ আনলা কেডাৰৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি ক্ষোভ উজাৰে আনলাৰ সভাপতি জহাকিম এক্কাৰ লগতে এৰিয়া কমাণ্ডাৰ কামিল ডাঙে । সেয়েহে এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আলোচনাপন্থী আনলা গোটটো ।

উল্লেখযোগ্য যে সংগঠনটোৰ সভাপতি জহাকিম এক্কাই এই প্ৰসংগত পুনৰ কয় যে কাজিৰঙা লোকসভা সমষ্টিৰ সমান্তৰালভাৱে ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ দলে প্ৰক্ষেপ কৰা সমষ্টিসমূহতো প্ৰাৰ্থীৰ বিৰোধিতা কৰিব সংগঠনটোৱে ।

লগতে পঢ়ক:কাজিৰঙাত কি ভূমিকা ল'ব সংখ্যালঘু আৰু চাহ বাগিচাৰ ভোটাৰে ? - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.