ETV Bharat / entertainment

চি বি আইৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব মৃত অনুজ থাপনৰ মাতৃ - Salman Khan House Firing

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 12:46 PM IST

SALMAN KHAN HOUSE FIRING : আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা অনুজ থাপনৰ মাতৃ ৰীতা দেৱীয়ে তেওঁৰ পুত্ৰৰ মৃত্যুৰ তদন্তৰ বাবে চি বি আইক জোৰ দিয়ে ৷ তেওঁ বোম্বে উচ্চ ন্যায়ালয়ত ন্যায় বিচাৰি আৰু চি বি আইৰ হস্তক্ষেপৰ বাবে আহ্বান জনাই এখন আবেদন দাখিল কৰিছে ৷

Salman Khan House Firing
চি বি আইৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব মৃত অনুজ থাপানৰ মাতৃয়ে (Actor Salman Khan (ANI image))

চিটাৰা ডেস্ক, 5 মে’ : বিগত 14 এপ্ৰিলত বলীউডৰ ছুপাৰষ্টাৰ চলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাত গ্ৰেপ্তাৰ হোৱাৰ পিচত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত মৃত্যু হৈছিল অভিযুক্ত অনুজ থাপনৰ ৷ ইয়াৰ পিচতেই থাপনৰ পৰিয়ালে মৃত্যুৰ তদন্তৰ বাবে বোম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে ।

আৰক্ষীয়ে কয় যে থাপনে কাৰাগাৰৰ ভিতৰত আত্মহত্যা কৰিছিল ৷ ইয়াৰ পিচতে থাপনৰ মাতৃ ৰীতা দেৱীয়ে শুকুৰবাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত আৰক্ষীৰ জটিল ষড়যন্ত্ৰ বুলি কৈ তেওঁৰ পুত্ৰক হত্যা কৰা হৈছিল বুলি দাবী কৰিছিল ৷

মাতৃয়ে উচ্চ ন্যায়ালয়ক তেওঁৰ পুত্ৰৰ মৃত্যুৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ক নিৰ্দেশ দিবলৈ অনুৰোধ কৰিছিল ৷ এই গোচৰটোত দাবী কৰা হৈছিল যে কাৰাগাৰত থাপনক আৰক্ষীয়ে শাৰীৰিকভাৱে আক্ৰমণ আৰু অত্যাচাৰ কৰিছিল । ফলত মাতৃয়ে উচ্চ ন্যায়ালয়ক আৰক্ষী থানাৰ চিচিটিভি ফুটেজ আৰু থাপনক আটক কৰি ৰখা লক-আপৰ চিচিটিভি ফুটেজ পৰীক্ষণ কৰিবলৈ নিৰ্দেশনা দিবলৈও আদালতত আবেদন জনায় ৷

আবেদনকাৰীয়ে যোৱা 24 এপ্ৰিলৰ পৰা 2 মে’লৈ গুলীচালনাৰ ঘটনাৰ তদন্ত কৰি থকা আৰক্ষী কৰ্তৃপক্ষৰ কল ডাটা ৰেকৰ্ডিং (চিডিআৰ) সংগ্ৰহ কৰিবলৈ দাবী উত্থাপন কৰে । পুনৰ নতুনকৈ থাপনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবেও অনুৰোধ কৰে মাতৃয়ে ।

উল্লেখ্য যে ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাৰ বাবে ৰাইফল আৰু গুলী যোগান ধৰাৰ অভিযোগত অভিযুক্ত থাপনক যোৱা 26 এপ্ৰিলত পঞ্জাবত চনু বিষ্ণোইৰ সৈতে একেলগে আটক কৰা হৈছিল । 29 এপ্ৰিলত আৰক্ষীয়ে থাপনকে ধৰি চাৰিওগৰাকী সন্দেহজনক লোকক এখন বিশেষ আদালতত হাজিৰ কৰিছিল ৷

তাৰ পিচতে চাৰি অভিযুক্তক 8 মে’লৈকে আৰক্ষীৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল । ১ মে'ত ক্ৰফৰ্ড মাৰ্কেটৰ কমিছনাৰেট ভৱনৰ অপৰাধ শাখাৰ লক-আপৰ শৌচাগাৰত থাপনক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ।

লগতে পঢ়ক: কি ক’লে মৃত অভিযুক্ত অনুজ থাপানৰ আত্মীয়ই ? - Salman Khan House Firing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.