ETV Bharat / politics

কাজিৰঙাত কি ভূমিকা ল'ব সংখ্যালঘু আৰু চাহ বাগিচাৰ ভোটাৰে ? - Lok Sabha election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 3:32 PM IST

Kaziranga LS seat
LS polls 2024

LS polls 2024: চাহ জনগোষ্ঠীৰ দুই প্ৰতিনিধিৰ মাজত কাজিৰঙা লোকসভা সমষ্টিত হ'ব মূল যুঁজ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত নতুনকৈ হোৱা কাজিৰঙা সমষ্টিত সমুখ সমৰত বিজেপিৰ কামাখ্যা প্ৰসাদ তাছা আৰু কংগ্ৰেছৰ ৰ'জলীনা তিৰ্কী । তিনিগৰাকী মন্ত্ৰী আৰু ৯ গৰাকী বিধায়ক থকা সমষ্টিটোত গেৰুৱা বাহিনীৰ ব্যাপক তৎপৰতা । বহুকেইটা বিধানসভা সমষ্টিত আছে চাহ জনগোষ্ঠীৰ বিশেষ প্ৰাধান্য । পূৰ্বৰ কলিয়াবৰ সমষ্টিত আছিল সংখ্যালঘু ভোটাৰৰ নিৰ্ণায়ক ভূমিকা ।

গুৱাহাটী, ৯ এপ্রিল: সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত নতুনকৈ হোৱা কাজিৰঙা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত অৰ্থাৎ ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব । কাজিৰঙাকে ধৰি প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া পাঁচটা সমষ্টিত এতিয়া নিৰ্বাচনৰ গৰম বতাহ । শাসক-বিৰোধী উভয়ৰে নিৰ্বাচনী প্ৰচাৰ অভিযান সম্প্ৰতি জোৰদাৰ হৈ পৰিছে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাচত গোলাঘাট, নগাঁও আৰু হোজাই জিলাৰ ১০ টা বিধানসভা সমষ্টিক লৈ গঠিত কাজিৰঙা লোকসভা সমষ্টিটোত এইবাৰৰ নিৰ্বাচন যথেষ্ট লক্ষণীয় হ'ব ।

পূৰ্বৰ কলিয়াবৰ আৰু বৰ্তমানৰ কাজিৰঙা লোকসভা সমষ্টিটো সুদীৰ্ঘ সময় কংগ্ৰেছৰ দখলত আছিল । তেনেক্ষেত্ৰত বিৰোধী ঐক্য মঞ্চই বিশেষকৈ কংগ্ৰেছ দলে সমষ্টিটো পুনৰ নিজৰ দখলত ৰখাৰ বাবে পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে । ইফালে শাসকীয় বিজেপি মিত্ৰদলৰ শক্তিয়ে এইবাৰ কাজিৰঙা সমষ্টিটো বিৰোধীৰ পৰা আঁজুৰি আনিবলৈ পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

সমষ্টিটোৰ পৰা শাসকীয় দলৰ প্ৰাৰ্থী হিচাপে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্রসাদ তাছাই প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বিৰোধী কংগ্ৰেছ দল আৰু বিৰোধী ঐক্য মঞ্চৰ হৈ সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তির্কী প্রার্থী হিচাপে অৱতীৰ্ণ হৈছে ।

কাজিৰঙা লোকসভা সমষ্টিটোত শাসকীয় দলে তেওঁলোকৰ প্ৰাৰ্থীগৰাকীক অধিক ভোটত জয়ী কৰাই আনিব পৰাটো এক সন্মানৰ বিষয় হৈ পৰিছে । যাৰ বাবে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ পৰা প্ৰতিনিধিত্ব কৰা শাসকীয় দল আৰু মিত্রদলৰ মন্ত্ৰী-বিধায়কসকল বিশেষভাৱে তৎপৰ হৈ আছে । মন্ত্রী অজন্তা নেওগ, মন্ত্রী কেশৱ মহন্ত আৰু অতুল বৰাৰ লগতে বিধায়ক বিশ্বজিৎ ফুকন, মৃণাল শ‍ইকীয়া, ভৱেন ভৰালী, জিতু গোস্বামী, শিবু মিশ্ৰ, ৰামকৃষ্ণ ঘোষ আদিয়ে দিনে-নিশাই প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ অভিযান চলাই আহিছে ।

প্ৰত্যেকগৰাকী নেতাই নিজ নিজ সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে, ৱাৰ্ডে ৱাৰ্ডে, বুথে বুথে সৰু-বৰ সভাত অংশ গ্ৰহণ কৰি দলীয় কৰ্ম-কৰ্তাসকলৰ লগতে ভোটাৰৰ কাষ চপা পৰিলক্ষিত হৈছে । ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গোলাঘাট আৰু সৰুপথাৰৰ দুই বিশাল জনসভাত অংশ গ্ৰহণ কৰি কামাখ্যা প্ৰসাদ তাছাক তিনি লাখতকৈও অধিক ভোটত জয়ী কৰাবলৈ গোলাঘাট জিলাবাসী ৰাইজক আহ্বান জনাইছে ।

আনহাতে প্ৰাৰ্থী কামাখ্যা প্রসাদ তাছাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজৰ আশীৰ্বাদ বিচৰা পৰিলক্ষিত হৈছে । ইফালে মিত্রদল ইউ পি পি এলৰ মুৰব্বী প্রমোদ বড়োকে ধৰি কেইবাগৰাকী মন্ত্ৰী প্ৰচাৰ কাৰ্যত জড়িত হৈ পৰিছে ।

শাসকীয় দলৰ এনে ব্যাপক তৎপৰতাৰ বিপৰীতে কংগ্ৰেছ তথাবিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীয়েও জোৰদাৰ প্ৰচাৰ অভিযান চলাই আহিছে । সমষ্টিটোৰ বিভিন্ন অঞ্চললৈ গৈ প্ৰাৰ্থীগৰাকীয়ে ৰাইজৰ সমৰ্থন আদায়ৰ প্ৰয়াসত ব্ৰতী হৈ আছে । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন নেতাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়িকা নন্দিতা দাসৰ উপৰি বহুসংখ্যক নেতাই প্ৰচাৰ অভিযানত দিনে-নিশাই লাগি আছে ।

উল্লেখ্য যে কাজিৰঙা লোকসভা সমষ্টিত ১১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । তেওঁলোক হৈছে বিজেপিৰ কামাখ্যা প্রসাদ তাছা, কংগ্ৰেছৰ ৰ'জলীনা তির্কী, ভোটাৰ্ছ পার্টি ইণ্টাৰনেচনেলৰ অনিমা ডেকা গুপ্তা, অসম জন মৰ্চাৰ চেলিম আহমেদ, ৰিপাব্লিকান পার্টী অৱ ইণ্ডিয়াৰ (আঠাৱালে) ছালেহ আহমেদ মজুমদাৰ, ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰ, নিৰ্দলীয় আব্দুল হক, নির্দলীয় জ্যোতিষ্ক ৰঞ্জন গোস্বামী, নির্দলীয় ত্রিদীৱ জ্যোতি ভূঞা, নির্দলীয় দিলোৱাৰ বেগম চৌধুৰী আৰু নিৰ্দলীয় বিনোদ গগৈ ।

সমষ্টিটোত ১১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হ'ব বুলি ধাৰণা কৰা হৈছে । ইফালে বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দুয়োগৰাকীয়ে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে । তেনেস্থলত চাহ জনগোষ্ঠীৰ দুই প্ৰতিনিধিৰ মাজতেই মূল যুঁজখন হ'ব অনুমান কৰিব পাৰি ।

লক্ষণীয় বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ হোৱা কাজিৰঙা লোকসভা সমষ্টিৰ অধীনত দহটা বিধানসভা সমষ্টি আছে । ইয়াৰ ভিতৰত কলিয়াবৰ, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ নির্ণায়ক ভূমিকা আছে । ইয়াৰে সৰুপথাৰ সমষ্টিত চাহ জনগোষ্ঠীৰ ভোটাৰৰ সংখ্যা প্রায় ৩০ শতাংশ হোৱাৰ বিপৰীতে বোকাখাতত প্ৰায় ২৭ শতাংশ, কলিয়াবৰত ২৭ শতাংশ আৰু খুমটাইত প্রায় ২২ শতাংশ চাহ জনগোষ্ঠীৰ ভোটাৰ আছে ।

আনহাতে, পূৰ্বতে কলিয়াবৰ সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা লৈ আহিছিল যদিও এইবাৰ নতুনকৈ কৰা কাজিৰঙা সমষ্টিত সংখ্যালঘু ভোটাৰৰ পূৰ্বৰ দৰে অধিপত্য নাই । শেহতীয়া ভোটাৰ তালিকা অনুসৰি কাজিৰঙা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২০,৪৮,১৯৭ গৰাকী । ইয়াৰে ১০,২৪,০৬১ জন পুৰুষ আৰু ১০,২৪,১০৩ গৰাকী মহিলা আৰু ৩৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । ২০১৯ চনত কলিয়াবৰ সমষ্টিত মুঠ ভোটাৰ আছিল ১৭,১৩,৬৩৬ গৰাকী । আনহাতে কলিয়াবৰত ভোটদানৰ হাৰ আছিল ৮২.১২ শতাংশ ।

বিগত নিৰ্বাচনত কলিয়াবৰ সমষ্টিত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ৭,৮৬,০৯২ টা ভোট লাভ কৰি জয়ী হৈছিল । তেওঁ লাভ কৰা ভোটৰ হাৰ আছিল ৫৫.১৮ শতাংশ । আনহাতে অগপৰ মণিমাধৱ মহন্তই লাভ কৰিছিল ৫,৭৬,০৯৮ টা ভোট । কলিয়াবৰ সমষ্টিটো কংগ্ৰেছৰ দখলত ১২ বাৰ থকাৰ বিপৰীতে এবাৰ অগপৰ দখলত আছিল ।

এইবাৰ গৌৰৱ গগৈয়ে কলিয়াবৰৰ ঠাইত নতুনকৈ হোৱা কাজিৰঙা সমষ্টিৰ বিপৰীতে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নতুনকৈ গঠন হোৱা কাজিৰঙা সমষ্টিত পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত চাৰিটাকৈ সংখ্যালঘু অধ্যুষিত বিধানসভা সমষ্টি কৰ্তন কৰা হৈছে । সেইকেইটা হৈছে চামগুৰি, ধিং, ৰূপহীহাট আৰু বটদ্ৰৱা সমষ্টি ।

কাজিৰঙাৰ অন্তৰ্গত বিধানসভা সমষ্টি কেইটা হৈছে ক্ৰমে বঢ়মপুৰ, হোজাই, লামডিং, বিন্নাকান্দি, কলিয়াবৰ, গোলাঘাট, দেৰগাঁও, বোকাখাত, খুমটাই আৰু সৰুপথাৰ । প্ৰায় কেইটা সমষ্টিয়ে হৈছে সংখ্যাগুৰু অধ্যুষিত ।

তথাপিও কেইবাটাও সমষ্টিত সংখ্যালঘুৰ প্ৰাধান্য আছে । কাজিৰঙা সমষ্টিটোত বিশেষভাৱে চাহ জনগোষ্ঠীৰ প্ৰভাৱ আছে । যাৰ বাবে শাসক-বিৰোধী উভয়ে চাহ জনগোষ্ঠীৰ প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । উল্লেখ্য যে চাহ জনগোষ্ঠীৰ এটা জাতীয় সংগঠনৰ পৰা আহি ৰাজনৈতিক পথাৰত খোজ দি লোকসভা আৰু ৰাজ্যসভাৰ সাংসদ হোৱা কামাখ্যা প্ৰসাদ তাছা ৰাজনীতিৰ ক্ষেত্রখনত যথেষ্ঠ অভিজ্ঞ ।

ইফালে অসম চাহ মছদুৰ সংঘৰ জ্যেষ্ঠ নেতা আর্কলিয়াছ তিৰ্কীৰ দুহিতা তথা সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়িকা ৰ'জলীনা তির্কীও ৰাজনীতিৰ ক্ষেত্রখনত নতুন নহয় । যাৰ বাবে সমষ্টিটোত নিৰ্বাচনী যুঁজখন যথেষ্ট প্ৰত্যাহ্বানমূলক হোৱাটো নিশ্চিত । কাজিৰঙা সমষ্টিৰ ৰাইজে কাক নিৰ্বাচন কৰি দিল্লীলৈ পঠাই সেয়া নিৰ্বাচনী ফলাফলতহে জানিব পৰা যাব ।

লগতে পঢ়ক: সন্মুখত নিৰ্বাচন, লখিমপুৰত আভ্যন্তৰীণ সংঘাতে জোকাৰিছে কংগ্রেছক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.