ETV Bharat / entertainment

কি ক’লে মৃত অভিযুক্ত অনুজ থাপানৰ আত্মীয়ই ? - Salman Khan House Firing

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:56 AM IST

SALMAN KHAN HOUSE FIRING : বলীউডৰ ভাইজানখ্যাত ছলমান খানৰ বাসগৃহৰ বাহিৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ অভিযুক্ত অনুজ থাপনৰ আত্মহত্যাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰাজ্যিক চি আই ডিয়ে ৷ সম্প্ৰতি চি আই ডিয়ে থাপনৰ পৰিয়ালৰ সদস্যসকলৰ পৰা বিবৃতি লিপিবদ্ধ কৰে ৷

Salman Khan House Firing
মৃত অভিযুক্ত অনুজ থাপানৰ আত্মীয়ৰ বিবৃতি ৰেকৰ্ড চি আই ডিৰ (ETV BHARAT ENGLISH)

চিটাৰা ডেস্ক, 5 মে’ : বিগত 1 মে’ত বলীউডৰ অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ গোচৰ অভিযুক্ত অনুজ থাপনৰ মৃতদেহ জেইলৰ ভিতৰত উদ্ধাৰ কৰা হৈছিল ৷ এই ঘটনাক আৰক্ষীয়ে আত্মহত্যা বুলি কৈছিল যদিও পৰিয়ালৰ লোকে মানি লোৱা নাছিল ৷ পৰিয়ালক লোকে থাপনক হত্যা কৰা হৈছিল বুলি দাবী উত্থাপন কৰিছিল ৷

ইয়াৰ পাচতে শেহতীয়াকৈ থাপনৰ আত্মীয়ই চি আই ডিৰ সৈতে সাক্ষাৎ কৰে । থাপানৰ পৰিয়ালে মুম্বাইৰ কাৰাগাৰত থাপনৰ আত্মহত্যাৰ অভিযোগ দাখি কৰি এটা বিবৃতি লিপিবদ্ধ কৰিছিল । ৰাজ্যিক চি আই ডিয়ে শনিবাৰে আৰক্ষীৰ জিম্মাত আত্মহত্যা কৰি মৃত্যু হোৱা অনুজ থাপনৰ পৰিয়ালৰ তিনিজন সদস্যৰ ভাষ্য লিপিবদ্ধ কৰে বুলি এজন বিষয়াই জানিবলৈ দিয়ে ৷

বিষয়াজনে জনোৱা অনুসৰি চি আই ডিয়ে থাপনৰ আত্মীয় বিক্ৰম কুমাৰ, কুলদীপ কুমাৰ আৰু যশৱন্ত সিঙৰ ভাষ্য লিপিবদ্ধ কৰিছে । মৃতদেহটো অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতিৰ বাবে পঞ্জাৱলৈ লৈ যোৱা হ’ব ৷ আটকাধীন শ্বুটাৰক ৰাইফল আৰু গুলী যোগান ধৰাৰ অভিযোগত পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল থাপন (৩২)ক ৷

বুধবাৰ তথা 1 মে’ত মুম্বাই অপৰাধ শাখাৰ কমিছনাৰেট কমপ্লেক্সৰ লক-আপৰ শৌচালয়ৰ ভিতৰত সন্দেহজনক অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ হৈছিল থাপন ৷ 2 মে'ত মৰণোত্তৰ পৰীক্ষাৰ বাবে থাপনৰ মৃতদেহটো জেজে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । তেওঁৰ পৰিয়ালে দাবী কৰিছে যে থাপনক আৰক্ষীয়ে 'হত্যা' কৰিছে ৷ মৃত অভিযুক্তটোৰ ভাতৃ অভিষেক থাপনে কৈছিল যে অনুজে আত্মহত্যা কৰিব নাৱোৰে ৷

উল্লেখ্য যে, যোৱা 14 এপ্ৰিলতল অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত পুৱা গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ৷ দুজন ব্যক্তিয়ে মটৰচাইকেলেৰে আহি ছলমান খানৰ গেলেক্সী এপাৰ্টমেণ্টৰ বাহিৰত চাৰি ৰাউণ্ড গুলীচালনা কৰিছিল আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল । তাৰ পিচতে মুম্বাই অপৰাধ আৰক্ষীয়ে সাগৰ পাল আৰু বিকি গুপ্তা নামৰ দুই শ্বুটাৰৰ লগতে অস্ত্ৰ সৰবৰাহকাৰী চনু সুভাষ চন্দৰ আৰু অনুজ থাপনক আটক কৰিছিল ৷

লগতে পঢ়ক:

গেলেক্সীত গুলীচালনাৰ অভিযুক্তৰ ৰহস্যজনক মৃত্যু, মন্তব্য প্ৰকাশৰ পৰা বিৰত ছলমান খান - Salman Khan

গেলেক্সিত গুলীচালনা; জেলতে মৃত্যু গুলীচালনাকাৰীৰ : হত্যা নে আত্মহত্যা ? - Salman Khan House Firin

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.